সমাজৰ জড়িতকৰণে জনস্বাস্থ্যৰ জৰুৰী অৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । তেনে এক পৰিস্থিতিত চৰকাৰ আৰু স্বাস্থ্য খণ্ডই সমাজ, ৰোগী, পৰিয়াল আৰু বিভিন্ন অংশীদাৰ, মিত্ৰ আৰু খণ্ডক জড়িত কৰাব লাগে । জনস্বাস্থ্যৰ ক্ষেত্ৰত অতি ভয়াৱহ হিচাপে বিবেচিত হোৱা ইবলা আৰু নিপা ভাইৰাছক ৰাইজৰ অংশগ্ৰহণেৰে নিয়ন্ত্ৰণ কৰিবলৈ শেহতীয়াকৈ সক্ষম হৈছে । শেহতীয়াকৈ সংঘটিত হোৱা ইবলা সংক্ৰমণৰ ঘটনাটো হৈছিল ২০১৮ চনত আফ্ৰিকাৰ কংগোত । ২০১৯ চনৰ জুলাইক ইয়াক জনস্বাস্থ্যৰ জৰুৰীকালীন অৱস্থা হিচাপে ঘোষণা কৰা হৈছিল । ২০১৮ চনত ভাৰতৰ কেৰালাত নিপা ভাইৰাছৰ সংক্ৰমণ ঘটিছিল । আনহাতে বিশ্ব স্বাস্থ্য সংস্থাই ইয়াক দক্ষিণ-পূব এছিয়া অঞ্চলত অন্যতম জটিল ৰোগ হিচাপে বিবেচনা কৰিছিল ।
সামাজিক অংশগ্ৰহণ বা জড়িতকৰণ মানে কি?
বিশ্ব স্বাস্থ্য সংস্থাই সামাজিক অংশগ্ৰহণ বা জড়িতকৰণৰ সংজ্ঞা দাঙি ধৰিছে এনেদৰে, “এ এনে এক সম্পৰ্কৰ প্ৰক্ৰিয়া যিয়ে সকলো অংশীদাৰক স্বাস্থ্য সম্বন্ধীয় বিষয়বোৰ সমাধান কৰাৰ বাবে একেলগে কাম কৰাৰ সুযোগ দিয়ে আৰু ইতিবাচক স্বাস্থ্যৰ প্ৰভাৱ আৰু ফলাফল লাভ কৰাত সহায় কৰে ।” সমাজ বুলি ক’লে ইয়াত সাধাৰণ জনগণৰ লগতে বিভিন্ন বৃত্তিধাৰী যেনে, শিক্ষক, জনস্বাস্থ্যৰ লগত জড়িত লোক, নীতি নিৰ্ধাৰক, অনুষ্ঠান-প্ৰতিষ্ঠান আদিকে বুজায় । স্বাস্থ্য আৰু ৰোগ যিহেতু সামাজিক আৰু পাৰিপাৰ্শ্বিক প্ৰেক্ষাপটৰ দ্বাৰা নিৰ্ধাৰিত হয় সেয়ে সমাজৰ অংশগ্ৰহণৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হয় ।
চি ই বা কমিউনিটী এনগেজমেণ্টৰ লগত জড়িত কিছুমান গৃহীত উপায় হৈছে—ছ’চিয়েল ম’বিলাইজেশ্বন, যোগাযোগ আৰু স্বাস্থ্য সজাগতা প্ৰচাৰ ।
এইবোৰে কেনেদৰে সহায় কৰে ?
