অসম

assam

By

Published : Feb 20, 2020, 4:35 PM IST

ETV Bharat / bharat

কৰণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ

বৰ্তমানৰ কৰ'ণা ভাইৰাছৰ অৱস্থাই ১৮ বছৰ আগতে চীনত দেখা দিয়া চাৰ্চ (ভীষণ শ্বাস প্ৰশ্বাস জনিত অসুবিধা) নামৰ মহামাৰীৰ স্মৃতি সজীৱ কৰি তোলে। মহামাৰী নিৰ্মূলৰ ক্ষেত্ৰত চীনে অত্যাধিক গোপনীয়তা অৱলম্বন কৰা দেখা গৈছিল যিহেতু ই চীনৰ বাণিজ্যিক সম্পৰ্কত অসুবিধা সৃষ্টি কৰিব বুলি আশংকা কৰা হৈছিল। ষড়যন্ত্ৰ সূত্ৰ (conspiracy theory) সমূহৰ মতে জৈৱিক অস্ত্ৰ পৰীক্ষাৰ ফলশ্ৰুতিতে এই মহামাৰীৰ উৎপত্তি হৈছে। এইটো সন্দেহজনক যে এই মহামাৰীৰ মুখ্য কাৰণ হয়তো কেতিয়াও পোহৰলৈ নাহিব। কানাডা ভিয়েটনাম আৰু ছিংগাপুৰে সফলতাপূৰ্বক এই চাৰ্চ মহামাৰীৰ লগত মোকাবিলা কৰিবলৈ সক্ষম হৈছে।

কৰণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ
কৰণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ

কৰ'ণা ভাইৰাছ সমগ্ৰ বিশ্বতে বনজুইৰ দৰে এক ভয়ংকৰ গতিত বৃদ্ধি পাব ধৰিছে । ইয়াৰ অভিকেন্দ্ৰ স্বৰূপ চীনৰ হুৱেই প্ৰদেশত এই ৰোগত মৃত্যু হোৱা মানুহৰ সংখ্যা ৫০০ লৈ বৃদ্ধি পাইছে। অকল চীনৰ ক্ষেত্ৰতে প্ৰায় ২৬০০০ লোক এই ভাইৰাছৰ সংস্পৰ্শলৈ অহা বুলি সন্দেহ কৰা হৈছে। ভাৰতকে আদি কৰি বিশ্বৰ ২৬ খন দেশে এই মহামাৰীৰ উপস্থিতিৰ কথা নিশ্চিত কৰিছে। হংকঙ আৰু ফিলিপাইনছটো এই ৰোগত আক্রান্ত হৈ ৰোগীৰ মৃত্য হোৱাৰ খবৰ আহিছে । যদিও বিশ্ব স্বাস্থ্য সংস্থাই এই ৰোগৰ প্ৰাদুৰ্ভাৱক এতিয়ালৈকে গোলকীয় জৰুৰীকালীন অৱস্থা ৰূপে ঘোষণা কৰা নাই,তথাপি কোনো দেশেই এই ৰোগৰ ধ্বংসাত্মক পৰিণতিৰ কথা ভাৱি শান্তিত থাকিব পৰা নাই। এই ভাইৰাছ বাদুলী আৰু সাপৰ পৰা সহজে মানুহৰ শৰীৰলৈ বিয়পি পৰে। চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙেঅতি স্পষ্টভাৱে উল্লেখ কৰিছে যে চীন দেশে এই মহামাৰীৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ ক্ষেত্ৰত প্ৰচণ্ড প্ৰতিবন্ধকতাৰ সন্মূখীন হ'ব লগীয়া হৈছে। চীনে যুদ্ধকালীন প্ৰস্তুতিৰে এখন দহ হাজাৰ বিচনা যুক্ত চিকিৎসালয় গঢ়ি তোলাৰ লগতে ১৩ খন চহৰত ব্যাপক চিকিৎসা সাহায্য প্ৰদান কৰিছে। চীনে প্ৰায় ৪কোটি জনসাধাৰণৰ আহ-জাহ আৰু প্ৰত্যাহিক জীৱন যাত্ৰা নিৰীক্ষণ আৰু নিয়ন্ত্ৰণ কৰি এই মহামাৰীৰ বিপক্ষে কাৰ্যতঃ যুদ্ধ ঘোষণা কৰিছে। যিটো সময়ত ভাৰতৰ দৰে দেশে ৱুহানত থকা ভাৰতীয় লোক সকলক আকাশ মাৰ্গৰে ভাৰতলৈ অনাৰ ব্যৱস্থা কৰিছে,তেনে এক সময়তে পাকিস্তানে চীনত থকা লোক সকলক পৰিত্যাগ কৰাৰ কথা চিন্তা চৰ্চা কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে সমগ্ৰ বিশ্বৰ ৰাষ্ট্ৰ সমূহৰ যৌথ প্ৰচেষ্টাৰ জৰিয়তেহে এই ভাইৰাছৰ প্ৰকোপ প্ৰশমিত কৰিব পৰা যাব । কিন্তু এই খিনিতে প্ৰশ্ন উত্থাপিত হয় যে ৰাষ্ট্ৰ সমূহে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি অনা এই মহামাৰীক নিৰ্মূল কৰিবৰ বাবে যথাযোগ্য পদক্ষেপ গ্ৰহণ কৰিব পাৰিব নে ? যিহেতুকে এই পদক্ষেপৰ পৰা বিশ্ব অৰ্থনীতিত এক বৃহৎ প্ৰভাৱ পৰাৰ সম্ভাৱনা দেখা যায়।

