গুৱাহাটী, 13 ফেব্ৰুৱাৰীঃ আসাম পাব্লিক ৱৰ্কছে এন আৰ চি প্ৰাক্তন মূখ্য সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে এক গুৰুতৰ অধিযোগ উত্থাপন কৰিছে ৷ অভিযোগ অনুসৰি হাজেলাই তালিকাৰ পৰা দুজন লোকক বাদ দি চূড়ান্ত এন আৰ চি তালিকাৰ তথ্য সলনি কৰিছে ৷ ৰাজ্যিক চিআইডিক প্ৰদান কৰা এক গোচৰত এ পি ডাব্লিউয়ে এই অভিযোগ উত্থাপন কৰে হাজেলাৰ বিৰুদ্ধে ৷
এপিডাব্লিউয়ে এন আৰ চি উন্নীত কৰণ সম্বন্ধত উচ্চতম ন্য়ায়ালয়ত মূখ্য আবেদন দাখিল কৰিছিল আৰু তাৰ পৰিপেক্ষিতত উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত এন আৰ চি উন্নীতকৰণৰ কাম হাতত লৈছিল আৰু মূখ্য সমন্বয়ক হিচাপে প্ৰতীক হাজেলাক নিযুক্তি দিছিল ৷ ইপিনে এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পিচত আইএএচ বিষয়া প্ৰতীক হাজেলাৰ জীৱনলৈ ভাবুকি অহাৰ বুলি বিগত বৰ্ষত তেওঁক মধ্য প্ৰদেশলৈ বদলি কৰা হৈছিল ৷