অসম

assam

ETV Bharat / bharat

আৰৱ সাগৰত আবদ্ধ 264 জন ভাৰতীয় মাছমৰীয়াক উদ্ধাৰ উপকূলৰক্ষীৰ

বাণিজ্যিক জাহাজৰ সহায়ত ভাৰতীয় উপকুলৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় 264 জন সংকটজনক অৱস্থাত থকা আবদ্ধ মাছমৰীয়াক ৷

ভাৰতীয় উপকূলৰক্ষীৰ সাফল্য
250জন মাছমৰীয়াক বাণিজ্যিক জাহাজৰ সহায়ত উদ্ধাৰ

By

Published : Dec 5, 2019, 11:38 AM IST

নেশ্যনেল ডেস্ক, 5 ডিচেম্বৰ: আৰৱ সাগৰত কঠিন সামুদ্ৰিক পৰিস্থিতিত সংকটজনক অৱস্থাত আবদ্ধ হৈ থকা 264জন ভাৰতীয় মাছমৰীয়াক বাণিজ্যিক জাহাজৰ সহায়ত ভাৰতীয় উপকূলৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

গোৱাৰ পশ্চিমত 250 ন'টিকেল দুৰত্বত আৱদ্ধ হৈ আছিল মাছমৰীয়াসকল

তামিলনাডু মৎস্য প্ৰাধিকৰণৰ বাৰ্তানুসৰি কোলাচেলে,গোৱাৰ পশ্চিমত 250 ন'টিকেল মাইল দূৰত্বত আবদ্ধ হৈ থকা মাছমৰীয়াসকলে অৱগত কৰে উপকূলৰক্ষী বাহিনীক ৷ ইয়াৰ পিচতে কোষ্টগাৰ্ড মেৰিটাইম ৰেছ্কিউ চেণ্টাৰে আন্তৰ্জাতিক সুৰক্ষা আবেষ্টনীক সক্ৰিয় কৰাৰ লগতে 264 জন মাছমৰীয়াক উদ্ধাৰৰ ব্যৱস্থা গ্ৰহণ কৰে ৷ ডিচেম্বৰৰ 3 তাৰিখে জৰুৰীকালীন বাৰ্তা পোৱা যায় ৷ লগে লগেই অভিযান আৰম্ভ কৰা হয় তেওঁলোকক উদ্ধাৰৰ বাবে ৷

মাছমৰীয়াসকলৰ বাবে খাদ্য আৰু প্ৰথমিক চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে

ফলস্বৰূপে,ভাৰতীয় বাণিজ্যিক জাহাজ 'নৱধেণু পূৰ্ণা' IFB7ৰে 86 জন মাছমৰীয়াক উদ্ধাৰ কৰে আৰু এখন জাপানী ধ্বজাবাহক MV Towda জাহাজে সংকটজনক অৱস্থাত থকা প্ৰায় 34জন মাছমৰীয়াক উদ্ধাৰ কৰে ৷ ভাৰতীয় উপকূলৰক্ষী আৰু মেৰিটাইম ৰেছ্কিউ চেণ্টাৰৰ অনুৰোধত শীঘ্ৰেই আন 5 খন বাণিজ্যিক জাহাজ,উদ্ধাৰ অভিযানত নামি পৰে আৰু 264 জন মাছমৰীয়াকে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

মাছমৰীয়াসকলৰ বাবে খাদ্য আৰু প্ৰথমিক চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে

মাছমৰীয়াসকলৰ বাবে খাদ্য আৰু প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰা হয় উদ্ধাৰৰ পাছতে ৷

লগতে পঢ়ক:মধ্য প্ৰদেশৰ ৰেৱাত বাছ আৰু ট্ৰাকৰ সংঘৰ্ষ, নিহত 15

ABOUT THE AUTHOR

...view details