অসম

assam

ETV Bharat / bharat

গুৱাহাটীত বিএছএফ আৰু বিজিবিৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন - বিএছএফ আৰু বিজিবি

গুৱাহাটীস্থিত বিএছএফৰ ক্ষেত্ৰীয় কাৰ্যালয়ত উপস্থিত হোৱা বিজিবিৰ উচ্চস্তৰীয় প্ৰতিনিধি দলৰ সৈতে আলোচনাত মিলিত হয় বিএছএফৰ এটা দল ৷

বিএছএফ আৰু বিজিবিৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন গুৱাহাটীত
বিএছএফ আৰু বিজিবিৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন গুৱাহাটীত

By

Published : Dec 22, 2020, 9:34 PM IST

নিউজ ডেস্ক, 22 ডিচেম্বৰ :সীমা সুৰক্ষা বাহিনী আৰু ব'ৰ্ডাৰ গাৰ্ডছ বাংলাদেশৰ মাজত মঙলবাৰৰ পৰা অনুষ্ঠিত হৈছে বিশেষ সন্মিলন ৷ গুৱাহাটীস্থিত বিএছএফৰ ক্ষেত্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত হৈছে সন্মিলন খন ৷

বিএছএফ আৰু বিজিবিৰ মাজত 22 ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা 51 সংখ্যক মহানিৰ্দেশক পৰ্যায়ৰ সীমান্ত সহযোগী সন্মিলনখন অহা 26 ডিচেম্বৰত অন্ত পৰিব ৷ আনহাতে প্ৰথমবাৰৰ বাবে এইদৰে অৰ্ধ বছৰেকীয়া সন্মিলন আয়োজন কৰা হৈছে ভাৰত আৰু বাংলাদেশৰ দুয়োটা বাহিনীৰ মাজত ৷ বিএছএফৰ এগৰাকী বিষয়াই প্ৰকাশ কৰিছে এই কথা ৷ সন্মিলনত দুয়োখন দেশৰ সীমান্তৱৰ্তী অঞ্চলৰ লগতে অঞ্চলত বাস কৰা লোকসকলৰ অৱস্থাৰ উন্নতিৰ বাবে আলোচনাত মিলিত হয় দুয়োটা বাহিনী ৷

আলোচনাৰ বাবে গুৱাহাটীত উপস্থিত হোৱা প্ৰতিনিধি দলটো

বিএছএফৰ মহানিৰ্দেশক ৰাকেশ আস্থানাৰ নেতৃত্বত বিএছএফৰ প্ৰতিনিধি দলটোৱে সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে, বিজিবিৰ হৈ মহানিৰ্দেশক মেজৰ জেন. শ্বফীউল ইছলামৰ নেতৃত্বত অহা প্ৰতিনিধি দলেও অংশগ্ৰহণ কৰে ৷ আনহাতে আলোচনাৰ মাজতে দুয়ো পক্ষই চুক্তিপত্ৰত স্বাক্ষৰ কৰাৰ লগতে বিএছএফৰ তৰফৰ পৰা বিষয়াসকলক গাৰ্ড অৱ অ'নাৰ প্ৰদান কৰা হয় ৷

লগতে পঢ়ক :পুলৱামাত জয়ী পিডিপি নেতা ৱাহেদ পাৰা

ABOUT THE AUTHOR

...view details