আমি এনে এখন দেশৰ নাগৰিক য’ত প্ৰতি বছৰে ২৪ লাখ লোকে মাত্ৰ সময়মতে সঠিক স্বাস্থ্য সেৱা লাভ নকৰাৰ ফলত প্ৰাণ হেৰুৱায় । আনহাতে, চিকিৎসা ব্যয় বহন কৰিব নোৱাৰি জুৰুলা হৈ পৰা লাখ লাখ লোকো আছে । তেনে পৰিস্থিতিত ভাৰতীয় সংবিধানে প্ৰদান কৰা জীয়াই থকাৰ অধিকাৰৰ সংজ্ঞাই যেন সলনি হৈ পৰিছে । ইয়াৰ পূৰ্বে সংসদীয় ষ্টেণ্ডিং সমিতিয়ে দেশৰ স্বাস্থ্য সেৱাৰ মানৰ ক্ষেত্ৰত থকা আঁসোৱাহসমূহ আঙুলিয়াই দিয়াই নহয়, দেশৰ চিকিৎসা সেৱাৰ প্ৰয়োজন পূৰাব পৰা গুণগত মানসমম্পন্ন মেডিকেল শিক্ষাও নাই । এই দুৰৱস্থা দূৰ কৰিব লাগিব লাখ লাখ স্বাস্থ্যকৰ্মী আৰু বিশেষজ্ঞৰ সেৱাৰ দ্বাৰা । পঞ্চদশ বিত্তীয় আয়োগে নিযুক্তি দিয়া এইমছৰ সঞ্চালক ডঃ ৰণদ্বীপ গুলেৰিয়াৰ নেতৃত্বৰ ছজনীয়া সমিতিয়ে মূলতঃ অনাগত পাঁচ বছৰৰ ভিতৰত সমগ্ৰ দেশতে স্বাস্থ্য আৰু চিকিৎসা খণ্ডত গুণগত পৰিৱৰ্তনৰ বাবে পৰামৰ্শ দিয়ে । স্বাস্থ্যক মৌলিক অদিকাৰ হিচাপে ঘোষণা কৰিবলগীয়া সমিতিখনে স্বাস্থ্য সেৱাক ৰাজ্যিক তালিকাৰ পৰা সমৱৰ্তী তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ বিচাৰে । ৰণদ্বীপ সমিতিয়ে এম বি বি এছ পাঠ্যক্ৰম পুনৰীক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে দেশত এম বি বি এছৰ সমানেই চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ আসনৰ সংখ্যা ২০২৫ ৰ ভিতৰত বৃদ্ধি কৰাৰ পোষকতা কৰে । বৃহৎ সংস্কাৰৰ পৰিকল্পনাৰ অংশ স্বৰূপে প্ৰতিখন দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ চহৰতে ৩০০০-৫০০০ বিছনাযুক্ত ব্যক্তিগত চিকিৎসালয় নিৰ্মাণৰো সমিতিয়ে পৰামৰ্শ দিয়ে ।
এম বি বি বি এছ পৰ্যায়তে বিশেষ বিষয় নিৰ্বাচনৰ পৰামৰ্শ দিয়াৰ লগতে তৃণমূল পৰ্যায়ত স্বাস্থ্যসেৱা উন্নত কৰাত সমিতিয়ে গুৰুত্ব দিয়ে । পৰ্যাপ্ত মেডিকেল কলেজৰ অভাৱৰ ফলত ব্যক্তিগত আৰু চৰকাৰী চিকিৎসালয়সমূহক স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰশিক্ষণৰ বাবে ব্যৱহাৰ কৰা উচিত । চৰকাৰে এই পৰামৰ্শসমূহ গুৰুত্ব সহকাৰে লোৱাটো উচিত । বিশ্বৰ মুঠ জনসংখ্যাৰ ১৭ শতাংশই ভাৰতৰ বাসিন্দা । চৰকাৰী তথ্য অনুসৰি ২৭ শতাংশ নৱজাতকৰ মৃত্যু, পাঁচ বছৰীয়া শিশুৰ ২১ শতাংশ মৃত্যু, আন্তঃৰাষ্ট্ৰীয় বেমাৰৰ বোজাৰ ২০ শতাংশ এইখন দেশতে দেখা পোৱা যায় । বিশ্ব স্বাস্থ্য সংস্থাৰ হিচাপ অনুসৰি এহাজাৰ জনসংখ্যা থকা এটা অঞ্চলত কমেও এজন চিকিৎসক বা স্বাস্থ্য বিষয়া থাকিব লাগে । কিন্তু এই পৰ্যায় লাভ কৰিবলৈ ভাৰতবৰ্ষক ন্যূন্যতম এটা দশকৰ প্ৰয়োজন হ’ব আৰু সেই পৰিসংখ্যাই এটা কথা স্পষ্ট কৰে যে কিয় দেশৰ স্বাস্থ্য সেৱা উপযুক্ত নহয় । ইয়াৰ উপায় হিচাপে এম বি বি এছৰ সমানেই স্নাতকোত্তৰৰ আসনৰ সংখ্যা বৃদ্ধি কৰাৰ প্ৰস্তাৱটো গ্ৰহণ কৰা হৈছে । কিন্তু এই পদক্ষেপটো নিৰ্ভৰ কৰে চৰকাৰৰ হোৱা ব্যয়ৰ ওপৰত । বৰ্তমান সময়ত দেশত এম বি বি এছৰ আসনৰ সংখ্যা প্ৰায় ৮০ হাজাৰ । ইয়াৰ তুলনাত স্নাতকোত্তৰৰ আসন এক তৃতীয়াংশ । কেন্দ্ৰীয় চৰকাৰে পাঁচ মাহ পূ্ৰ্বে ঘোষণা কৰা অনুসৰি ২০১১-২২ শৈক্ষিক বৰ্ষৰ পূ্ৰ্বে ৭৫খন নতুন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত ১৫,৭০০ এম বি বি এছৰ আসন মুকলি কৰা হ’ব । যদি এম বি বি এছ আৰু স্নাতকোত্তৰৰ আসনৰ সংখ্যা অধিকভাৱে বৃদ্ধি কৰা হয়,তেন্তে ৰাজ্য চৰকাৰসমূহে আন্তঃগাঁথনি উন্নয়নৰ বাবে ৪০ শতাংশ অধিক ধন ব্যয় কৰিব লাগিব । এই হিচাপত যদি পূৰ্বৰ আৰু বৰ্তমানৰ এম বি বি এছৰ আসনৰ সংখ্যা অনুযায়ী স্নাতকোত্তৰ শ্ৰেণীৰ আসনৰ সংখ্যা বৃদ্ধি কৰা হয় তেন্তে ৰাজ্য চৰকাৰে বহু পৰিমাণৰ ধন আন্তঃগাঁথনি আৰু আন আন দিশত ব্যয় কৰিব লাগিব যাতে এম বি বি এছ আৰু স্নাতকোত্তৰত সমানে আসনৰ সুবিধা প্ৰদা কৰিব পাৰে । গতিকে কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত উপায় অৱলম্বন কৰিব লাগে যাতে ইতিমধ্যে বহু হেঁচাত থকা ৰাজ্য চৰকাৰসমূহে বিত্তীয় সংকটত ভুগিবলগীয়া নহয় ।