পুনৰ যুদ্ধবিৰতি উলংঘন পাকিস্তানৰ - পাকিস্তান
5 মে'ৰ নিশা আঠবজাত হোৱা গুলীবৰ্ষণৰ ফলত গুলীবিদ্ধ হয় এগৰাকী নাগৰিক
![পুনৰ যুদ্ধবিৰতি উলংঘন পাকিস্তানৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3200775-932-3200775-1557123932718.jpg)
পুনৰ যুদ্ধবিৰতি উলংঘন পাকিস্তানৰ
নিউজ ডেস্ক, 6 মে': জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ ডেগৱাৰত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন ৷ 5 মে'ৰ নিশা আঠবজাত হোৱা গুলীবৰ্ষণৰ ফলত গুলীবিদ্ধ হয় এগৰাকী নাগৰিক ৷ পুঞ্চৰ তহচিলদাৰ হাভেলী নৰেশ কুমাৰে জনোৱা মতে এই সংঘৰ্ৰ ফলত নাগৰিকজনৰ মূৰত গুলী লাগে আৰু বৰ্তমান চিকিৎসাধীন হৈ আছে আঘাতপ্ৰাপ্ত লোকজন ৷ উল্লেখ্য যে, দেওবাৰে নিশা, পাকিস্তানে মৰ্টাৰ আৰু গুলীৰে পুঞ্চ আৰু ৰাজৌৰি জিলাত আক্ৰমণ কৰে ৷
পুনৰ যুদ্ধবিৰতি উলংঘন পাকিস্তানৰ