অসম

assam

By

Published : Mar 21, 2020, 10:35 PM IST

ETV Bharat / bharat

সম্প্ৰদায়ৰ মাজত সংক্ৰমিত হ'বলৈ গৈ আছে নেকি কোভিড-19 !

ডাঃ পি ৰঘু ৰাম হৈছে KIMS- Ushalakshmi Centre for Breast Diseasesৰ সঞ্চালক আৰু কনছালটেন্ট চাৰ্জন ৷

সম্প্ৰদায়ৰ মাজত সংক্ৰমিত হ'বলৈ গৈ আছে নেকি কোভিড-19 !
সম্প্ৰদায়ৰ মাজত সংক্ৰমিত হ'বলৈ গৈ আছে নেকি কোভিড-19 !

223ৰো অধিক পজিটিভ ঘটনাৰ পিচতে 1.3 বিলিয়ন জনসংখ্যাৰ ভাৰতত বাস কৰা বহুতৰে মনত কোভিড-19ক লৈ শংকাৰ সৃষ্টি হৈ পৰিছে ৷

কোভিড-19 সংক্ৰমণ পৰীক্ষা কৰাৰ বাবে বিশেষ সতৰ্কতা গ্ৰহণ কৰা হৈছে ৷ শেহতীয়াকৈ, 14দিনৰ ভ্ৰমণৰ ইতিহাস থকা আৰু কৰ'ণাত আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ অহা ব্যক্তিসকলহে ইয়াত পৰীক্ষা কৰি থকা হৈছে ৷ চিকিৎসালয়ত ভৰ্তি হোৱা শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভূগি থকা ৰোগীসকলক কৰ'ণা সন্দৰ্ভত কোনোধৰণৰ পৰীক্ষা কৰা হোৱা নাই ৷ অৱশ্যে, ইয়ে চৰকাৰৰ সন্দেহজনক ঘটনাৰ পৰিভাষা খণ্ডন কৰে, য'ত এটা বিশেষ শ্ৰেণীৰ কথা কোৱা হৈছে যাৰ এনেকুৱা ভ্ৰমণ ইতিহাস নাই ৷ আন শব্দত ক'বলৈ গ'লে, সংস্পৰ্শলৈ নহা আৰু ভ্ৰমণৰ ইতিহাস নথকা সন্দেহজনক ঘটনাসমূহে পৰীক্ষণৰ বাবে যোগ্যতা অৰ্জন কৰা নাই ৷

যেতিয়া কোনো এগৰাকী ব্যক্তি কোভিড-19ৰ পজিটিভ বুলি নিশ্চিত হোৱা যায় আৰু তেওঁলৈ কেনেকৈ এই ভাইৰাছ সংক্ৰমণ হৈছে তাৰ উৎসৰ বিষয়ে গম পোৱা নাযায় তেতিয়াই সম্প্ৰদায় সংক্ৰমণ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় ৷ ফ্লু যুক্ত ব্যক্তিৰ লগতে সন্দেহজনক ব্যক্তিৰ বাবেও বৃহৎ হাৰে ভাৰতীয় স্বাস্থ্য গৱেষণা কাউন্সিল আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ আৰু সংশোধন প্ৰয়োগশালা প্ৰত্যাপন বোৰ্ডৰ অনুমতিপ্ৰাপ্ত প্ৰয়োগশালাত ইয়াৰ বাবে পৰীক্ষণ সম্পন্ন কৰিব লাগে ৷ যুক্তিগতভাৱে সৰহসংখ্যক সন্দেহজনক ঘটনাৰ পৰীক্ষণ নকৰালৈকে কোনেও ক'ব নোৱাৰে যে, সম্প্ৰদায় সংক্ৰমণ সংঘটিত নহ'ব ৷

