অসম

assam

ETV Bharat / bharat

নীতিশ কুমাৰ চৰকাৰক কটাক্ষ চিৰাগ পাচৱানৰ

দেশত চলি থকা লক ডাউনৰ ফলত বিহাৰত ১৪.৫ লাখ লোকে ৰেচন নোপোৱাৰ বাবে জে ডি ইউ চৰকাৰ দায়িত্বশীল । এই অভিযোগ চিৰাগ পাচৱানৰ ।

By

Published : Apr 25, 2020, 8:48 AM IST

Chirag Paswan slams JDU over ration procurement in Bihar
Chirag Paswan slams JDU over ration procurement in Bihar

নিউজ ডেস্ক, ২৫ এপ্ৰিলঃ শুকুৰবাৰে বিহাৰত নীতিশ কুমাৰৰ চৰকাৰে দৰিদ্ৰ লোকক লক ডাউনৰ সময়ত সকাহ দিয়াত বিফল হৈছে বুলি উল্লেখ কৰে লোক জনশক্তি দলৰ সভাপতি চিৰাগ পাচৱানে । চিৰাগ পাচৱানে কয়, প্ৰায় ১৪.৫ লাখ লোকক বিহাৰত ৰেচন কাৰ্ড দিয়াত বিফল হৈছে বিহাৰৰ জে ডি ইউ চৰকাৰ । যাৰ বাবে এইসকল লোক কেন্দ্ৰৰ সাহায্যৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে ।

কেন্দ্ৰই বাৰম্বাৰ অনুৰোধ কৰা সত্বেও বিহাৰ চৰকাৰে কোনো গঠনমূলক পদক্ষেপ গ্ৰহণ নকৰিলে । এই মাহৰ আৰম্ভণিতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক দৰিদ্ৰ যাৰ যাৰ ৰেচন কাৰ্ড নাই তেনে লোকৰ তথ্য় দিয়াৰ নিৰ্দেশ দিছিল । কিন্তু জে ডি ইউ চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে । বিহাৰৰ পৰা আচৰিত ভাৱে ১৪.৫ লাখ লোক আছে যাৰ হাতত ৰেচন কাৰ্ড নাই ।

লক ডাউনৰ ফলত দেশজুৰি বহু লোক এতিয়া অৰ্থনৈতিক সংকটত ভুগিবলগীয়া হৈছে । আনহাতে ৰেচন কাৰ্ড নথকাৰ বাবেই এতিয়া বহু লোক কেন্দ্ৰৰ সাহায্যৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে ।

চিৰাগ পাচৱানৰ এই প্ৰতিক্ৰিয়া পিতৃ কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাচৱানে ৰাজ্য চৰকাৰ সমূহক দৰিদ্ৰ সকলক ৰেচন কাৰ্ডৰ যোগান ধৰাৰ পুনৰ আহ্বান কৰাৰ পাচতেই আহিছে । ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনতে কেন্দ্ৰই ৰেচন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে । অৱশ্যে চিৰাগ পাচৱানে আশা প্ৰকাশ কৰিছে যে, আগন্তুক সময়ত এই ক্ষেত্ৰত নীতিশ কুমাৰ চৰকাৰে কিছু পদক্ষেপ কৰিব ।

ABOUT THE AUTHOR

...view details