২৯ মে’ৰ পৰা নিউজিলেণ্ডত এজনো কৰ’ণা আক্ৰান্ত ধৰা নপৰাত ক’ভিডমুক্ত নখন দেশৰ ভিতৰত নিজৰ নাম অন্তৰ্ভুক্ত কৰা বুলি ৯ জুনত নিউজিলেণ্ডে ঘোষণা কৰে । নিউজিলেণ্ডৰ যুৱতী প্ৰধানমন্ত্ৰী জাকিণ্ডা আৰ্ডেনে আনন্দতে নচা বুলি প্ৰকাশ কৰে । নিউজিলেণ্ডস্থিত ভাৰতীয় উচ্চায়ুক্ত মুকতেশ পৰদেশীৰ মতে উন্নত স্বাস্থ্য সেৱা, স্পষ্টভাৱে বাৰ্তা প্ৰচাৰৰ ব্যৱস্থা আৰু এগৰাকী জনপ্ৰিয় প্ৰধানমন্ত্ৰীৰ প্ৰতি থকা ৰাইজৰ আস্থাই দেশখনৰ ক’ভিড-১৯ যুঁজত সফলতাৰ মূল কাৰণ । নিউজিলেণ্ডে দেশখনৰ নাগৰিকসকলক ভাইৰাছবিধৰ বিষয়ে অৱগত আৰু সজাগ কৰাৰ লগতে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল সেই বিষয়ে অ’কলেণ্ডৰ পৰা উচ্চায়ুক্তগৰাকীয়ে জ্যেষ্ঠ সাংবাদিক স্মিতা শৰ্মাৰে হোৱা বাৰ্তালাপত প্ৰকাশ কৰিছে । ঘৰুৱা যাতায়ত, জন সমাবেশ আৰু অৰ্থনৈতিক কাৰ্যকলাপত থকা সকলোধৰণৰ নিষেধাজ্ঞা এতিয়া দেশখনে প্ৰত্যাহাৰ কৰিছে । মাত্ৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত বাধা-নিষেধ আৰোপ কৰা হৈছে । শীঘ্ৰে অষ্ট্ৰেলিয়া বা প্ৰশান্ত মহাসাগৰায়ীয় কেতবোৰ সৰু দেশৰ সৈতে বিমানসেৱা পুনৰাম্ভ হোৱাৰো সম্ভাৱনা আছে । ক’ভিডৰ সংক্ৰমণ নোহোৱাৰ সময়ত পূৰ্বৰ দৰে অনুষ্ঠিত হোৱাৰ দৰে এইবাৰ যোগ দিৱস পালন কৰিবলগীয়া কেইখনমান দেশৰ ভিতৰত এখন বা একমাত্ৰ দেশ হিচাপে নিউজিলেণ্ড পৰিগণিত হ’ব বুলি উচ্চায়ুক্ত পৰদেশীয়ে অৱগত কৰে । ক’ভিড-১৯ ৰ প্ৰভাৱ আৰু চীনৰ সৈতে নিউজিলেণ্ডৰ অতি নিবিড় সম্পৰ্ক সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে এখন দেশৰ ওপৰতে নিৰভৰ হোৱাৰ ফলত সৃষ্টি হোৱা অসুবিধা সম্পৰ্কে কিৱিজৰ ভিতৰতে বহুতে উপলব্ধি কৰিছে । ক’ভিডৰ পাছৰ পৰিস্থিতি সলনি হ’ব পাৰে বুলিও পৰদেশী মন্তব্য কৰে ।
নিউজিলেণ্ডস্থিত ভাৰতীয় উচ্চায়ুক্ত মুকতেশ পৰদেশীৰ সৈতে হোৱা সম্পূৰ্ণ সাক্ষাৎকাৰটো আগবঢ়োৱা হ’লঃ
প্ৰশ্ন—আকাৰ আৰু জনসংখ্যাৰ ক্ষেত্ৰত ভাৰত আৰু নিউজিলেণ্ড দুয়োখন দেশেই পৃথক । কিন্তু ক’ভিড-১৯ ৰ ক্ষেত্ৰত নিউজিলেণ্ডে লাভ কৰা সফলতাৰ পৰা ভাৰতে যথেষ্ট শিকিবলগীয়া আছে ।
এই সময়ত নিউজিলেণ্ডত থাকিবলৈ পোৱাৰ বাবে মই নিজকে সৌভাগ্যৱান বুলি ভাবো । নিজকে কৰ’নাভাইৰাছৰ পৰা মুক্ত বুলি ঘোষণা কৰাৰ পাছত নিউজিলেণ্ড এক আদৰ্শ স্বৰূপ হৈ পৰিছে । এই ক্ষেত্ৰত ক’ভিড-১৯ ৰ পৰা মুক্ত হোৱা আন দেশসমূহৰ ভিতৰত ইউৰোপৰ মণ্ট নেগ্ৰো, প্ৰশান্ত মহাসাগৰীয় দেশ চামোৱা আছে ।