অসম

assam

ETV Bharat / bharat

১০ বছৰৰ সাধনাৰে অভূতপূৰ্ব উদ্ভাৱন কইম্বাতোৰৰ অভিযন্তাৰ

তামিলনাডুৰ কইম্বাতোৰৰ অভিযন্তা ছাউন্থিৰঞ্জন কুমাৰাস্বামীয়ে উদ্ভাৱন কৰি উলিয়াইছে ডিছটিলড্ ৱাটাৰ চালিত গাড়ী ইঞ্জিন । ১০ বছৰীয়া সাধনাৰ অন্তত উদ্ভাৱন কৰি উলিওৱা এই ইঞ্জিনটো কেইদিনমানৰ পাছতে মুকলি কৰা হ'ব ।

কইম্বাতোৰৰ অভিযন্তাৰ অত্যাধুনিক ইঞ্জিন উদ্ভাৱন

By

Published : May 11, 2019, 12:29 PM IST

নিউজ ডেস্ক, ১১ মে': তামিলনাডুৰ কইম্বাতোৰৰ ছাউন্থিৰঞ্জন কুমাৰাস্বামী নামৰ অভিযন্তা এজনে এটা ডিছটিলড্ ৱাটাৰ চালিত গাড়ী ইঞ্জিন তৈয়াৰ কৰিছে । পেট্ৰল বা ডিজেলৰ প্ৰয়োজন নোহোৱা এই ইঞ্জিনটো নিৰ্মাণৰ বাবে তেওঁক প্ৰয়োজন হৈছিল ১০ বছৰীয়া সাধনাৰ ।

কইম্বাতোৰৰ অভিযন্তাৰ অত্যাধুনিক ইঞ্জিন উদ্ভাৱন

কিন্তু অতি দুখৰ বিষয় যে, এই সপোনৰ প্ৰকল্পটো ভাৰতত মুকলি কৰাৰ পৰিকল্পনা কৰিছিল যদিও সমাদৰ নাপালে অভিযন্তাজনে । সেয়েহে জাপান চৰকাৰৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰা বাবে কেইদিনমানৰ পাছতে মুকলি কৰিব এই অপূৰ্ব উদ্ভাৱনটো ।

ABOUT THE AUTHOR

...view details