অসম

assam

ETV Bharat / bharat

আৰৱ সাগৰৰ বুকুত অগ্নিদগ্ধ গৱেষক জাহাজ

কথমপি প্ৰাণ ৰক্ষা 52 জনকৈ আৰোহীৰ

etv bharat

By

Published : Mar 16, 2019, 1:03 PM IST

নিউজ ডেস্ক, 16 মাৰ্চ : সমুদ্ৰৰ মাজতেই দাউদাউকৈ জ্বলি উঠিল গৱেষক জাহাজ৷ কোনোমতে প্ৰাণ ৰক্ষা 16 জনকৈ বিজ্ঞানীৰ৷

শুকুৰবাৰে নিশা মাংগালুৰুত আৰৱ সাগৰৰ বুকুত অগ্নিদগ্ধ হয় সাগৰ সম্পদা নামৰ এখন গৱেষক জাহাজ৷ 16 জনকৈ বৈজ্ঞানিক আৰু 36 জন সদস্য কঢ়িয়াই নিয়া জাহাজখনত জুই লগাৰ খবৰ পায়েই অগ্নিনিৰ্বাপনৰ বাবে আৰৱ সাগৰৰ বুকুত উপস্থিত হয় ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ দুখন জাহাজ৷ সুজয় আৰু বিক্ৰম নামৰ উদ্ধাৰকাৰী জাহাজ দুখনৰ প্ৰচেষ্টাত কোনোমতে প্ৰাণ ৰক্ষা পৰে গৱেষক জাহাজখনৰ আৰোহীৰ৷ সাগৰ সম্পদা নামৰ গৱেষক জাহাজখনত অগ্নিৰ সূত্ৰপাত হোৱাৰ কাৰণ বৰ্তমানলৈ জানিবলৈ সক্ষম হোৱা নাই ইণ্ডিয়ান কোষ্ট গাৰ্ডে ৷

ABOUT THE AUTHOR

...view details