ছ’চিয়েল ম’বিলাইজেশ্বনঃ ছ’চিয়েল ম’বিলাইজেশ্বনে বিভিন্ন দিশক জড়িত কৰাই পৰিৱৰ্তন সাধন কৰিব বিচাৰে । আমি দেখিছোঁ যে সাহায্য পুঁজিকে ধৰি দেশখনে নতুন সম্পদ আহৰণ কৰিছে । মিত্ৰ বা ব্যক্তিগত খণ্ডই পৰীক্ষণ, নিৰীক্ষণ, ঔষধ উৎপাদন আদিৰ সহায় আগবঢ়াইছে । ইয়াৰ উপৰি স্থানীয় সমাজখনকো COVID-১৯ মহামাৰীৰ ৰ বিৰুদ্ধে যুঁজখনত অৱতীৰ্ণ কৰাব লাগিব । স্থানীয় সমাজৰ নেতৃত্বক চিনাক্তকৰণ আৰু তেওঁলোক প্ৰণালীবদ্ধভাৱে জড়িত কৰোৱাটো অতি প্ৰয়োজনীয় । মহিলাসকলক সজাগ কৰাটোও সমানেই দৰকাৰ কিয়নো তেওঁলোকৰ সজাগতাই আচৰণ সলনি কৰাৰ লগতে সমাজখনত শিক্ষা দান কৰাত সহায় কৰে । সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক প্ৰসংগবোৰ অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো এইবোৰ দিশ বিশ্লেষণ কৰিয়েই মহামাৰীয়ে সৃষ্টি কৰা জনস্বাস্থ্যৰ জৰুৰীকালীন অৱস্থাৰ সৈতে মোকাবিলা কৰিবলৈ ৰণকৌশল প্ৰস্তুত কৰা হয় । যিবোৰ দিশে এখন সমাজৰ সংস্কৃতি, জ্ঞান আৰু অভিজ্ঞতাক গঢ় দিয়ে সেইবোৰ দিশক জড়িত কৰাই কাম কৰাটো অতিশয় আৱশ্যক ।
কেৰেলাত সফলভাৱে নিপা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰা হৈছিল । এই ক্ষেত্ৰত কমিউনিটী ম’বিলাইজেশ্বনৰ ভূমিকা অনস্বীকাৰ্য । উদাহৰণস্বৰূপে সুপ্ৰতিষ্ঠিত গাঁও পঞ্চায়ত ব্যৱস্থা, চহৰীয়া নিগম-নিকায়সমূহ, পৰিয়াল, বেচৰকাৰী সংস্থা, জনমতক প্ৰভাৱিত কৰিব পৰা নেতা, ধৰ্মীয় নেতাসকলে চৰকাৰৰ প্ৰচেষ্টাত অৱদান আগবঢ়াইছিল । এই কেৰালা মডেলে তেওঁলোকক আত্মবিশ্বাসেৰে COVID-১৯ নিয়ন্ত্ৰণ কৰাত সহায় কৰিছে । আন বহু ৰাজ্যই কেৰালাৰ মডেলকে COVID-১৯ ৰ ক্ষেত্ৰত মোকাবিলা কৰাৰ বাবে প্ৰয়োগ কৰিছে ।
যোগাযোগ :
COVID-১৯ ৰ দৰে অতিমাৰী নিয়ন্ত্ৰণ কৰাৰ বাবে সংক্ৰমণ আৰু বিপদৰ ক্ষেত্ৰত যোগাযোগৰ ভূমিকা অতিশয় গুৰুত্বপূৰ্ণ । সাংস্কৃতিকভাৱে সঠিক বাৰ্তাই বিপদৰ আশংকা হ্ৰাস কৰে । ইয়াৰ লগতে ই আক্ৰান্ত লোক, পৰিয়াল আৰু সমাজখনৰ এই ভাবুকিৰ লগত মোকাবিলা কৰিবলৈ উদ্যম বৃদ্ধি কৰে । এই অতিমাৰীৰ সময়ত বাৰ্তাৰ আদান-প্ৰদান যাতে অবিৰতভাৱে চলি থাকে সেয়া নিশ্চিত কৰাটো জৰুৰী যাতে অতিমাৰীৰ পৰিৱৰ্তিত পৰিস্থিতিৰ বিষয়ে সমাজখন অৱগত হৈ থাকে । এক ফলপ্ৰসূ যোগাযোগৰ কৌশলৰ বাবে বাৰ্তাবোৰ সমাজৰ সাংস্কৃতিক ধাৰণা, নীতি-নিয়ম, মূল্যবোধ, অৰ্থনৈতিক অৱস্থা, সামাজিক ব্যৱস্থা, ইতিহাস আৰু অতীতৰ অভিজ্ঞতাৰ সৈতে প্ৰাসংগিক হ’ব লাগে । মূলসুঁতিৰ যোগাযোগ মাধ্যমৰ উপৰি মানুহে এতিয়া ভাৰ্চুৱেল সমাজ গঢ়ি লোৱাৰ লগতে তথ্য লাভ আৰু সিদ্ধান্ত গ্ৰহণৰ বাবে ছ’চিয়েল মিডিয়াৰ ওপৰত অধিক নিৰ্ভৰশীল হৈ পৰিছে । ছ’চিয়েল মিডিয়াৰ জৰিয়তে ভুৱা বা অসত্য তথ্য বিয়পাটোও বেছি সহজ । গতিকে অতিমাৰীৰ পৰিস্থিতিৰ সেতে যুঁজিবলৈ শুদ্ধ তথ্য প্ৰচাৰ কৰাৰ উদ্দেশ্যে এই ভাৰ্চুৱেল সমাজবোৰক জড়িত কৰাটো অতিকৈ প্ৰয়োজন । সংকট সমময়ত সমাজৰ পৰা উপযুক্ত সঁহাৰি লাভৰ বাবে তথ্যৰ স্বচ্ছতা দৰকাৰী । নিপা নিয়ন্ত্ৰণ কৰাৰ বাবে কেৰালাই মূলসুঁতিৰ আৰু ছ’চিয়েল মিডিয়া দুয়োটাই ব্যৱহাৰ কৰিছে । যাতে নিয়মীয়া আৰু শুদ্ধ আপডেটেৰে ভুৱা আৰু ভুল তথ্যৰ বিৰুদ্ধে যুঁজিব পাৰি তাৰ বাবে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছিল ।