অসম

assam

ETV Bharat / bharat

"দিল্লীত ক্ৰমাৎ নিম্নগামী হৈছে কোভিড-১৯ৰ গ্ৰাফ" - অৰবিন্দ কেজৰিৱাল

কোভিড-১৯ সংকটৰ মাজতেই ৰাজধানী চহৰখনৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বিগত মাহৰ তুলনাত দিল্লীত পৰিস্থিতি অধিত উন্নত বুলি উল্লেখ কৰে। দিল্লীত বৰ্তমান কোভিড-১৯ৰ গ্ৰাফ নিম্নগামী হ'বলৈ ধৰিছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

By

Published : Jul 3, 2020, 9:06 PM IST

delhi
cm kejriwal said graph of corona case in delhi is going down

নিউজ ডেস্ক, ৩ জুলাইঃ ৰাজধানী চহৰ দিল্লীত কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্য়া বৃদ্ধি হৈছে যদিও পূৰ্বৰ তুলনাত আক্ৰান্ত হোৱা ৰোগীৰ গ্ৰাফ সামান্য নিম্নগামী হৈছে। সম্প্ৰতি ৰাজধানী চহৰখনত কোভিড-১৯ত আক্ৰান্ত হৈছে মুঠ ৯২,১৭৫ গৰাকী ৰোগী। ইয়াৰে ২৬,৩০৪ গৰাকী লোক চিকিৎসাধীন অৱস্থাত থকাৰ বিপৰীতে ৬৩ হাজাৰৰো অধিক ৰোগীয়ে আৰোগ্য লাভ কৰিছে। আনহাতে, এই মহামাৰীৰ ফলত মৃত্যু হৈছে ২,৮৬৪ গৰাকী ৰোগীৰ।

কোভিড-১৯ সংকটৰ মাজতেই ৰাজধানী চহৰখনৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বিগত মাহৰ তুলনাত দিল্লীত পৰিস্থিতি অধিত উন্নত বুলি উল্লেখ কৰে। দিল্লীত বৰ্তমান কোভিড-১৯ৰ গ্ৰাফ নিম্নগামী হ'বলৈ ধৰিছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যবাসী, চৰকাৰ আৰু সামাজিক সংস্থাসমূহৰ চেষ্টাত এয়া সম্ভৱ হৈছে বুলি মুখ্য়মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

"দিল্লীত ক্ৰমাত্ নিম্নগামী হৈছে কোভিড-১৯ৰ গ্ৰাফ" - অৰবিন্দ কেজৰিৱাল

উল্লেখ্য যে, বিগত কেইবাদিন ধৰি দিল্লীত দ্ৰুত গতিত বৃদ্ধি পাইছিল কোভিড-১৯ আক্ৰান্ত লোকৰ সংখ্য়া। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিজাববীয়াকৈ দিল্লীৰ দায়িত্ব হাতত লোৱাৰ লগতে কোভিড-১৯ পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰিছিল। তদুপৰি দিল্লী চৰকাৰৰ সৈতে ধাৰাবাহিকভাৱে পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বৈঠকত বহিছিল।

লক্ষ্যণীয় যে, দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীশ ছিচৌড়িয়াই ৩০ জুনৰ ভিতৰত ৰাজধানী চহৰখনত কৰ'ণা ৰোগীৰ সংখ্য়া ১ লাখ হ'ব বুলি উল্লেখ কৰিছিল। যদি দৈনিক এই গতিত কোভিড-১৯ ৰোগীৰ সংখ্যা বৃদ্ধি হয় তেন্তে ৩১ জুলাইৰ ভিতৰত ৫.৫ লাখ লোকলৈ কৰ'ণা ভাইৰাছ সংক্ৰমিত হোৱাৰ সম্ভাৱনা আছে বুলিও প্ৰকাশ কৰিছিল মনীশ ছিচৌড়িয়াই ।

লগতে পঢ়ক :ইটিভি ভাৰতৰ বাতৰি প্ৰভাৱ : বিশ্বনাথত মেৰামতি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভগ্ন অংশ

ABOUT THE AUTHOR

...view details