অসম

assam

গালৱান উপত্যকাৰ ভাৰত-চীন সীমান্তত চীনা সৈন্যৰ অৱস্থান !

By

Published : Jun 4, 2020, 4:35 AM IST

গালৱান উপত্যকাৰ এটা অঞ্চলত চীনৰ লাইন অৱ এক্সুৱেল কন্ট্ৰ'লৰ পৰা কিছুদূৰৈত চীনা সৈন্যই অৱস্থান ৷ দুয়োখন দেশৰ মাজত অব্যাহত আছে সীমা বিবাদ ৷

Chinese troops move few hundred yards back in Galwan Nala
Chinese troops move few hundred yards back in Galwan Nala

নিউজ ডেস্ক, 4 জুন : লাডাখত সংঘটিত সীমা বিবাদ সমাধানৰ বাবে ভাৰত-টীনৰ মাজত আলোচনা চলি থকাৰ মাজতে গালৱান নালা সীমান্ত অঞ্চলৰ পৰা মাত্ৰ কেইশ মান খোজ দূৰত অৱস্থান কৰিছে চীনা সৈন্যই ৷ গালৱান উপত্যকাৰ এটা অঞ্চলত চীনৰ লাইন অৱ এক্সুৱেল কন্ট্ৰ'লৰ পৰা কিছুদূৰৈত চীনা সৈন্যই অৱস্থান কৰা বুলি প্ৰকাশ কৰিছে বিশেষ সূত্ৰই ৷

বিগত তিনি-চাৰি দিন ধৰি অঞ্চলটো পিপল্চ লিবাৰেশ্যন আৰ্মিৰ কোনো চাল চলন দেখা যোৱা নাই, বৰঞ্চ ভাৰতীয় সেনাইহে নিজৰ ফালে সুৰক্ষা দি আছে ৷ পূব লাডাখ অঞ্চলত চীনৰ বায়ুসেনাই আকাশমাৰ্গৰ নিয়ম ভংগ কৰি যুদ্ধ বিমান চলোৱাৰ লগতে চীনা হেলিকপ্টাৰ চলোৱাৰো এটা বিষয় উত্থাপন কৰিছে ভাৰত আৰু চীনে ৷

ভাৰত-চীন সীমান্তত চীনা সৈন্যৰ অৱস্থান !

পূৱ লাডাখ অঞ্চলত বৰ্তমান দুয়োখন দেশৰে সেনাৰ সংখ্যা প্ৰায় সমান আৰু দুয়োখন দেশেই অনাকাংশিত যিকোনো পৰিস্থিতিৰ বাবে আৰ্টিলাৰী আৰু আন অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত হৈ আছে, য'ত 1967 চনৰ পাচত এটাও গুলী ফুটা নাই ৷

বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে, বিগত দুবছৰে সুৰক্ষা বাহিনীয়ে উপগ্ৰহ চিত্ৰ আৰু চোৰাংচোৱাৰ খবৰ অনুসৰণ কৰি আহিছে, যাৰ পৰা এইটো জানিব পৰা গৈছে যে, ভাৰতৰ লাইন অৱ এক্কুৱেল কন্ট্ৰ'লৰ ঠিক কাষতেই চীনে ৰাস্তা আৰু আন কেতবোৰ আন্তঃগাঁথনি নিৰ্মাণ কৰিছে ৷

সূত্ৰৰ মতে, চীনে এই সমূহ নিৰ্মাণ কৰাৰ পাচতেই ভাৰতেও উন্নত যোগাযোগ ব্যৱস্থাৰ বাবে বি আৰ অ'ৰ জৰিয়তে পথ নিৰ্মাণ কৰিছে ৷ গালৱান নালা অঞ্চলত ভাৰতৰ পেট্ৰ'লিং লাইনৰ সমীপৰেই চীনা হেলিকপ্তাৰ উৰিছে যদিও তেওঁলোকে ভাৰতৰ বিমান সেই অঞ্চলত উৰা বুলি অভিযোগ তুলিছে ৷

লগতে পঢ়ক:কৰ্ণাটকত ৰাজনৈতিক নাটক : 'অল ইজ নট ৱেল' য়েডুৰাপ্পা চৰকাৰৰ !

ABOUT THE AUTHOR

...view details