নিউজ ডেস্ক, 25 নৱেম্বৰ : ভাৰতীয় উপকুলৰক্ষী বাহিনীয়ে বুধবাৰে তামিলনাড়ুৰ তোতিকোৰিণৰ থাৰুবিকুলমৰ সাগৰৰ পৰা আঠজনীয়া এটা মাছমৰীয়াৰ দলক এখন টুনা-লাইনাৰ নাওৰ পৰা উদ্ধাৰ কৰে ৷
তোতিকোৰিণ এম. আৰ. এছ. ছি. (মেৰিন ৰেস্কিউ চাৱ চেন্টাৰ)ত বুধবাৰে দুপৰীয়া প্ৰায় 2:25 বজাত তোতিকোৰিণৰ ভি.অ.চি. পোৰ্টৰ পৰা ভি.এইচ.এফ. ফোনক‘ল আহে ৷ ফোনযোগে থাৰুবিকুলম-133 নামৰ এখন ভাৰতীয় মাছধৰাত ব্যৱহৃত নাও সমস্যাৰ সন্মুখীন হৈ মাজ সাগৰত আৱদ্ধ হৈ থকাৰ কথা জনোৱা হয় ৷ যিখন নাওৰ ইঞ্জিন কক্ষত পানী সোমোৱা বুলি অৱগত কৰা হয় ৷ নাওখন তোতিকোৰিণ উপকুলৰ পৰা দক্ষিণত প্ৰায় 11 মাইল দূৰৈত আৱদ্ধ হৈ পৰা বুলি অৱগত কৰোৱা হয় ৷