মহাৰাষ্ট্ৰ, ১৫ জুন : তিনিটা চৰকাৰী সংস্থাই তিনিটা ভিন্ন আগজাননী দিয়াত মহাৰাষ্ট্ৰৰ পাৰভানীত ৷ বৃহস্পতিবাৰে বৃষ্টিপাতৰ সঠিক তথ্যক লৈ বিভ্ৰান্তিৰ সৃষ্টি হয় । ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই মাজনিশা চাৰি ঘণ্টাৰ ব্যৱধানত জিলাখনত ১৮৬.২ মিলিমিটাৰ বৃষ্টিপাত হোৱাৰ দাবী কৰা বিপৰীতে ৰাজস্ব বিভাগে ৮৫ মিলিমিটাৰ বৃষ্টিপাত হোৱাৰ দাবী কৰে । আনহাতে একে সময়তে বসন্ত ৰাও নায়ক মাৰাঠৱাড়া কৃষি বিশ্ববিদ্যালয়ে ৫৮.৮ মিলিমিটাৰ বৃষ্টিপাত হোৱাৰ কথা উল্লেখ কৰে ।
মহাৰাষ্ট্ৰৰ পাৰভানীত বৃষ্টিপাতৰ তথ্যক লৈ বিভ্ৰান্তি - মহাৰাষ্ট্ৰৰ পাৰভানীত বৃষ্টিপাতৰ তথ্যক লৈ বিভ্ৰান্তিৰ
তিনিটা চৰকাৰী সংস্থাই তিনিটা ভিন্ন আগজাননীৰ পাছত জিলা উপায়ুক্তই বৃষ্টিপাতৰ সঠিক তথ্য নিৰূপণৰ বাবে এখন পাঁচ জনীয়া তদন্ত কমিটি গঠন কৰে ।
confusion about exact rainfall record in parbhani on thursday night
তিনিটা চৰকাৰী সংস্থাই তিনিটা ভিন্ন আগজাননীৰ পাছত জিলা উপায়ুক্তই বৃষ্টিপাতৰ সঠিক তথ্য নিৰূপণৰ বাবে এখন পাঁচ জনীয়া তদন্ত কমিটি গঠন কৰে । মহাৰাষ্ট্ৰৰ প্রতিখন জিলাৰ প্ৰশাসনে প্ৰতি বছৰৰ বৃষ্টিপাতৰ পৰিমাণ ৰেকৰ্ডৰ ব্যবস্থা কৰিছে । বৃষ্টিপাতৰ পৰিমাণৰ তথ্যৰ ওপৰত নিৰ্ভৰ কৰি প্ৰশাসনে বীজ ৰোপনৰ সময় তথা শস্যৰ বীমা সংক্রান্তীয় সিদ্ধান্ত গ্ৰহণ কৰে ।
লগতে পঢ়ক :ডুবাইত যাত্ৰীক স্ব-ভাষাৰে শুভেচ্ছা জ্ঞাপন ওড়িয়া মহিলা পাইলটৰ