চীনৰ হুৱেই প্ৰদেশত এই ৰোগত মৃত্যু হোৱা মানুহৰ সংখ্যা ৫০০ লৈ বৃদ্ধি পাইছে

বৰ্তমানৰ কৰ'ণা ভাইৰাছৰ অৱস্থাই ১৮ বছৰ আগতে চীনত দেখা দিয়া চাৰ্চ (ভীষণ শ্বাস প্ৰশ্বাস জনিত অসুবিধা) নামৰ মহামাৰীৰ স্মৃতি সজীৱ কৰি তোলে। মহামাৰী নিৰ্মূলৰ ক্ষেত্ৰত চীনে অত্যাধিক গোপনীয়তা অৱলম্বন কৰা দেখা গৈছিল যিহেতু ই চীনৰ বাণিজ্যিক সম্পৰ্কত অসুবিধা সৃষ্টি কৰিব বুলি আশংকা কৰা হৈছিল। ষড়যন্ত্ৰ সূত্ৰ(conspiracy theory)সমূহৰ মতে জৈৱিক অস্ত্ৰ পৰীক্ষাৰ ফলশ্ৰুতিতে এই মহামাৰীৰ উৎপত্তি হৈছে। এইটো সন্দেহজনক যে এই মহামাৰীৰ মুখ্য কাৰণ হয়তো কেতিয়াও পোহৰলৈ নাহিব। কানাডা ভিয়েটনাম আৰু ছিংগাপুৰে সফলতাপূৰ্বক এই চাৰ্চ মহামাৰীৰ লগত মোকাবিলা কৰিবলৈ সক্ষম হৈছে। চীনে ইয়াৰ উপলব্ধ সৰ্বতোপ্ৰকাৰৰ সম্পদ আৰু আহিলা ব্যৱহাৰ কৰি এই মহামাৰীৰ বিপক্ষে যুজঁ দিয়া দেখা গৈছে । স্মতব্য যে চাৰ্চত আক্ৰান্ত ৮০০০ লোকৰ মাজত ৮০০ লোকৰ মৃত্যু ঘটিছিল। ২০০৯ বর্ষত ছোৱাইন ফ্লুত আক্ৰান্ত ২.৫ লাখ লোকৰ ৩০০০জনে প্ৰাণ হেৰুৱাইছিল। কেৱল ২০১৪ বৰ্ষতে প্ৰায় ৭০০০ লোকে ইবলা ভাইৰাছত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। কৰণা ভাইৰাছ যিয়ে এক বিভীষিকাৰ সৃষ্টি কৰিছে,অতি কম সময়ৰ ভিতৰতে ই বাণিজ্য আৰু ব্যৱসায়ৰ ক্ষেত্ৰত অস্থিৰতাৰ সৃষ্টি কৰিছে। জলকীয়াৰ মূল্য দ্ৰুত গতিত হ্ৰাস পাইছে। জলকীয়াৰ ৰপ্তানিৰ ক্ষেত্ৰত বৃহৎ বজাৰ হিচাপে চিহ্নিত গুণ্টুৰৰ বজাৰ খনত চীনলৈ ৰপ্তানি হোৱা জলকীয়াৰ পৰিমাণ হ্ৰাস হোৱাৰ বাবে ব্যাপক লোকচান দেখা পোৱা গৈছে। চুৰাতৰ হীৰাৰ বাণিজ্য উদ্যোগৰ পৰা অন্যান্য ক্ষেত্ৰলৈকে প্ৰায় সমূহ ক্ষেত্ৰতে প্ৰচণ্ড লোকচানৰ মুখামুখি হ'ব লগীয়া হৈছে । ২০০২ চনত চাৰ্চ ৰ প্ৰাদুৰ্ভাৱ দেখা দিয়াৰ সময়ত চীন বিশ্ব বাণিজ্য সংস্থাৰ নতুন সদস্য ৰূপে অন্তৰ্ভুক্ত হৈছিল। এই লোকচানৰ দ্বাৰা আজি সকলো দেশেই যি সকলৰ চীনৰ লগত বাণিজ্যিক চুক্তি আছে সেইবোৰ দেশ বেয়াকৈ প্ৰভাৱিত হৈছে । অন্যহাতে বৰ্ধিত মৃত্যুৰ হাৰে জনসাধাৰণৰ মাজত ব্যাপক অনিশ্চয়তাৰ সৃষ্টি কৰিছে।

