প্ৰতিযোগিতামূলক কেছলেচ ব্যৱস্থা
আমেৰিকা যুক্তৰাষ্ট্ৰই ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ডৰ ব্যৱহাৰেৰে সমগ্ৰ বিশ্বতে মুদ্ৰাহীন বা কেছলেছ ব্যৱস্থাৰ পাতনি মেলিছিল। চীনৰ লোকসকলে ই-কমাৰ্চ চাইটত অনলাইনযোগে সামগ্ৰী ক্ৰয়তে হওক অথবা কোনোবা ভিৰ থকা ৰেস্তোৰাতে হওক তেওঁলোকে ডিজিটেল ৱালেট আৰু কিউ আৰ ক'ড ব্যৱহাৰ কৰি আহিছে । ইতিমধ্যে প্ৰায় ৮৩ মিলিয়ন লোকে ডিজিটেল লেনদেনৰ বাবে স্মাৰ্টফোন আৰু ছ’চিয়েল মিডিয়া এপ্লিকেশ্যনবোৰ ব্যৱহাৰ কৰিবলৈ লৈছে । আচৰিত থকাটো হ’ল চীনৰ ভিক্ষাৰীসকলেও ৰাইজৰ পৰা দান-দক্ষিণা গ্ৰহণ কৰিবৰ বাবে কিউ আৰ ক'ড ব্যৱহাৰ কৰে । ডিজিটেল লেনদেন ব্যৱস্থা এই হাৰত চীনত বৃদ্ধি পাইছে । চীনৰ আমাজ’ন বুলি খ্যাত আলিবাবা আৰু ফেচবুক হিচাপে জনাজাত টেনচেণ্টে লেনদেনৰ ক্ষেত্ৰত বেংকৰ স্থান দখল কৰিছে । খুচুৰা ব্যৱসায়ীসকলে ক্ৰেডিট কাৰ্ডেৰে ধনৰ লেনদেনৰ ক্ষেত্ৰত চীনা বেংকসমূহক ০.৫ ৰ পৰা ০.৬ শতাংশ প্ৰচেচিং মাচুল আদায় দিব লাগে। ইয়াৰ বিপৰীতে ম’বাইল ৱালেটৰে অনলাইন লেনদেন কৰিলৈ আদায় দিব লগা হয় মাত্ৰ ০.১ শতাংশ । যাৰ বাবে বিগত বৰ্ষত ১২.৮ ট্ৰিলিয়ন ডলাৰতকৈ অধিক ডিজিটেল লেনদেন আলিপে’(আলিবাবা) আৰু উইচাটপে’(টেনচেণ্ট) এপেৰে কৰা হৈছে । বৰ্তমান পৃথিৱীৰ মুঠ ডিজিটেল লেনদেনৰ আধা অংশই অধিকাৰ কৰে চীনে ।
আফ্ৰিকাৰ বাবে নতুন গতিঃ
বেংকিং সুবিধা নগণ্য থকা আফ্ৰিকাত চীনে আৰম্ভ কৰা কেছলেচ লেনদেন বিপ্লৱে সম্প্ৰসাৰণ লাভ কৰিছে । চীনৰ বিনিয়োগ আৰু প্ৰযুক্তিৰ বাবে বৰ্তমান আফ্ৰিকাত ৪জি নেটৱৰ্ক, স্মাৰ্টফোন, ম’বাইল পেমেণ্ট আদি সুলভ হৈ পৰিছে । ভাৰতত এই বৰ্ষৰ অক্টোবৰত প্ৰথমবাৰৰ বাবে ইউ পি আই অৰ্থাৎ ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচতকৈ কম সংখ্যক কাৰ্ড ব্যৱহাৰ হৈছে ।গুগল পে’, ভীম, ফোনপে’ আদিৰ জৰিয়তে ডিজিটেল লেনদেনৰ ক্ষেত্ৰত ৩৮.১০ শতাংশৰে বেংগালুৰু শীৰ্ষ স্থানত আছে । ১২.৫০ শতাংশৰে হায়দৰাবাদ দ্বিতীয় আৰু ১০.২২ শতাংশৰে দিল্লী তৃতীয় স্থানত আছে । এই তথ্য বেংগালুৰুৰ প্ৰতিষ্ঠান ৰেজৰপে’য়ে প্ৰকাশ কৰিছে । যদিও আলিবাবা আৰু উইচাট পে’য়ে বেংক সেৱাৰ স্থান দখল কৰিছে, এই দুটা ম’বাইল ৱালেট এতিয়াও ব্যৱহাৰকাৰীৰ বেংক একাউণ্টৰ সৈতে সংযুক্ত হৈ থাকে । আমেৰিকান কোম্পানী ফেচবুকে নিজাববীয়াকৈ ‘Digital-Crypto’ মুদ্ৰা লিব্ৰা ২০২০ চনত মুকলি কৰাৰ বাবে বহু দূৰ আগবাঢ়িছে । বেংক আৰু স্থানীয় মুদ্ৰাৰ পৰা এই মুদ্ৰা পৃথক হ’ব। ইয়াকে অনুসৰণ কৰি চীনেও নিজৰ কেন্দ্ৰীয় বেংকৰ জৰিয়তে নিজাববীয়া ডিজিটেল মুদ্ৰা প্ৰৱৰ্তনৰ চেষ্টা চলাইছে । লিব্ৰাৰ লগত সংগতি ৰাখি খুউব সম্ভৱ চীনৰ এই ডিজিটেল মুদ্ৰা ২০২০ চনৰ মাজভাগত মুকলি কৰা হ’ব। এই বৰ্ষৰ প্ৰথমছোৱাত বিশ্বৰ শীৰ্ষস্থানীয় বেংক জে পি মৰ্গান চেছ্ এণ্ড কোম্পানী বা জে পি এমে নিজৰ ‘Crypto' মুদ্ৰা ‘Coin’ মুকলি কৰি প্ৰতিযোগিতাত নামি পৰে। এই মুদ্ৰা ব্লক চেইন প্ৰযুক্তিৰ ওপৰত প্ৰতিষ্ঠিত । বেংক একাউণ্টৰগৰাকীয়ে দ্ৰুতগতিত ধন পঠিয়াবলৈ ইয়াক ব্যৱহাৰ কৰে ।
‘লিব্ৰা’ই কেনেদৰে কাম কৰে ?
