অসম

assam

ETV Bharat / bharat

CAA খন কি প্ৰথমে বুজি লওক, তাৰ পিছত প্ৰতিবাদ কৰক: নৰেন্দ্ৰ মোডী

আজি দিল্লীৰ ৰামলীলা মৈদানত এক বিশাল জনসভাত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৷ প্ৰধানমন্ত্ৰীৰ অনুৰোধ মৰ্মে বহু সংখ্যক লোক উপস্থিত হয় ৰামলীলা মৈদানত ৷  সভাত অংশগ্ৰহণ কৰি নাগৰিকত্ব সংশোধনী আইন সম্বন্ধে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

By

Published : Dec 22, 2019, 6:45 PM IST

CAA খন কি প্ৰথমে বুজি লওক, তাৰ পিছত প্ৰতিবাদ কৰক:নৰেন্দ্ৰ মোডী
CAA খন কি প্ৰথমে বুজি লওক, তাৰ পিছত প্ৰতিবাদ কৰক:নৰেন্দ্ৰ মোডী

নিউজ ডেস্ক, 22 ডিচেম্বৰ: আজি দিল্লীৰ ৰামলীলা মৈদানত এক বিশাল জনসভাত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৷ প্ৰধানমন্ত্ৰীৰ অনুৰোধ মৰ্মে বহু সংখ্যক লোক উপস্থিত হয় ৰামলীলা মৈদানত ৷ সভাত অংশগ্ৰহণ কৰি নাগৰিকত্ব সংশোধনী আইন সম্বন্ধে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

CAA খন কি প্ৰথমে বুজি লওক, তাৰ পিছত প্ৰতিবাদ কৰক:নৰেন্দ্ৰ মোডী

নক্সালবাদক সমৰ্থন কৰা একাংশ লোকে আইনখনৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা বুলি সভাত প্ৰকাশ কৰে নৰেন্দ্ৰ মোডীয়ে ৷ লগতে এই আইনখনৰ দ্বাৰা সকলো মুছলমান সম্প্ৰদায়ৰ লোকক ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰা হ'ব বুলি যি কংগ্ৰেছ আৰু নক্সালবাদ সমৰ্থকাৰী সকলে অপপ্ৰচাৰ উলিয়াছে বুলিও তীব্ৰ ভাষাৰে সমালোচনা কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ 'আপোনাৰ শিক্ষাক সন্মান কৰক, নাগৰিকত্ব সংশোধনী আইনখন কি সেই সম্বন্ধে জ্ঞান অৰ্জন কৰক, আপুনি শিক্ষিত' এই বুলি কংগ্ৰেছক কটাক্ষ নৰেন্দ্ৰ মোডীৰ ৷

এজন অনুপ্ৰৱেশকাৰীয়ে নিজৰ পৰিচয় লুকুৱাই আৰু এজন শৰণাৰ্থীয়ে সকলোৰে আগত নিজৰ পৰিচয় দিয়ে বুলি কৈ অনুপ্ৰৱেশকাৰী আৰু শৰণাৰ্থীৰ মাজত পাৰ্থক্য জনতাক বুজাই দিয়ে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ লগতে বহুতো অনুপ্ৰৱেশকাৰীয়ে এই প্ৰতিবাদৰ সুযোগ লৈছে বুলিও তেওঁ কয় ৷ 'তেওঁলোক ভীতিগ্ৰস্ত যে, সত্য ক'লে তেওঁলোকৰ প্ৰকৃত স্বৰপটো ওলাই আহিব ৷'

আমি কেতিয়াও ধৰ্মৰ ভিত্তিত ভেদাভেদ কৰা নাই ৷ তথাপিও আমি কিয় প্ৰত্যকবাৰে প্ৰশ্নৰ সন্মুখীন হ'ব লগা হয় বুলিও জনতাক প্ৰশ্ন কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ এনআৰচি কংগ্ৰেছৰ দিনতে পোহৰলৈ আহিছিল, সেই সময়খিনিত তেওঁলোক শুই আছিল নেকি ? আমিতো সদনলৈ এনআৰচি অনা নাই ? এইবুলিও ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details