সম্প্ৰদায় সংক্ৰমণৰ বিষয়ে জ্ঞাত হোৱাটো কিয় অত্যন্ত গুৰুত্বপূৰ্ণ ? প্ৰথমতে, সঠিক ৰোগ নিৰ্ণায়ক পদ্ধতিয়ে দুৰ্বলসকলক চিনাক্ত কৰি উলিয়াই তেওঁলোকক যাৱতীয় চিকিৎসা প্ৰদান কৰাত সহায় কৰিব৷ সম্প্ৰদায়ৰ ভিতৰত যিসকল পজিটিভ হিচাপে চিনাক্ত হৈছে তেওঁলোকক নিজাকৈ আচুতীয়াকৈ থাকিবলৈ উপদেশ দিলে, ভাইৰাছটোৰ সংক্ৰমণ ৰোধ কৰাত বহুদুৰ সফল হ'ব পৰা যাব ৷ দ্বিতীয়তে, যদি এজন ব্যক্তি পজিটিভ হিচাপে চিহ্নিত হ'লে অতি সতৰ্কতাৰে তেওঁৰ সংস্পৰ্শলৈ অহাসকলক পৰীক্ষণ কৰাৰ লগতে তেওঁলোক পজিটিভ হ'লে তেওঁলোককো আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিব লাগিব ৷ তৃতীয়তে, সন্দেহজনক ঘটনাসমূহ পৰীক্ষাৰ দ্বাৰা চিকিৎসালয় আৰু স্বাস্থ্যকেন্দ্ৰসমূহক এনেকুৱা ঘটনাৰ বাবে প্ৰস্তুত হৈ থাকিবলৈ সুবিধাজনক হ'ব ৷

শেহতীয়াকৈ ভাৰতত 14,000 লোকক পৰীক্ষণ কৰা হৈছে ৷ কিন্তু এইটো সংখ্যা দক্ষিণ কোৰিয়াৰ দৰে ক্ষুদ্ৰ দেশৰ তুলনাত তেনে নিম্ন; যাৰ জনসংখ্যা তামিলনাডুৰ সমান প্ৰতিদিনে, 12,000 ৰ পৰা 15,000 লোকৰ পৰীক্ষণ সম্পন্ন কৰিছে ৷ ছিংগাপুৰ, হংকং, টাইৱান, চীন আৰু দক্ষিণ কোৰিয়াই ৰোগৰ সংখ্যা স্বাস্থ্যসেৱা প্ৰদানকাৰীসকলে নিয়ন্ত্ৰিত কৰিব পৰাকৈ উদ্ভাৱনকাৰী ব্যৱস্থাৰে সতৰ্কতাৰে সম্প্ৰদায়সমূহৰ পৰীক্ষণ সম্পন্ন কৰি প্ৰতিদিনে গণনা কৰি আহিব পৰাকৈ সক্ষম ৷ শেহতীয়াকৈ ভাৰতত সাতখন ৰাজ্যই সামাজিক দুৰত্ব বৰ্তাই ৰাখিবলৈ সকলো ৰাজহুৱা স্থান বন্ধ কৰি দিছে ৷

যদিও ভাইৰাছবিধ স্পৰ্শযুক্ত আৰু সংখ্যাগৰিষ্ঠসকলৰ মাজত কম সংখ্যক সংক্ৰমণৰ সৈতে, 5% ৰোগীৰ বাবে আইচিইউৰ দৰকাৰ হয় ৷ ভাৰতত প্ৰতি হাজাৰ মানুহৰ বিপৰীতে এখনো চিকিৎসালয় নাই আৰু দেশৰ প্ৰায় 5 মিলিয়ন ৰোগী যাক প্ৰতিবছৰে আইচিইউৰ প্ৰয়োজন হয় তাৰ তুলনাত অতি কমসংখ্যক 70,000 খন বিচনাহে আছে৷ ভগৱানে নকৰক, সম্প্ৰদায় সংক্ৰমণৰ পৰা গৈ ই মহামাৰীৰ ৰূপ ল'লে, ভাৰতে ইয়াৰ ধ্বংসাত্মক দিশবোৰৰ সৈতে মোকাবিলা কৰিবলৈ একেবাৰেই প্ৰস্তুত নহয় ৷

ABOUT THE AUTHOR

...view details