নিউজ ডেস্ক, 13 এপ্ৰিলঃ কৰ্ণাটক কংগ্ৰেছে টুইটাৰযোগে মুখ্যমন্ত্ৰী বি এচ এডিইৰাপ্পাক চিকিৎসা তথা শিক্ষা মন্ত্ৰী কে সুধাকৰক বহিস্কাৰ কৰিবলৈ দাবী জনাইছে । মন্ত্ৰীজনৰ বিৰুদ্ধে দ্বায়িত্বজ্ঞানহীনতাৰ অভিযোগ উত্থাপন কৰি COVID-19ৰ সময়ত চুইমিং পুলত সময় কটোৱাৰ কথা উল্লেখ কৰে ।
কৰ্ণাটকৰ কংগ্ৰেছ সভাপতি ডি কে শিৱকুমাৰে টুইটত লিখে যে, সমগ্ৰ বিশ্বই স্বাস্থ্য সংকটত ভোগাৰ সময়ত দ্বায়িত্বজ্ঞানহীনতাৰ পৰিচয় দি ডা৹ সুধাকৰে চুইমিং পুলত সময় কটাইছে । এইটো নীতি আৰু আদৰ্শৰ পৰিপন্থী । সেয়ে তেওঁ নিজাকৈ পদত্যাগ কৰিব লাগে বা মুখ্যমন্ত্ৰীয়ে কেবিনেটৰ পৰা বৰ্খাস্ত কৰিব লাগে ।