অসম

assam

ETV Bharat / bharat

পি আই এলৰ শুনানিৰ পৰা অব্যাহতি মুখ্য ন্যায়াধীশৰ - CJI

দেশৰ মুখ্য ন্যায়াধীশে গ্ৰহণ কৰিলে এই বিশেষ সিদ্ধান্ত

ন্যায়াধীশ ৰঞ্জন গগৈ

By

Published : Feb 25, 2019, 4:25 PM IST

নিউজ ডেস্ক, ২৫ ফেব্ৰুৱাৰীঃ দেশৰ সৰ্বোচ্চ ন্য়ায়ালয়ৰ মুখ্য ন্যায়াধীশে সোমবাৰে গ্ৰহণ কৰে এক বিশেষ সিদ্ধান্ত । বিশেষ বিচাৰপীঠৰ দায়িত্বত থকা মুখ্য ন্যায়াধীশগৰাকীয়ে এক ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ শুনানি গ্ৰহণ কৰাৰ পৰা অব্যাহতি লয় ।

ন্যায়াধীশ ৰঞ্জন গগৈ

নেশ্বনেল লয়াৰছ কেম্পেইন ফৰ জুদিছিয়েল ট্ৰান্সপাৰেন্সি এণ্ড ৰিফৰ্মছে উচ্চতম ন্য়ায়ালয়ত দাখিল কৰে এক ৰাজহুৱা স্বাৰ্থজনিত আবেদন । উচ্চতম ন্য়ায়ালয়ৰ ন্যায়াধীশসকলক "জ্যেষ্ঠ" হিচাপে পদবী প্ৰদান কৰাক লৈ সংস্থাটোৱে দাখিল কৰিছিল এই আবেদন । সংস্থাৰ মতে, ৩০ বছৰতকৈ অধিক কাল ওকালতি কৰা উকীল সকলক "জ্যেষ্ঠ" হিচাপে পদোন্নতি দিবলৈ আবেদনৰ দ্বাৰা অনুৰোধ কৰিছিল ।

পৰৱৰ্তী সময়ত উক্ত আবেদনৰ শুনানিৰ বাবে গঠন কৰা খণ্ড বিচাৰপীঠৰ পৰা নিজৰ নাম উঠায় লয় দেশৰ মুখ্য ন্যায়াধীশগৰাকীয়ে । অৱশ্যে এই বিষয়ে এতিয়ালৈকে কোনোধৰণৰ মন্তব্য প্ৰদান কৰা নাই ন্যায়াধীশ ৰঞ্জন গগৈয়ে ।

ABOUT THE AUTHOR

...view details