কৰ'ণা ভাইৰাছ সমগ্ৰ বিশ্বতে বনজুইৰ দৰে এক ভয়ংকৰ গতিত বৃদ্ধি পাব ধৰিছে

যদিওবা চীনে ইয়াৰ সকলো ধৰণৰ কৌশল আৰু সমল ব্যৱহাৰ কৰি এই মহামাৰী প্ৰতিৰোধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে,কিন্তু পৰিস্থিতি এতিয়াও নিয়ন্ত্ৰণৰ বাহিৰত। হংকং আৰু ফিলিপাইনছত কৰ'ণা ভাইৰাচৰ ফলত হোৱা মৃত্যুৰ বাবে ইয়াৰ বাণিজ্যিক পৰ্যটন ক্ষতিগ্ৰস্ত হব লগা হৈছে। দেশ দুখনৰ ঘৰুৱা পৰ্যটন ব্যৱস্থাও যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে।ভাৰত চৰকাৰেও কেৰালাৰ তথ্যৰ ভিত্তিত আন আন ৰাজ্যকো সতৰ্ক হবলৈ আহ্বান জনাইছে। তেলেংগানা চৰকাৰে কৰ'ণা আক্ৰান্ত বুলি সন্দেহ কৰা ৰোগী সকলক ব্যক্তিগত চিকিৎসালয়ৰ পৰা চৰকাৰী চিকিৎসালয়লৈ স্থানান্তৰ কৰাৰ নিৰ্দেশ দিছে । সন্দেহ যুক্ত ৰোগীসকলক গান্ধী চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে। উৎকৃষ্ট চিকিৎসা সেৱাৰ ক্ষেত্ৰত ১৯৫ দেশৰ ভিতৰত ভাৰতৰ স্থান হ'ল ১৪৫ সংখ্যক। প্ৰতি বছৰে ২৪ লাখ মানুহ মৃত্যু মুখত পৰিব লগীয়া হয় চিকিৎসা সেৱাত পলম হোৱা বাবে। কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব ৰাজ্য সমূহক উপযুক্ত সেয়া আগবঢ়োৱাৰ বাবে সজাগ কৰি তোলাতে শেষ হৈ নাযায়। যিখন দেশ হৰ্ষোল্লাস আৰু সমদলৰে পৰিপূৰ্ণ,তাত জনসাধাৰণৰ সজাগতা আৰু স্বাস্থ্য সেৱা প্ৰদানেই হৈছে এই মহামাৰী নিয়ন্ত্ৰণৰ একমাত্ৰ উপায়। সন্দেহজনক ঘ্টনা বা ব্যক্তি সকলক অতি শীঘ্ৰে ব্যৱস্থা লোৱা উচিত। কৰ'ণা ভাইৰাছ,যিটো নেকি চীনত সংহাৰী ৰূপ লোৱা পৰিলক্ষিত হৈছে, ই ভাৰততো এক সংহাৰী ৰূপ ধাৰণ কৰিব পাৰে যদিহে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰে।

লগতে চাওকঃআমগুৰিত ইউনিছেফৰ সহযোগত অনুষ্ঠিত লোকসংস্কৃতিৰ কৰ্মশালা

ABOUT THE AUTHOR

...view details