নিউজ ডেস্ক,24 ফেব্ৰুৱাৰীঃ সোমবাৰে পূৰ্বোত্তৰ দিল্লীৰ মৌজপুৰ অঞ্চলত কা'সমৰ্থক আৰু 'কা' বিৰোধীৰ মাজত তুমুল সংঘৰ্ষ ৷ সংঘৰ্ষৰ পৰিণতিস্বৰূপে শিলগুটি প্ৰক্ষেপ কৰিলে ইজনে সিজনৰ গালৈ ৷
অৱশেষত দুয়োটা দলকে ছত্ৰভংগ দিবৰ বাবে আৰক্ষীয়ে প্ৰয়োগ কৰিলে কন্দুৱা গেছ ৷ কিছুসংখ্যক আৰক্ষীয়ে যিমান পাৰে শান্তিপূৰ্বক ভাৱে বুজাবলৈ প্ৰয়াস কৰিছিল ৷ সমগ্ৰ পৰিস্থিতি অনুধাৱন কৰি বন্ধ কৰি দিয়া হৈছিল দিল্লী মেট্ৰ'ৰ বহুকেইটা ষ্টেশ্যন ৷ প্ৰৱেশ আৰু প্ৰস্থান দুয়োটাই বন্ধ কৰি দিয়া হৈছিল জাফৰাবাদ মৌজপুৰ-বাবৰপুৰ ষ্টেশ্যনত ৷
শেহতীয়াকৈ DMRCয়ে এই সন্দৰ্ভত টুইট কৰি জনাই যে,"জাফৰাবাদ মৌজপুৰ-বাবৰপুৰ ষ্টেশ্যনত বন্ধ কৰি দিয়া হৈছে প্ৰৱেশ আৰু প্ৰস্থান ৷ এইকেইটা ষ্টেশ্যনত ট্ৰেইন নৰখে ৷ "