অসম

assam

ETV Bharat / bharat

চন্দ্ৰযান-2 ৰ শেহতীয়া তথ্য : ইছৰোৰ কাৰ্যালয়ৰ পৰা দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে - chandrayaan-2 live update

পুৱা 8 বজাত ইছৰোৰ বাংগালোৰৰ কাৰ্যালয়ৰ পৰা দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

chandrayaan-2 mission

By

Published : Sep 7, 2019, 4:54 AM IST

Updated : Sep 7, 2019, 5:20 AM IST

04:29 চেপ্তেম্বৰ 07

পুৱা 8 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুখ্য কাৰ্যালয়ৰ পৰা দেশবাসীক সম্বোধন কৰিব ISRO য়ে প্ৰকাশ কৰিলে এইকথা ৷

03:48 চেপ্তেম্বৰ 07

আমি আপোনালোকৰ লগত আছো @ISRO, আমি এদিন সফল হ’ম- নিৰ্মলা সীতাৰমণ ৷

03:45 চেপ্তেম্বৰ 07

ISRO ৰ বৈজ্ঞানিকসকলক চন্দ্ৰযান-2 ৰ অভূতপূৰ্ব কামৰ বাবে টুইটাৰযোগে শুভেচ্ছা প্ৰাক্তন কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ ৷ তেওঁলোকৰ কষ্ট অথলে নাযায়, তেওঁলোকৰ সাধনা আৰু কঠোৰ পৰিশ্ৰমৰ আদৰ্শই দেশবাসীক উৎসাহিত কৰিব বুলিও মন্তব্য প্ৰাক্তন কংগ্ৰেছ সভাপতি গৰাকীৰ ৷

03:21 চেপ্তেম্বৰ 07


ভাৰতীয় মহাকাশ গৱেষণা সংস্থা: ‘‘সম্প্ৰতি তথ্যসমূহ বিশ্লেষণ কৰি থকা হৈছে ৷ এতিয়ালৈকে আমাৰ হাতত ফলাফল আহি পোৱাহি নাই ৷ তাৰ বাবে অলপ সময়ৰ প্ৰয়োজন ৷ আমি এতিয়াও নিশ্চিত নহয় ৷’’ সংবাদমাধ্যমৰ আগত এইকথা প্ৰকাশ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বৈজ্ঞানিকৰ ৷

02:41 চেপ্তেম্বৰ 07

ভাৰতে বৈজ্ঞানিকসকলক লৈ গৌৰৱাম্বিত : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

টুইটাৰযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰকাশ কৰে যে, বৈজ্ঞানিকসকলক লৈ সমগ্ৰ দেশে গৌৰৱ কৰে ৷ তেওঁ কয়, "তেওঁলোকে নিজৰ ফালৰ পৰা যিমান দূৰ সম্ভৱ সম্পূৰ্ণ চেষ্টা কৰিলে যাক লৈ দেশে সদায় গৌৰৱ কৰিব ৷ এই সময়খিনি আমাৰ বাবে উৎসাহজনক আৰু আগলৈও হৈ থাকিব ৷ ISRO ৰ অধ্যক্ষই চন্দ্ৰযান-2 ৰ যথাসম্ভৱ তথ্য প্ৰকাশ কৰিছিল ৷ কঠোৰ পৰিশ্ৰম কৰি ভৱিষ্যতেও আন আন মহাকাশ অভিযানৰ কাম কৰি যাম, আমি আশাবাদী" ৷

02:36 চেপ্তেম্বৰ 07

‘বিফলতাসমূহ পাহৰিবলৈ শিকা’, শিক্ষাৰ্থীসকলক উদ্দেশ্যি নৰেন্দ্ৰ মোডী

‘বিফলতাসমূহ পাহৰিবলৈ শিকা’, শিক্ষাৰ্থীসকলক উদ্দেশ্যি নৰেন্দ্ৰ মোডী

চন্দ্ৰযান-2 ৰ বিক্ৰম অৱতৰণ চাবলৈ সুযোগ পোৱা ISRO ত উপস্থিত শিক্ষাৰ্থীসকলৰ সৈতে মতবিনিময় কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ শিক্ষাৰ্থীসকলক উদ্দেশ্যি তেওঁৰ ভাষ্য, ‘‘এইটো এটা বৃহৎ লক্ষ্য ৷ এই বৃহৎ লক্ষ্যটোক সৰু সৰুকৈ বিভাজন কৰা, তোমালোকৰ সাফল্যসমূহ আৰু শিকনিবোৰ এটা এটাকৈ সংযোজন কৰা আৰু বিফলতাসমূহ পাহৰি পেলোৱা ৷’’

02:27 চেপ্তেম্বৰ 07

‘সাহসী হোৱা’, বৈজ্ঞানিকসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোডী

‘সাহসী হোৱা’, বৈজ্ঞানিকসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোডী

হতাশাৰ চাপ পৰা বৈজ্ঞানিকসকলক সান্তনা দি মোডীৰ ভাষ্য, আৰু অধিক ভাল হোৱাৰ আশা ৰাখক তথা সাহসী হওক ৷


02:19 চেপ্তেম্বৰ 07

2.1 কিলোমিটাৰত অৱস্থান কৰাৰ পাচতেই বিক্ৰম লেণ্ডাৰৰ সৈতে সংযোগ বিচ্ছিন্ন ISRO ৰ

2.1 কিলোমিটাৰত অৱস্থান কৰাৰ পাচতেই বিক্ৰম লেণ্ডাৰৰ সৈতে সংযোগ বিচ্ছিন্ন ISRO ৰ: কে ছিভান

চন্দ্ৰপৃষ্ঠৰ পৰা 2.1 কিলোমিটাৰ আঁতৰত অৱস্থান কৰাৰ সময়লৈ সকলো নিয়মিতভাৱে চলি আছিল, কিন্তু তাৰ পাচতেই সংযোগ বিচ্ছিন্ন হোৱাত সকলো অনিশ্চয়তাৰ মাজলৈ সোমাই যায় ৷ ভাৰতীয় গৱেষণা সংস্থাৰ মুখ্য কাৰ্যালয়ৰ পৰা এইকথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে সংস্থাৰ অধ্যক্ষ কে. ছিভানে ৷

Last Updated : Sep 7, 2019, 5:20 AM IST

ABOUT THE AUTHOR

...view details