দিল্লী,7 আগষ্ট: সময় তেতিয়া ৰাতি 8 বাজি 50 মিনিট ৷ কুলভূষণ গোচৰৰ মাননি ল'বৰ বাবে সুষমা স্বৰাজে ফোন কৰি মাতিলে হৰিশ ছালভেক ৷ ঠিক কৰা হয় সন্ধিয়া 6 বজাত হৰিশ ছালভেই লগ কৰিব প্ৰাক্তন বিদেশ মন্ত্ৰী গৰাকীক ৷ কিন্তু এই ফোনকলটোৰ এঘণ্টাৰ পাচতেই আহিল দুঃখবৰটো৷ হঠাতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় সুষমা স্বৰাজৰ ৷ এক সংবাদ মেল যোগে এই কথা জনায় আন্তৰাষ্ট্ৰীয় ন্যায়িক আদালতত বলিষ্ঠ ভূমিকা পালন কৰা আইনজীৱী হৰিশ ছালভে ৷
মৃত্যুৰ এঘন্টা পূৰ্বে কুলভূষণ গোচৰৰ মাননি ল'বৰ বাবে হৰিশ ছালভক মাতিছিল সুষমা স্বৰাজে - ETV BHARAT
মৃত্যুৰ মাত্ৰ কিছুসময় পূৰ্বে সুষমা স্বৰাজে ফোন কৰিছিল পাকিস্তানত কাৰাবন্দী কুলভূষণ যাদৱ গোচৰ সন্দৰ্ভত আন্তৰাষ্ট্ৰীয় ন্যায়ালয়ত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰখ্যাত আইনজীৱী হৰিশ ছালভেক ৷ কুলভূষণ গোচৰৰ মাননি ল'বৰ বাবে ফোন কৰি সুষমা স্বৰাজে মাতিছিল হৰিশ ছালভেক ৷
এক সংবাদমেলত হৰিশ ছালভে কয় যে, ৰাতি 8 বাজি 50 মিনিটত মোৰ তেওঁৰ সৈতে ফোনত কথা হৈছিল আৰু তেওঁ মোক কৈছিল- আপুনি কাইলৈ পুৱা ৬ বজাত মোৰ ঘৰলৈ আহিব আৰু মই দিব বিচৰা এই এটকাৰ মাননিটো লৈ যাব লাগিব। মই তেওঁক এই মূল্যৱান মাননিটো ল'বৰ বাবে নিশ্চয়কৈ যাম বুলিও প্ৰকাশ কৰিছিলো ৷
উল্লেখ্য যে, আন্তৰ্জাতিক আদালতত কুলভূষণ যাদৱ গোচৰৰ বাবে হৰিশ ছালভেক সৈমান কৰাইছিল সেইসময়ৰ তৎকালীন বিদেশ মন্ত্ৰী সুষমা স্বৰাজে আৰু সেই পাৰিশ্ৰমিকৰ পৰিমাণ আছিল মাত্ৰ 1 টকা৷ সেইসময়ৰ বিদেশ মন্ত্ৰী স্বৰাজে জানিছিল যে কুলভূষণ যাদৱ গোচৰৰ বাবে তেওঁ এজন উচিত ব্যক্তিক বাচি উলিয়াইছে ৷ কাৰণ এই গোচৰৰ ৰায় আন্তৰ্জাতিক আদালতত বৰ্তমানলৈ ভাৰতৰ পক্ষত আছে৷ 2016 চনত গুপ্তচৰৰ অভিযোগৰ বাবে পাকিস্তান প্ৰশাসনে আটক কৰিছিল কুলভূষণ যাদৱক আৰু 2017 বৰ্ষৰ 11 এপ্ৰিলত পাকিস্তানৰ সামৰিক আদালতে যাদৱক মৃত্যদণ্ডৰ আদেশ দিয়ে ৷ এই ৰায়ৰ পাচতে গোচৰতো লৈ ভাৰত যায় আন্তৰ্জাতিক ন্যায় আদালতত৷ এই গোচৰত আদালতৰ প্ৰাথমিক ৰায় যায় ভাৰতৰ পক্ষে ৷ কুলভূষণ যাদৱৰ মৃত্যুদণ্ড ৰায়ৰ ওপৰত জাৰি কৰা হয় স্থগিতাদেশ ৷ ইয়াৰ পাছৰ ৰায়ত এই মৃত্যুদণ্ডৰ আদেশৰ পুনৰ বিবেচনা কৰাৰ বাবে ইছলামাবাদক নিৰ্দেশ দিয়ে আন্তৰ্জাতিক আদালতে ৷