নিউজিলেণ্ডে আকৰ্ষণ কৰাৰ কাৰণ হৈছে যে দেশখন উন্নত, উদ্যোগেৰে পৰিপূৰ্ণ আৰু পশ্চিমীয়া পৃথিৱীৰ সৈতে সংযুক্ত । ২৯ মে’ৰ পৰা ইয়াত কোনোধৰণৰ নতুন ক’ভিড-১৯ আক্ৰান্ত লোক পোৱা নাই । গতিকে দেশখনত ক’ভিড-১৯ আক্ৰান্ত লোকৰ মুঠ সংখ্যা ১৫০৪ জন । ইয়াৰে ২২জনৰ মৃত্যু হৈছে । এয়া সঁচাকৈয়ে আনন্দদায়ক কথা । এতিয়া ক’ভিডে যাতে সীমান্তৰে প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে যুঁজ দিছে নিউজিলেণ্ডে । দেশখনৰ আকাৰ আৰু জনসংখ্যাৰ ফালৰ পৰা দেশখনৰ বহু সুবিধা আছে । নিউজিলেণ্ডৰ জনসংখ্যা ৫ মিলিয়ন । কিন্তু ভৌগলিক দিশৰ পৰা দেশখনৰ জনসংখ্যা সিঁচৰিত হৈ আছে । গতিকে সমগ্ৰ দেশখনতে মানুহবোৰ সিঁচৰিত হৈ থকাৰ ফলত ভাৰততকৈ ইয়াত পৃথকীকৰণ কৰাটো অধিক সুবিধাজনক ।
প্ৰশ্ন—বিশ্বৰ ভিতৰতে কঠোৰভাৱে লকডাউন কাৰ্যকৰী কৰা দেশসমূহৰ ভিতৰত ভাৰতবৰ্ষও আছে । কিন্তু ভাৰতত ক’ভিড আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে । নিউজিলেণ্ডৰ পৰা লাভ কৰা কিছু ব্যৱহাৰিক শিক্ষা আপুনি আমাক জনাব নেকি?
তেওঁলোকে কৰা অন্যতম প্ৰেক্টিকেল কামটো হৈছে প্ৰথমটো সপ্তাহতে চাৰিটা পৰ্যায় থকা এটা হেলথ্ এলাৰ্ম চিষ্টেম গঢ়ি তোলা । চতুৰ্থক উচ্চতম পৰ্যায় হিচাপে গণ্য কৰি প্ৰায় ২০ মে’ত নিউজিলেণ্ডে প্ৰথম পৰ্যায় ঘোষণা কৰিছিল । ইয়াৰ তিনি-চাৰিদিন পাছতে দেশখনে চতুৰ্থ পৰ্যায়ত উপনীত হয় । প্ৰথমাৱস্থাত অধিকাংশ সংক্ৰমণৰ ঘটনাই বিদেশৰ পৰা প্ৰত্যাৱৰ্তন কৰা ছাত্ৰ-ছাত্ৰী বা ইৰান, চীন ভ্ৰমণ কৰি উভতি অহা লোকৰ মাজত পোৱা গৈছিল । এইসমূহ দেশৰ সৈতে নিউজিলেণ্ডে সীমান্ত বন্ধ কৰি দিয়ে ।এই চাৰিটা পৰ্যায়ৰ হেলথ এলাৰ্ম চিষ্টেমৰ ফলপ্ৰসূ ব্যৱহাৰ কৰা হয় । তাৰ সমান্তৰালভাৱে বিভিন্ন পৰ্যায়ত কি কি ঘটিব সেই বিষয়ে মানুহবোৰৰ মাজত সজাগতা বৃদ্ধিৰ চেষ্টা কৰা হয় । তেওঁলোকে যেতিয়া প্ৰথম পৰ্যায়ৰ কথা ঘোষণা কৰিছিল তাৰ পূৰ্বেই চতুৰ্থ পৰ্যায়ত কি ঘটিব সেই বিষয়ে জনোৱা হৈছিল । গতিকে প্ৰধানমন্ত্ৰীগৰাকীয়ে যেতিয়া এই এলাৰ্ম ব্যৱস্থা প্ৰৱৰ্তন কৰে তেতিয়া সকলো নাগৰিকে প্ৰত্যাহ্বান গ্ৰহণৰ বাবে সাজু হৈ উঠে । গতিকে চৰকাৰে ৰাইজৰ আস্থা আদায় কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া পদক্ষেপসমূহৰ ভিতৰত হেলথ এলাৰ্ম চিষ্টেম এক উল্লেখনীয় উদাহৰণ । নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেকিণ্ডা আৰ্ডেনৰ ব্যাপক গ্ৰহণযোগ্যতা আছে । গতিকে চৰকাৰৰ সতৰ্কতা ব্যৱস্থাৰ প্ৰতি ৰাইজে সহযোগিতা আগবঢ়ায় । চৰকাৰে যি কৰিছে তাৰ প্ৰতি তেওঁলোকৰ বিপুল সমৰ্থন আছে । গতিকে স্পষ্টভাৱে বাৰ্তা প্ৰেৰণ ব্যৱস্থা, নিয়মীয়া আৰু আগতীয়া সতৰ্কতা ব্যৱস্থাই নিউজিলেণ্ডক সহায় কৰিছে বুলি মই ক’ম ।
প্ৰশ্ন—ক’ভিডৰ বিৰুদ্ধে যুঁজি সফলতা লাভ কৰাৰ বাবে দক্ষিণ কোৰিয়াকো প্ৰশংসা কৰা হয় । কিন্তু দক্ষিণ কোৰিয়াৰ লগতে আন বহু দেশে সম্ভাব্য দ্বিতীয় পৰ্যায়ৰ ৱেভৰ বাবে সাজু হ’বলৈ লৈছে । গতিকে নিউজিলেণ্ডে কেনেধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিব?
