নতুন দিল্লী, ২৭ জুনঃ সংসদত কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ । লোকসভা নিৰ্বাচনত বিজেপিৰ বৃহৎ জয়ক সন্দেহ কৰি কংগ্ৰেছে দেশৰ ভোটাৰসকলক অপমান কৰিছে । ৰাষ্ট্ৰপতিক ধন্যবাদ জ্ঞাপন কৰাৰ উদ্দেশ্যৰে কৰা এক বক্তব্যত ৰাজ্যসভাত এই কথা প্ৰকাশ কৰে মোডীয়ে ।
কংগ্ৰেছ মানে দেশ, দেশ মানে কংগ্ৰেছঃ মোডী - Narendra Modi
ৱায়নাড় আৰু ৰায়বেৰেলীৰ জয় দেশৰ বাবে পৰাজয়ঃ মোডী
কংগ্ৰেছ মানে দেশ, দেশ মানে কংগ্ৰেছঃ মোডী
কংগ্ৰেছক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে বিজেপিৰ জয়ক লৈ সন্দেহ প্ৰকাশ কৰাৰ বাবে কংগ্ৰেছ মানে দেশ, দেশ মানে কংগ্ৰেছ নেকি বুলি প্ৰশ্ন উত্থাপন কৰে মোডীয়ে । লগতে, ৱায়নাড় আৰু ৰায়বেৰেলী সমষ্টিত কংগ্ৰেছৰ জয়ো দেশৰ বাবে পৰাজয় বুলিও ক্ষোভ ব্যক্ত কৰে মোডীয়ে । কংগ্ৰেছে প্ৰায়েই ইভিএম সন্দৰ্ভত কৰা মন্তব্যসমূহকলৈও ক্ষোভিত হৈ মোডীয়ে কয় যে কংগ্ৰেছে ইভিএম বিসংগতিৰ কথা কৈ বিজেপিক আক্ৰমণ কৰাৰ লগতে ভাৰতৰ জনাদেশক অপমান কৰিছে ।