অসম

assam

By

Published : Jun 14, 2020, 10:13 PM IST

ETV Bharat / bharat

উৰাবাতৰিৰ বিৰুদ্ধে সজাগ হৈছে মেঘালয় প্ৰশাসন

সামাজিক মাধ্যমত বিয়পোৱা দুটা উৰা বাতৰিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে তথ্য আৰু জনসংযোগ বিভাগে ৷ কোভিড 19 সন্দৰ্ভত উদ্দেশ্যপ্ৰণোদিতভাৱে উৰাবাতৰি বিয়পোৱাৰ অভিযোগ ৷

The Director of Information and Public Relations of Meghalaya
কোভিড 19 সন্দৰ্ভত উদ্দেশ্যপ্ৰণোদিতভাৱে উৰাবাতৰি বিয়পোৱাৰ অভিযোগ

নিউজ ডেস্ক , 14 জুন : মেঘালয়ৰ তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক বি এছ চোহলীয়াই চাইবাৰ ক্ৰাইম পুলিছ ষ্টেছনত সামাজিক মাধ্যমত প্ৰচাৰ হোৱা উৰাবাতৰিৰ বিৰুদ্ধে দুটা গোচৰ ৰুজু কৰিছে ৷ 11 জুনত ৰুজু কৰা গোচৰ দুটাৰ প্ৰথমটো গোচৰ ৰুজু কৰা হৈছে এগৰাকী অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে ৷ অভিযোগ অনুসৰি , কিছু দিন আগত ব্যক্তি গৰাকীয়ে সচিবালয়ৰ কিছু সংখ্যক বিষয়া কোভিড 19 ৰোগত আক্ৰান্ত হৈছে বুলি মন্তব্য কৰিছিল ৷ ব্যক্তি গৰাকীয়ে লগতে ডেমসিনিয়াঙ্গ পেট্ৰল পাম্পৰ সুৰাৰ বিপণীত কৰ্মৰত চাৰিজন ব্যক্তি কোভিড 19ত আক্ৰান্ত হৈছিল বুলি উৰাবাতৰি বিয়পোৱাৰ অভিযোগো উত্থাপন কৰিছে জনসংযোগ বিভাগৰ বিষয়া গৰাকীয়ে ৷

কোভিড 19 সন্দৰ্ভত উদ্দেশ্যপ্ৰণোদিতভাৱে উৰাবাতৰি বিয়পোৱাৰ অভিযোগ

বি এছ চোহলীয়াই দ্বিতীয় গোচৰটো ৰুজু কৰিছে ‘Lakewoods Eco Camp’ নামৰ এটা ফেচবুক পে’জৰ বিৰুদ্ধে ৷ এই পে’জটোৰ বিৰুদ্ধে আছে উদ্দেশ্যপ্ৰণোদিতভাৱে দুটাকৈ উৰাবাতৰি বিয়পোৱাৰ অভিযোগ ৷ মেঘালয়ৰ নঙ্গম্যানচঙ্গ আৰু উমচামলেমস্থিত দুটা কণ্টেইনমেণ্ট অঞ্চলত কি চলিছে এই বিষয়ে সবিশেষ জনসাধাৰণে জানিব বিচাৰে বুলি জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিছিল পে’জটোৰ এডমিনে ৷

ভাৰতীয় দণ্ডবিধি আইন আৰু দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত এই গোচৰ দুটা ৰুজু কৰা হৈছে ৷ এনেধৰণৰ উৰাবাতৰিত ভোল নাযাবলৈ তথা এনে ধৰণৰ উৎস আৰু সত্যতাবিহীন বাতৰি প্ৰচাৰ নকৰিবলৈ জনসাধাৰণক আহ্বান জনায় মেঘালয় আৰক্ষীয়ে ৷

লগতে পঢ়কঃঅৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ সৈতে ই টিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ

ABOUT THE AUTHOR

...view details