নিউজ ডেস্ক, 6 নৱেম্বৰঃ দেশত ক্ৰমাৎ বৃদ্ধি পাইছে পিয়াঁজৰ অত্যাৱশীয় মূল্য ৷ বুধবাৰে খুচুৰা বজাৰত পিয়াঁজৰ মূল্য 100 টকালৈ বৃদ্ধি পায় ৷ ৰাজধানী দিল্লী,চেন্নাইৰ লগতে অনান্য প্ৰান্ততো পিয়াঁজৰ মূল্য 100 টকা স্পৰ্শ কৰে ৷ নতুন দিল্লী, গুৱাহাটী, চেন্নাইৰ পৰা লাভ কৰা প্ৰতিবেদন অনুসৰি, আগন্তুক দিনবোৰত যদিহে পিয়াঁজৰ মূল্য নিয়ন্ত্ৰণ কৰা নহয়, তেন্তে মূল্য আৰু অধিক বৃদ্ধি পাব ৷ তথ্য অনুসৰি, 1 অক্টোবৰত 55 টকাকৈ সংৰক্ষণ কৰি পিয়াঁজৰ বজাৰ মূল্য বিগত সপ্তাহটোত 80 টকা স্পৰ্শ কৰে ৷
চেন্নাইৰ কয়োম্বড'ৰৰ পাইকাৰী বজাৰত 70 টকালৈ স্পৰ্শ কৰে পিয়াঁজৰ মূল্যই ৷ আনহাতে সৰু পিয়াঁজৰ বজাৰ মূল্য নিৰ্ধাৰিত মূল্যতকৈ 10 শতাংশ বেছি দৰত বিক্ৰী কৰা দেখা যায় ৷ গ্ৰাহকৰ অভিযোগৰ ভিত্তিত প্ৰশাসনে বজাৰ নিয়ন্ত্ৰণ কৰিব বুলি আশ্বাস প্ৰদান কৰে ৷ আনহাতে ওড়িশা চৰকাৰে আগন্তুক সপ্তাহটোত প্ৰতি কিঃমিঃ পিয়াঁজত 6 ৰ পৰা 10 বৃদ্ধি পাব বুলি জনায় ৷ পিয়াঁজৰ যোগান ধৰা তিনিখন ৰাজ্যতে চলি থকা ধাৰাষাৰ বৰষুণৰ বাবে অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটকত 6-10 টকালৈ বৃদ্ধি পাব পিয়াঁজৰ মূল্য ৷