অসম

assam

ETV Bharat / bharat

কলকাতাত তীব্ৰ প্ৰতিবাদৰ সন্মুখীন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

কলকাতা প’ৰ্ট ট্ৰাষ্ট 150 বছৰীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী মোদী কলকাতালৈ আহিছে ৷ মোদীৰ আগমনৰ খবৰ লাভ কৰি কৈথেলীৰ ভি আই পি পথটো আবদ্ধ কৰি ৰাখে একাংশ ছাত্র সংগঠনে ৷

কলকাতা
তীব্ৰ প্ৰতিবাদ

By

Published : Jan 11, 2020, 6:50 PM IST

Updated : Jan 11, 2020, 7:57 PM IST

কলকাতা,11 জানুৱাৰীঃ শনিবাৰে কলিকতাত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ মোদীৰ আগমনৰ খবৰ লাভ কৰি কৈথেলীৰ ভি আই পি পথটো আবদ্ধ কৰি ৰাখে একাংশ ছাত্র সংগঠনে ৷ প্ৰতিবাদকাৰীসকলে নৰেন্দ্ৰ মোদী গ’ বেক ধ্বনিৰে বিক্ষোভ প্ৰদৰ্শন কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ লগতে এন আৰ চি,ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জী বিৰোধী ধ্বনি প্ৰদান কৰে প্ৰতিবাদী দলটোৱে ৷ প্ৰায় আধাঘণ্টা ধৰি পথটো অৱৰোধ কৰি ৰাখে প্ৰতিবাদকাৰীসকলে ৷

দুদিনীয়া কাৰ্যসূচীৰে কলকাতাত মোদী

ইয়াৰ লগতে নৰেন্দ্ৰ মোদীক ক’লা পতাকা প্ৰদৰ্শন কৰে দলটোৱে ৷ বাওঁপন্থী আৰু একাংশ অন্য দল-সংগঠনেও প্ৰতিবাদটিত অংশগ্ৰহণ কৰে ৷ অৱশেষত প্ৰতিবাদস্থলীত বৃহৎ আৰক্ষীৰ এটা দল উপস্থিত হৈ প্ৰতিবাদকাৰীসকলক আঁতৰাবলৈ সক্ষম হয় ৷ উল্লেখ্য যে,কলকাতা প’ৰ্ট ট্ৰাষ্ট 150 বছৰীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী গৰাকী কলকাতালৈ আহিছে ৷

তীব্ৰ প্ৰতিবাদ

আনহাতে,বিমান বন্দৰৰ পৰা প্ৰধানমন্ত্ৰী যোৱা পথটিত বেৰিকেড নিৰ্মাণৰ লগতে অতিৰিক্ত সুৰক্ষা ব্যৱস্থা ৰখাৰ পিছতো প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সক্ষম হয় ছাত্ৰ সংগঠনসমূহে ৷

লগতে চাওকঃCAA ৰ প্ৰতিবাদৰ মাজতে পশ্চিমবংগত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী

Last Updated : Jan 11, 2020, 7:57 PM IST

ABOUT THE AUTHOR

...view details