৯ জুনৰ পৰা এতিয়ালৈকে দেশখনে এলাৰ্ম চিষ্টেমৰ প্ৰথম স্তৰত আছে । গতিকে পৰিস্থিতি এতিয়াও সম্পূৰ্ণৰূপে স্বাভাৱিক হোৱা নাই । বিভিন্ন স্থানত জন সমাৱেশ দেখা যায় । যাতায়তৰ ক্ষেত্ৰত কোনোধৰণৰ বাধ্য বাোধকতা নাই । সীমান্ত বন্ধ ৰখা হৈছে । গতিকে প্ৰথম পৰ্যায়ত কোনো বিদেশীকে প্ৰৱেশৰ অনুমতি প্ৰদান কৰা নহয় । মাত্ৰ প্ৰত্যাৱৰ্তনৰ বাবে চলা বিশেষ বিমানেৰে লোকসকলক আহিব পাৰিব আৰু তেওঁলোকে চৰকাৰৰ নিয়ম অনুসৰি চৈধ্য দিনৰ বাবে কোৱাৰেণ্টীনত থাকিব লাগিব ।বিগত মাহত যেতিয়া এয়াৰ ইণ্ডিয়াই ভাৰতৰ পৰা যাত্ৰীসকলক আকাশী পথেৰে কঢ়িয়াই নিছিল তেতিয়া তেওঁলোকক চৰকাৰীভাৱে কোৱাৰেণ্টীন কেন্দ্ৰত ৰখা হৈছিল । নিউজিলেণ্ডে সীমান্ত বন্ধ কৰিছে আৰু তেওঁলোকৰ উদ্দেশ্যও অনুৰূপেই আছে । । যদি আগন্তুক পষেক বা তিনি সপ্তাহত নতুনকৈ ক’ভিড-১৯ ত আক্ৰান্ত লোক পোৱা নাযায় তেতিয়া অষ্ট্ৰেলিয়া বা প্ৰশান্ত মহাসাগৰীয় দ্বীপসমূহতো অনুৰূপ পদ্ধতি প্ৰয়োগ কৰা হ’ব বুলি অনুমান কৰা হৈছে । কিয়নো তেওঁলোকৰ মাজত নিবিড় সম্পৰ্ক আছে । অন্যথা এই দেশসমূহে সহজে সীমান্ত মুকলি কৰি দিয়াৰ কথা চিন্তা নকৰে ।
প্ৰশ্ন—ভাৰতৰ অসামৰিক বিমান সেৱাৰ মন্ত্ৰী হৰদ্বীপ পুৰীয়ে আগষ্টৰ ভিতৰত সীমিতসংখ্যক আন্তঃৰাষ্ট্ৰীয় বিমানৰ পুনৰ চলাচলৰ ইংগিত প্ৰদান কৰিছিল । ভাৰতৰ সৈতে বিমান চলাচলৰ কিবা সম্ভাৱনা আছেনে?
এতিয়ালৈকে আমাৰ লোকসকলক ওভোতাই আনিবলৈ আমি চেষ্টা অব্যাহত ৰাখিছোঁ । প্ৰায় তিনি হাজাৰ ভাৰতীয় লোক নিউজিলেণ্ডত আবদ্ধ হৈ আছে । এই মাহত বন্দে ভাৰত মিছনৰ অধীনত আমি নখন বিমান লাভ কৰিছোঁ । আমাৰ প্ৰথমখন বিমান বিগত সপ্তাহত উৰা মাৰে আৰু ৩০ জুনলৈকে এয়া অব্যাহত থাকিব । গতিকে যিসকল লোক ইয়াত আবদ্ধ হৈ আছে তেওঁলোক ভাৰতলৈ গৈ আছে আৰু ভাৰতৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা কিৱসকলো নিজ দেশলৈ উভতিছে । এয়া পাৰস্পৰিক প্ৰক্ৰিয়া । জুনৰ ভিতৰত আবদ্ধ হৈ থকা অধিকাংশ ভাৰতীয় লোককে ভাৰতবৰ্ষলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হ'ম বুলি আমি আশাবাদী ।