নিউজ ডেস্ক, ২৮ জুন :বে আইনী ক্ৰিয়াকলাপ প্ৰতিৰোধ আইনৰ অধীনত ফ্ৰেব্ৰুৱাৰীত উত্তৰ পূব দিল্লী দাংগা সংস্থাটোৰ ভিত্তিত দিল্লী আৰক্ষীৰ এটা স্পেচিয়েল বাহিনীয়ে এটা কোচিং চেন্টাৰৰ ৩৬ বছৰীয়া মালিকক গ্ৰেপ্তাৰ কৰিছে ।
আৰক্ষীৰ অভিযোগ অনুসৰি, দক্ষিণ দিল্লীৰ সংগম বিহাৰত বাসকৰা তছলীম আহমেদ সক্ৰিয়ভাবে সন্ত্ৰাসবাদী সংগঠনৰ লগত জড়িত আছে । যি গৰাকী ব্যক্তিক ইয়াৰ পূৰ্বতেও গ্ৰেপ্তাৰ কৰা হৈছিল । ব্যক্তি গৰাকীক প্ৰথমবাৰৰ বাবে এপ্ৰিলৰ শেষৰ সপ্তাহত গ্ৰেপ্তাৰ কৰা হৈছিল । কিন্তু দুই সপ্তাহৰ পিচতে জামিন লাভ কৰিছিল । কিন্তু দিল্লী আৰক্ষীৰ স্পেচিয়েল বাহিনীয়ে তেওঁক সোধপোচৰ বাবে মাতি আনি গ্ৰেপ্তাৰ কৰিছে ।