অসম

assam

ETV Bharat / bharat

লাউড স্পীকাৰেৰে শিক্ষাদান ঝাৰখণ্ডৰ এজন শিক্ষকৰ

ঝাৰখণ্ডৰ ডুমকা জিলাৰ বানকথী আপগ্ৰেডেড মিডিল স্কুলৰ প্ৰধান শিক্ষক শ্য়াম কিশোৰ গান্ধীয়ে লাউড স্পীকাৰৰ জড়িয়তে ছাত্ৰ-ছাত্ৰীৰ পাঠদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে। বিদ্যালয়খনৰ ২৪৬ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ২০৪ গৰাকী শিক্ষাৰ্থীৰ ঘৰত স্মাৰ্টফোট নোহোৱা কথা গম পোৱাৰ পাছতেই শিক্ষকগৰাকীয়ে গ্ৰহণ কৰিছে এই ব্যৱস্থা ।

By

Published : Jun 25, 2020, 9:17 PM IST

Classes on loudspeaker
Classes on loudspeaker: Jharkhand teacher beats odds of online learning

নিউজ ডেস্ক, ২৫ জুন :কোভিড-১৯ সংকটৰ বাবে দেশজুৰি বন্ধ আছে সকলো শিক্ষানুস্থান। এই মহামাৰীৰ বাবে ছাত্ৰী-ছাত্ৰীসকলে বিদ্যালয়লৈ যোৱাত বাধা আহি পৰাত দেশৰ বহুসংখ্যক বিদ্যালয়ে আৰম্ভ কৰিছে অনলাইন পাঠদানৰ ব্যৱস্থা। ঝাৰখণ্ডৰ ডুমকা জিলাতো শিক্ষাৰ্থীৰ অনলাইন পাঠদানক লৈ প্ৰশাসনে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। গ্ৰাম্যাঞ্চলৰ স্মাৰ্টফোন নথকা দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে অনলাইন শিক্ষালাভৰ পৰা বঞ্চিত নহয় তাৰ বাবে শিক্ষকসকলে বিকল্প পদ্ধতি ব্যৱহাৰ কৰিছে। তেওঁলোকে দুৰণিবটীয়া শিক্ষা প্ৰদানৰ বাবে লাউড স্পীকাৰৰ জড়িয়তে ছাত্ৰ-ছাত্ৰীৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

লাউডস্পীকাৰেৰে শিক্ষাদান ঝাৰখণ্ডৰ এজন শিক্ষকৰ

ডুমকা জিলাৰ বানকথী আপগ্ৰেডেড মিডিল স্কুলৰ (Bankathi Upgraded Middle School) প্ৰধান শিক্ষক শ্য়াম কিশোৰ গান্ধীয়ে লাউড স্পীকাৰৰ জড়িয়তে ছাত্ৰ-ছাত্ৰীৰ পাঠদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে । তেখেতে মাইক্ৰফোনৰ জড়িয়তে লাউড স্পীকাৰৰ নেটৱৰ্ক সংযোগ কৰি পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বিদ্যালয়খনৰ ২৪৬ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ২০৪ গৰাকী শিক্ষাৰ্থীৰ ঘৰত স্মাৰ্টফোট নোহোৱা কথা গম পোৱাৰ পাছতেই শিক্ষকগৰাকীয়ে এই ব্যৱস্থা গ্ৰহণ কৰে।

লাউডস্পীকাৰেৰে শিক্ষাদান ঝাৰখণ্ডৰ এজন শিক্ষকৰ

বানকথী গাঁৱৰ এটা চ'কত এটুকুৰা শিলৰ ওপৰত শিক্ষকগৰাকীয়ে মাইক্ৰ'ফোনটো ৰাখিছে। শিক্ষাৰ্থীয়ে যাতে নিজৰ ঘৰৰ পৰা শিক্ষকৰ মাত ভালদৰে শুনিব পাৰে তাৰবাবে এইদৰে কেইবাটাও মাইক্ৰ'ফোন ৰখা হৈছে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক শ্যাম কিশোৰ গান্ধীয়ে উল্লেখ কৰা অনুসৰি, স্মাৰ্টফোট নথকা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ বাবে তেখেতে লাউড স্পীকাৰৰ জড়িয়তে পাঠদান কাৰ্য আৰম্ভ কৰিছে। সামাজিক দুৰত্ব বৰ্তাই ৰাখি শিক্ষাৰ্থীসকলে সহজে যাতে শিক্ষা গ্ৰহণ কৰিব পাৰে, তাৰ বাবে এই ব্যৱস্থাৰে শিশুসকলক শিক্ষালাভত সহায় কৰিছে শিক্ষকগৰাকীয়ে।

প্ৰতিটো দিনত প্ৰায় ১০০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে এই পদ্ধতিৰ জড়িয়তে শিক্ষালাভ কৰে বুলি শিক্ষক শ্যাম কিশোৰ গান্ধীয়ে প্ৰকাশ কৰে। শিক্ষকজনে এই পদ্ধতিৰে পাঠদান কৰা কাৰ্যত গাঁৱখনৰ কোনো লোকে অভিযোগ কৰা নাই বুলি জানিব পৰা গৈছে। অষ্টম শ্ৰেণীৰ মণিষা মাৰান্দি নামৰ এগৰাকী ছাত্ৰীয়ে এই পদ্ধতিৰে শিক্ষাগ্ৰহণ কৰোতে কোনো ধৰণৰ অসুবিধাৰ সম্মুখীন হোৱা নাই বুলি প্ৰকাশ কৰে। উল্লেখ্য যে, সম্প্ৰতি আদিবাসী অধ্যুষিত জুমকা জিলাখনত কোনো লোক কোভিড-১৯ত আক্ৰান্ত হোৱা নাই।

লগতে পঢ়ক :দুগৰাকী শিক্ষাৰ্থীয়ে উজলালে মহানগৰীৰ ছাই বিকাশ জুনিয়ৰ কলেজ

ABOUT THE AUTHOR

...view details