অসম

assam

ETV Bharat / bharat

জটিল ক'ভিড পৰিস্থিতিৰ বাবে পুনৰ সান্ধ্য আইন জাৰি আহমেদাবাদত - পুনৰ সান্ধ্য আইন জাৰি

ক'ৰণা ভাইৰাছৰ গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজস্থানৰ আহমেদাবাদত পুনৰ 57 ঘন্টীয়া সান্ধ্য আইন জাৰি কৰা হৈছে ৷ 20 নৱেম্বৰৰ সন্ধিয়াৰ ৰাতি 9 বজাৰ পৰা 23 নৱেম্বৰৰ পুৱা 6 বজালৈকে বাহাল থাকিব এই সান্ধ্য আইন ৷ গুজৰাট চৰকাৰে বিশেষভাৱে দায়িত্ব অৰ্পন কৰা অতিৰিক্ত মুখ্য সচিব ৰাজীৱ কুমাৰ গুপ্তাই সদৰি কৰিলে এই কথা ৷

complete-curfew-in-ahmedabad-from-tonight-till-monday-morning
জটিল ক'ভিড পৰিস্থিতিৰ বাবে পুনৰ সান্ধ্য আইন জাৰি আহমেদাবাদত

By

Published : Nov 20, 2020, 2:30 PM IST

নেশ্যনেল ডেস্ক, ডেস্ক, 20 নৱেম্বৰঃ ক'ৰণা ভাইৰাছৰ গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজস্থানৰ আহমেদাবাদত পুনৰ 57 ঘন্টীয়া সান্ধ্য আই‘ জাৰি কৰা হৈছে ৷ এই কথা সদৰি কৰে ৰাজ্যখনৰ ক'ভিড পৰিস্থিতিৰ দায়িত্বত থকা গুজৰাট চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ৰাজীৱ কুমাৰ গুপ্তাই ৷

মুখ্য সচিবগৰাকীয়ে কয়, ৰাজ্যখনৰ বৰ্তমানৰ ক'ভিড পৰিস্থিতিক লৈয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ এই সান্ধ্য আইন শুকুৰবাৰৰ সন্ধিয়াৰ পৰা আৰম্ভ হ'ব বুলি সদৰি কৰে মুখ্য সচিব গুপ্তাই ৷

ইয়াৰ লগতে সান্ধ্য আইন 20 নৱেম্বৰৰ সন্ধিয়াৰ ৰাতি 9 বজাৰ পৰা 23 নৱেম্বৰৰ পুৱা 6 বজালৈকে বাহাল থাকিব বুলি জানিবলৈ দিয়ে গুপ্তাই ৷ তদুপৰি এই সান্ধ্য আইনৰ সময়ত চহৰখনত কেৱল গাখীৰৰ দোকান আৰু ঔষধৰ দোকানসমূহহে খোলা ৰাখিবলৈ অনুমতি প্ৰদান কৰা হৈছে ৷

উল্লেখ্য যে, বিগত দিনকেইটাত চহৰখনত ব্যাপক হাৰত বৃদ্ধি পাইছে ক'ৰণা আক্ৰান্ত ৰেগীৰ সংখ্যা ৷ যোৱা 24 ঘন্টাত আহমেদাবাদত 230 জন লোকৰ দেহত ধৰা পৰিছে ক'ৰণাৰ অৱস্থিতি ৷

ইফালে চহৰখনৰ 2,237 খন চৰকাৰী চিকিৎসালয় আৰু 400 খন ব্যক্তিগত চিকিৎসালয়ে ক'ৰণাৰ চিকিৎসা অব্যাহত ৰাখিছে ৷ এইসমূহ চিকিৎসালয়ত সৰ্বমুঠ 2,637 খন বিচনাৰ সুব্যৱস্থা কৰিছে গুজৰাট চৰকাৰে ৷

লগতে পঢ়কঃকৃষি বিভাগৰ বীজ লৈ খেতি কৰি বিপদত পৰিছে কামপুৰৰ বহু কৃষক

ABOUT THE AUTHOR

...view details