অসম

assam

ETV Bharat / bharat

১ ফেব্ৰুৱাৰীৰ পৰা ১০০ শতাংশ আসনেৰে খুলিব ছবিগৃহ - ছবিগৃহবোৰ ১ ফেব্ৰুৱাৰীৰ পৰা ১০০ শতাংশ আসনেৰে খুলিব পাৰিব

ছবিগৃহবোৰ ১ ফেব্ৰুৱাৰীৰ পৰা ১০০ শতাংশ আসনেৰে খুলিব পাৰিব । কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অনুমোদনৰ পিছতে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে দেওবাৰে ছবিগৃহ পৰিচালনা সম্পৰ্কে নিৰ্দেশনা প্ৰকাশ কৰে । অৱশ্যে ছবিগৃহ সমূহে ক'ভিড-১৯ প্ৰট'কলক কঠোৰভাৱে অনুসৰণ কৰিব লাগিব ।

১ ফেব্ৰুৱাৰীৰ পৰা ১০০ শতাংশ আসনেৰে খুলিব ছবিগৃহ
১ ফেব্ৰুৱাৰীৰ পৰা ১০০ শতাংশ আসনেৰে খুলিব ছবিগৃহ

By

Published : Jan 31, 2021, 8:29 PM IST

নিউজ ডেস্ক , ৩১ জানুৱাৰী : কৰ'ণা মহামাৰীৰ সময়ত বিভিন্ন ক্ষেত্ৰৰ লগতে চিনেমা আৰু থিয়েটাৰ উদ্য়োগ যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্থ হৈছে । ছবি গৃহবোৰ খুলি দিয়া হৈছে যদিও সীমিত সংখ্য়ক দৰ্শকৰ উপস্থিতিৰ বাবে যথেষ্ট লোকচানৰ সন্মুখীন হৈছে ব্য়ৱসায়ৰ লগত জড়িত লোকসকল । চিনেমা আৰু থিয়েটাৰ ব্য়ৱসায়ক পুনৰ আগৰ অৱস্থালৈ ঘুৰাই অনাৰ প্ৰয়াস কৰিছে চৰকাৰে ।

অহা ১ ফেব্ৰুৱাৰীৰ পৰা ১০০ শতাংশ আসনেৰে ছবি গৃহবোৰ খোলাৰ নিৰ্দেশ দিলে চৰকাৰে । কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অনুমোদনৰ পিছত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ (আই.এণ্ড.বি) মন্ত্ৰালয়ে দেওবাৰে চিনেমা হল পৰিচালনা সম্পৰ্কে এই নিৰ্দেশনা মুকলি কৰে । অৱশ্যে, ছবিগৃহসমূহক এই সময়চোৱাত আন ক'ভিড-১৯ ৰ স্বাস্থ্য় বিধি পালন কৰিবলৈও আহ্বান জনোৱা হয় ।

ছবিগৃহৰ প্ৰৱেশ পথত থাৰ্মেল স্কেন কৰাটো বাধ্যতামূলক । চিনেমাৰ দুটা শ্ব'ৰ মাজত কিছু সময়ৰ ব্যৱধান থাকিব লাগিব যাতে ছবিগৃহত প্ৰৱেশ কৰা আৰু বাহিৰলৈ যোৱা লোকসকলে সামাজিক দূৰত্ব বজাই ৰাখিব পাৰে ।

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভেড়কাৰে দেওবাৰে চলচ্চিত্ৰ দৰ্শনী সম্পৰ্কীয় নতুন এছওপি প্ৰকাশ কৰে । তেওঁ কয় যে ১ ফেব্ৰুৱাৰীৰ পৰা ছবিগৃহৰ সকলো আসনে ব্য়ৱহাৰ কৰিব পাৰিব । লগতে তেওঁ অনলাইনযোগে টিকট বুকিঙৰ বাবে ৰাইজক অনুৰোধ জনায় ।

চৰকাৰৰ নিৰ্দেশনা অনুসৰি ছবিগৃহ কতৃপক্ষই চেনিটাইজ কৰাৰ লগতে আনুষংগিক ক'ভিড প্ৰট'কল অনুসৰণ কৰিব লাগিব । লগতে দৰ্শকসকলে ছবিগৃহৰ ষ্টলবোৰৰ পৰা খাদ্য সামগ্ৰী কিনিব পাৰিব আৰু সেইবোৰ চিনেমা হলৰ ভিতৰত লৈ যাব পাৰিব ।

উল্লেখ যে ২৭ জানুৱাৰীত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ১০০ শতাংশ আসনেৰে ছবিগৃহ মুকলি কৰাৰ বাবে অনুমোদন জনাইছিল । যাৰ পিছত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে নতুন এছ.ও.পি. জাৰী কৰিছিল আৰু দেওবাৰে এই তথ্য ৰাজহুৱা কৰা হয় ।

লগতে পঢ়ক :ৰাইজৰ দলৰ সমৰ্থিত প্ৰাৰ্থী থিয় কৰোৱা হ’ব পাটাৰকুছিত: কমল কুমাৰ মেধি

ABOUT THE AUTHOR

...view details