অসম

assam

ETV Bharat / bharat

কোভিড-১৯ৰ সংক্ৰমণ ৰোধিবলৈ নিয়োগ কামাণ্ডো বাহিনী - টিৰুবন্থপুৰম

কেৰালাৰ পুঁনথুৰাত তিনিতৰপীয়া লকডাউন ঘোষণা ৰাজ্য চৰকাৰৰ।

Commandos deployed in Kerala
Commandos deployed in Kerala's Poonthura as COVID-19 cases surge in the coastal belt

By

Published : Jul 9, 2020, 6:28 PM IST

নিউজ ডেস্ক, ৯ জুলাইঃ কৰ'ণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে বুধবাৰে কেৰালাৰ পুঁনথুৰাত নিয়োগ কৰা হয় হৈছে ২৫ টা কামাণ্ডোৰ দল। বিগত পাঁচটা দিনত উক্ত অঞ্চলত ৬০০ গৰাকীৰ অধিক লোকৰ কোভিড-১৯ নমুনা পৰীক্ষা কৰা হৈছিল আৰু ইয়াৰে ১১৯ গৰাকী লোকৰ কোভিড-১৯ পজিটিভ পোৱা গৈছে । ইয়াৰ পাছতেই অঞ্চলটোত ২৫ টা কামাণ্ডোৰ দল নিয়োগ কৰা হয় ।

সম্প্ৰতি ৰাজ্যখনৰ পুঁনথুৰা অঞ্চলটো কোভিড-১৯ হ'টস্পট হিচাপে ঘোষণা কৰা হৈছে । কেৰালাৰ আৰক্ষী সঞ্চালক প্ৰধান লোকনাথ বেহৰাই উল্লেখ কৰা অনুসৰি, উপকূলীয় সুৰক্ষা বাহিনী আৰু মেৰিণ এনফোৰ্চমেণ্টে পুঁনথুৰা অঞ্চলত মাছ ধৰা কাৰ্যৰ পৰা বিৰত থাকিবলৈ তামিলনাডুৰ মাছমৰীয়াসকলক নিৰ্দেশ প্ৰদান কৰিছে। লগতে, উক্ত অঞ্চলত জাৰি কৰা হৈছে তিনিতৰপীয়া কঠোৰ লকডাউন ।

পুঁনথুৰা অঞ্চলত নিয়োজিত কৰা ২৫ টা কামাণ্ডোৰ দলক জিলা উপায়ুক্ত দিব্যা ভি. পোপীনাথ আৰু সহকাৰী উপায়ুক্ত ঐশ্বৰ্য্য দোনগ্ৰে নেতৃত্ব দিব । লগতে, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান দৰবেশ চাহেবে তেওঁলোকক নিৰীক্ষণ কৰিব বুলি কেৰালাৰ আৰক্ষী সঞ্চালক প্ৰধান লোকনাথ বেহৰাই প্ৰকাশ কৰে।

উল্লেখ্য যে, কোভিড-১৯ মহামাৰীৰ ক্ষেত্ৰত ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিক লৈ বুধবাৰে টিৰুবন্তপুৰমত মুখ্যমন্ত্ৰী পিনাৰায়ী বিজায়ানৰ অধ্যক্ষতাত উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হৈছিল। বৈঠকত উপস্থিত আছিল ৰাজ্যখনৰ মুখ্য সচিব, স্বাস্থ্য মন্ত্ৰী, জ্যেষ্ঠ আৰক্ষী বিষয়াসহ বহু ব্যক্তি ।

ABOUT THE AUTHOR

...view details