অসম

assam

ETV Bharat / bharat

নাগৰিকত্ব আইন, এন আৰ চি দুখীয়াৰ স্বাৰ্থৰ বিৰুদ্ধে :প্ৰিয়ংকা গান্ধী - Citizenship Act, NRC are against poor: Priyanka Gandhi

ইণ্ডিয়া গেটত নাগৰিকত্ব আইন বিৰোধী প্ৰতিবাদত অংশগ্ৰহণ কৰে প্ৰিয়ংকা গান্ধীয়ে ৷ নাগৰিকত্ব আইন আৰু এন আৰ চি দুখীয়াৰ স্বাৰ্থৰ বিৰুদ্ধে বুলি মন্তব্য কৰে প্ৰিয়ংকাই ৷

নাগৰিকত্ব আইন, এন আৰ চি দুখীয়াৰ স্বাৰ্থৰ বিৰুদ্ধে
প্ৰিয়ংকা গান্ধী

By

Published : Dec 22, 2019, 9:06 AM IST

নেশ্যনেল ডেস্ক, 22 ডিচেম্বৰ : কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বদ্ৰাই নতুন দিল্লীৰ ইণ্ডিয়া গেটত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত অংশগ্ৰহণ কৰে ৷ নাগৰিকত্ব আইন আৰু এন আৰ চি দুখীয়াৰ স্বাৰ্থৰ বিৰুদ্ধে বুলি মন্তব্য কৰে প্ৰিয়ংকাই ৷

এই প্ৰতিবাদৰ সময়তে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে মন্তব্য কৰে, "ইয়াৰ ফলত দুখীয়া লোকসকল অধিক প্ৰভাৱিত হ'ব ৷ দৈনিক মজদুৰ সকলে কি কৰিব ?"

তেওঁ লগতে কয় যে, প্ৰতিবাদকাৰী সকলৰ সৈতে যোগ দিবৰ বাবে তেওঁ প্ৰতিবাদস্থলীত উপস্থিত হৈছে ৷ যিহেতু গণতন্ত্ৰত প্ৰতিবাদ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে সেয়েহে প্ৰতিবাদ শান্তিপূৰ্ণ প্ৰক্ৰিয়াৰে হ'ব লাগে ৷

আৰু পঢ়ক : ৰাজ্যৰ চৌদিশে তীব্ৰতৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details