নতুন দিল্লী , 20 এপ্ৰিল : নিজৰ বিৰুদ্ধে উত্থাপন হোৱা যৌন উৎপীড়নৰ অভিযোগ খণ্ডন কৰে দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ৷ এনে ধৰণৰ মিছা অভিযোগে ন্যায়পালিকাৰ স্বাধীনতা খৰ্ব কৰে বুলি মন্তব্য কৰে ন্যায়াধীশগৰাকীয়ে ৷ এয়া ন্যায়পালিকাক অস্থিৰ কৰিবলৈ কৰা ষড়যন্ত্ৰ বুলি মন্তব্য কৰে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ৷
ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন উৎপীড়নৰ অভিযোগ - ন্যায়াধীশ ৰঞ্জন গগৈ
যৌন উৎপীড়নৰ অভিযোগ খণ্ডন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ ৷এনে ধৰণৰ মিছা অভিযোগে ন্যায়পালিকাৰ স্বাধীনতা খৰ্ব কৰে বুলি মন্তব্য কৰে ন্যায়াধীশগৰাকীয়ে ৷
উচ্চতম ন্যায়ালয়ৰ এক বিশেষ বিচাৰপীঠে এই অভিযোগৰ শুনানি গ্ৰহণ কৰে ৷ তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ আঁৰত ষড়যন্ত্ৰ থকা বুলি প্ৰকাশ কৰে মুখ্য ন্যায়াধীশগৰাকীয়ে ৷ মুখ্য ন্যায়াধীশৰ কাৰ্যপ্ৰণালীত প্ৰভাৱ পেলাবৰ বাবেই এনে ষড়যন্ত্ৰ কৰা হৈছে বুলি তেওঁ লগতে প্ৰকাশ কৰে ৷ উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে মুখ্য ন্যায়াধীশ গৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ভিত্তিহীন বুলি মন্তব্য কৰে ৷ মুখ্য ন্যায়াধীশ গৰাকীয়ে মন্তব্য কৰা অনুসৰি আগন্তুক সপ্তাহত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ শুনানি গ্ৰহণ কৰা হ'ব ৷ সেয়েহে তেওঁৰ বিৰুদ্ধে এই ষড়যন্ত্ৰ কৰা হৈছে ৷ কিন্তু ন্যায়পালিকাক কোনো লোকে বলিৰ পঁঠা সজাব নোৱাৰে বুলিও তেওঁ মন্তব্য কৰে ৷ এনে ধৰণৰ ঘটনাই ন্যায়পালিকাৰ প্ৰতি বিপদ মাতিছে বুলিও তেওঁ মন্তব্য কৰে৷ তেওঁৰ বিৰুদ্ধে দুৰ্নীতি কোনো অভিযোগ উত্থাপন কৰিব নোৱাৰে সেয়েহে এনে ধৰণৰ অভিযোগ উত্থাপন কৰা হৈছে কয় মুখ্য ন্যায়াধীশ গৰাকীয়ে ৷