নেশ্যনেল ডেস্ক, 10 জুলাই : ভাৰতৰ বাণিজ্যিক পাইলট সংগঠনে অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ৰ (MoCA) বিষয়াক শীঘ্ৰে দীৰ্ঘদিনীয়া বকেয়া ধন মুকলি আৰু তৎকালীনভাৱে প্ৰয়োগ হোৱাকৈ এয়াৰ ইণ্ডিয়াৰ পৰা পাইলটসকলক যোৱাৰ অনুমতি দিবলৈ অনুৰোধ জনায় ৷ 8 জুলাইত অনুষ্ঠিত এই বৈঠকত অংশগ্ৰহণ কৰিছিল ইণ্ডিয়ান পাইলট গীল্ড, MoCA ৰ বিষয়ববীয়া আৰু CMD ৷
পাইলট সংগঠনটোৱে কয়,"কৰ'ণা মহামাৰীয়ে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়তে এয়াৰ ইণ্ডিয়াৰ যুঁজাৰুসকলক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বাবে আমি অসন্তুষ্ট হৈছো ৷ কিন্তু, আমাৰ CMD ক আমি সমৰ্থন জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো ৷ সেই অনুসৰি, সকলোৰে দৰমহাৰ পৰা এটা শতাংশ কৰ্তনৰ জৰিয়তে এয়াৰ ইণ্ডিয়াৰ বোজা কিছু পৰিমাণে হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো ৷"
প্ৰতিমাহে বিনা কোনো চৰ্তৰে বাধ্যতামূলক চুটীৰো ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায় বৈঠকত ৷ বৰ্ডৰ অধীনস্থ সকলো পাইলটকে বজাৰৰ নিয়মাৱলী অনুসৰি ইয়াৰ অধীনত সাঙুৰি লোৱা উচিত ৷