অসম

assam

By

Published : Nov 29, 2020, 4:49 PM IST

ETV Bharat / bharat

মন কী বাতঃ কৃষকৰ কল্যাণৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰধানমন্ত্ৰীৰ

৭১ সংখ্যক 'মন কী বাত'ৰ জৰিয়তে দেওবাৰে দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । দিনৰ ১১ বজাত আকাশবাণীৰ যোগেদি সম্প্ৰচাৰ কৰা অনুষ্ঠানটিত কষ্ট কৰি খেতি কৰা কৃষকৰ কল্যাণৰ বাবে কাম কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে । তেওঁ কয় যে, কৃষি আইন কৃষকৰ কল্যাণৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এক পদক্ষেপ । সংসদে বিবেচনা কৰাৰ পিছতহে কৃষিৰ ক্ষেত্ৰত অনা পৰিৱৰ্তনক আইনৰ ৰূপ দিছে বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।

মন কী বাতঃ কৃষকৰ কল্যাণৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰধানমন্ত্ৰীৰ
মন কী বাতঃ কৃষকৰ কল্যাণৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰধানমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক, ২৯ নৱেম্বৰ: হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু দিল্লীৰ আন্তঃৰাজ্যিক সীমাত হাজাৰ হাজাৰ কৃষকে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, 'তেওঁ কষ্ট কৰা কৃষকৰ কল্যাণকামী কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আছিল । কৃষি আইন কৃষকৰ কল্যাণৰ দিশত কেন্দ্ৰীয় চৰকাৰৰ এটা খোজ আছিল ।' যোৱা ছেপ্টেম্বৰ মাহত গৃহীত হোৱা তিনিখনকৈ কৃষি আইনৰ বিৰোধিতা কৰি দেশৰ কৃষক আৰু বিৰোধী দলসমূহৰ প্ৰতিবাদ চলি থকাৰ মাজতে দেওবাৰে মাহেকীয়া অনাতাঁৰ কাৰ্যসূচী 'মন কী বাত'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি আইনৰ প্ৰসংগ উত্থাপন কৰে ।

তেওঁ কয় যে, 'ভাৰতত কৃষি সম্বন্ধীয় বিষয়সমূহত এক নতুন মাত্ৰা দিয়াৰ প্ৰয়াস কৰা হৈছে । কৃষি আইনে কৃষকৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে । কৃষকসকলে বিভিন্ন দাবী উত্থাপন কৰি আহিছে । ৰাজনৈতিক দলসমূহে ক্ষমতালৈ অহাৰ পূৰ্বে এই দাবী পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু পিছত পাহৰি যায় । কিন্তু এতিয়া কৃষকৰ দাবীসমূহ পূৰণ কৰা হৈছে ।' সংসদে বহু চিন্তা-চৰ্চা কৰাৰ পাছতহে কৃষি আইন প্ৰণয়ন কৰিছে বুলিও প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

তেওঁ কয় যে, 'এই পৰিৱৰ্তনে কেৱল কৃষকসকলক বান্ধোনৰ পৰা মুক্ত কৰাই নহয়, তেওঁলোকক নতুন অধিকাৰ প্ৰদান কৰিছে । এই নতুন কৃষি আইনৰ জৰিয়তে কৃষকে নতুন সুযোগ লাভ কৰিছে ।' মহাৰাষ্ট্ৰৰ জীতেন্দ্ৰ ভৈজীৰ উদাহৰণ দি মোদীয়ে কয় যে, 'এই নতুন কৃষি আইনৰ বাবে জীতেন্দ্ৰ ভৈজী লাভান্ৱিত হৈছে । পূৰ্বৰ অৱস্থা চলি থকা হ'লে শস্য বিক্ৰী কৰাৰ বাবদ পাবলগীয়া ধন ৪ মাহ পৰ্যন্ত কৃষকে লাভ নকৰিবও পাৰে ।

কিন্তু কৃষি আইনে এই ক্ষেত্ৰত কৃষকক সহায় কৰিছে ।' ছেপ্টেম্বৰ মাহত সংসদে এই আইনখন প্ৰণয়ন কৰে । শস্য বিক্ৰী কৰাৰ ৩ দিনৰ ভিতৰত কৃষকে প্ৰাপ্য ধন লাভ কৰাতো এই আইনে সুনিশ্চিত কৰে । কৃষি আইনখনৰ জৰিয়তে সুবিধাসমূহ লাভ কৰিবলৈ আইনখনৰ বিষয়ে ভালদৰে জানি ল'বলৈ প্ৰধানমন্ত্ৰী মোদীয়ে কৃষকসকলক আহ্বান জনায় ।' তেওঁ ৰাজস্থানৰ মহম্মদ আছলামৰ উদাহৰণ দি কয় যে, 'আছলামে এটা হোৱাটছএপ গ্ৰুপ খুলি সমীপৰ বজাৰসমূহত শস্যৰ মূল্যৰ বিষয়ে তথ্য সংগ্ৰহ কৰিছে আৰু ই কৃষকসকলৰ বাবে যথেষ্ট সহায়ক হিচাপে পৰিগণিত হৈছে ।'

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, 'সজাগতা থাকিলেহে জীৱন থাকিব । হাৰিয়ানাৰ বীৰেন্দ্ৰ যাদৱ নামৰ এগৰাকী লোকৰ বিষয়ে উল্লেখ কৰি মোদীয়ে কয় যে, লেকজন দুমাহৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ পৰা উভতি হাৰিয়ানালৈ আহিছিল । কেইটামান মেচিনৰ জৰিয়তে কাম আৰম্ভ কৰি এতিয়া তেওঁ ৫০ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ লগতে আন বহু কৃষকক সহায়ৰ হাতো আগবঢ়াইছে ।' কৃষি ক্ষেত্ৰৰ বিষয়ে অধ্যয়ন কৰি থকা ছাত্ৰসকলক ৭১ সংখ্যক 'মন কী বাত'ৰ জৰিয়তে কৃষকক সকলক কৃষি আইনৰ বিষয়ে সজাগ কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক:চিচিলিশৰ সৈতে ভাৰতে সুদৃঢ় কৰিব কৌশলগত সম্পৰ্ক

ABOUT THE AUTHOR

...view details