অসম

assam

ETV Bharat / bharat

মিকা সিঙক চিনে ৱৰ্কাৰ্ছ এছ'চিয়েছনৰ নিষেধাজ্ঞা আৰোপ

মিকা সিঙৰ ওপৰত নিষেধাজ্ঞা আৰোপ চিনে ৱৰ্কাৰ্ছ এছ'চিয়েছনৰ ৷ পাকিস্তানত গীত পৰিৱেশন কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

By

Published : Aug 14, 2019, 8:08 AM IST

মিকা সিঙক চিনে ৱৰ্কাৰ্ছ এছ'চিয়েছনৰ নিষেধাজ্ঞা আৰোপ

এন্টাৰটেইনমেন্ট ডেস্ক, 14 আগষ্ট : পাকিস্তানৰ কাৰাচীত গীত পৰিৱেশন কৰাৰ বাবে ভাৰতীয় চিনেমা উদ্যোগৰ পৰা গায়ক মিকা সিঙক নিষেধাজ্ঞা আৰোপ কৰিছে অল ইণ্ডিয়া চিনে ৱৰ্কাৰ্ছ এছ'চিয়েছনে (AICWA) ৷ পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰেফৰ ঘনিষ্ঠ সম্পৰ্কীয়ই আয়োজন কৰিছিল এই অনুষ্ঠানৰ ৷ AICWA ৰ সভাপতি সুৰেশ শ্যামলালে মঙলবাৰে মন্তব্য কৰে যে, প্ৰডাকছন হাউছ আৰু মিউজিক কোম্পানীবোৰৰ সৈতে থকা মিকাৰ সকলো সম্পৰ্কত নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ ইয়াৰ লগতে তেওঁ কয় যে, কোনেও মিকাৰ সৈতে কাম কৰিব নোৱাৰে আৰু কৰিলে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷

মিকা সিঙক চিনে ৱৰ্কাৰ্ছ এছ'চিয়েছনৰ নিষেধাজ্ঞা আৰোপ

ফিল্ম এছ'চিয়েছনে এই সম্পৰ্কত মন্তব্য কৰে যে, দুয়ো দেশৰ মাজত উদ্বিগ্নতা বৃদ্ধি পোৱাৰ সময়তে মিকা সিঙে দেশতকৈ ওপৰত টকাক স্থান দিলে ৷ এই সম্পৰ্কত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ হস্তক্ষেপ আশা কৰিছে এছ'চিয়েছনে ৷

ABOUT THE AUTHOR

...view details