আনহাতে ফেচবুকে ‘লিব্ৰা’ক আন্তঃৰাষ্ট্ৰীয় ডিজিটেল মুদ্ৰা হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । কিন্তু চীনে ডিজিটেল পেমেণ্টত খোজ পেলালে আমেৰিকা আৰু ইউৰোপত বেংকিং খণ্ড আৰু নিয়ন্ত্ৰণকাৰী সংস্থাসমূহৰ পৰা লিব্ৰাই বাধা লাভ কৰিব । লিব্ৰা হৈছে ক্ৰাইপ্টো মুদ্ৰা। সকলো ক্ৰাইপ্টো মুদ্ৰাই ডিজিটেল যদিও সকলো ডিজিটেল মুদ্ৰাই ক্ৰাইপ্টো নহয় । পৃথিৱীৰ যিকোনো ঠাইৰ পৰা নিৰাপদভাৱে আৰু ততাতৈয়াকৈ কোনো মাচুল নোহোৱাকৈ লিব্ৰা পঠিয়াব পাৰি । ক্ৰাইপ্টো মুদ্ৰা বিটকইনৰ দৰে লিব্ৰাৰ মূল্য উঠা-নমা নহয় ।‘Depreciation’ডলাৰ, ইউৰো আৰু য়েনৰ ওপৰত নিৰ্ভৰশীল। যেতিয়া কোনোবাই লিব্ৰা ক্ৰয় কৰে তেতিয়া ইয়াৰ সমান মূল্য বেংক একাউণ্টত ডলাৰ, ইউৰো, য়েনৰ ৰূপত জমা কৰা হ’ব। এই জমাৰ সুতো লাভ কৰা যাব । লিব্ৰাক ডলাৰ আৰু ইউৰোলৈ সলাবৰ বাবে ফেচবুক এপ্ কেলিব্ৰাই সালসলনিৰ মাচুল বহন কৰিব ।
ছুইজাৰলেণ্ডৰ এক স্বেচ্ছাসেৱী অনুষ্ঠানৰ তত্বাৱধানত লিব্ৰাই কাম কৰে । যেতিয়া লিব্ৰা প্ৰৱৰ্তন হ’ব যিকোনো কোম্পানীয়ে এই ডিজিটেল মুদ্ৰাৰ জৰিয়তে লেনদেন কৰিব পাৰিব । ফেচবুক, ইয়াৰ মেচেঞ্জাৰ সেৱা আৰু হোৱাটছ্ এপৰ সমগ্ৰ বিশ্বতে ২৭০ মিলিয়নতৈ অধিক ব্যৱহাৰকাৰী আছে । তেওঁলোক সকলোৱে লিব্ৰাক এনে এক ডিজিটেল মুদ্ৰালৈ পৰ্যবসিত হোৱাটো বিচাৰে যিয়ে ধন আদায়, বিনিয়োগ আৰু ঋণ প্ৰদান ডিজিটেল ভাৱে কৰাৰ সুযোগ প্ৰদান কৰে । পেমেণ্ট চাৰ্ভিছ প্লেটোফৰ্ম হিচাপে প্ৰথমতে ফেচবুক পে’ আৰম্ভ কৰা হৈছিল । ফেচবুকৰ অধীন হোৱাটছ্ এপ্, ইনষ্টাগ্ৰাম আৰু মেছেঞ্জাৰৰ জৰিয়তেও ধন আদান-প্ৰদান কৰিব কৰিব পাৰি । হোৱাটছ্ এপে শেহতীয়াভাৱে ভাৰতত ডিজিটেল পেমেণ্টৰ এক সম্পৰীক্ষা আৰম্ভ কৰিছে । ১০০ টা বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানক লিব্ৰাৰ অংশীদাৰ কৰা হৈছে । যদিও পশ্চিমীয়া বিশ্বৰ আটাইতকৈ ডাঙৰ বেংক জেপি মৰ্গানেও লিব্ৰাৰ লগত যোগ দিয়াৰ আশা কৰা হৈছিল পাছত কোম্পানীটোৱে নিজৰেই ডিজিটেল মুদ্ৰা জে পি এম কইন আৰম্ভ কৰাৰ সিদ্ধান্ত লয়। লিব্ৰা প্ৰকল্পই মাষ্টাৰ কাৰ্ড,ভিছা,পে’পল আৰু ইবে’ ক্ষতি ক্ষতি সাধন কৰিব । উবেৰ আৰু স্পটিফায়ে কেৱল লিব্ৰাৰ পৰাহে ধন গ্ৰহণ কৰে। অপৰাধীৰ দলবোৰে ড্ৰাগছ সৰবৰাহৰ লগতে ধনিক শ্ৰেণীয়ে অবৈধ ধন সৰবৰাহ কৰিবলৈ লিব্ৰা ব্যৱহাৰ কৰিব পাৰে বুলিও সন্দেহ কৰা হৈছে । গ্ৰাহক সুৰক্ষা আৰু বিত্তীয় স্থিৰতাকলৈও বিভিন্ন চিন্তাৰ অৱতাৰণা হৈছে ।