নেশ্যনেল ডেস্ক, 15 ছেপ্তেম্বৰ:চীনেই সৃষ্টি কৰিছিল ক'ৰণা ভাইৰাছ ! এই চাঞ্চল্যকৰ অভিযোগ এগৰাকী চীনা বিজ্ঞানীৰ ৷ সমগ্ৰ বিশ্বৰ স্বাভাৱিক জীৱনযাত্ৰাক দীৰ্ঘকালৰ বাবে স্তব্ধ কৰি তোলা ক'ৰণা ভাইৰাছৰ উৎপত্তিক লৈ এগৰাকী চীনা ভাইৰাছবিদে পোহৰলৈ আনিছে এই ভয়ংকৰ সত্য ৷ চীন দেশৰে এগৰাকী বিজ্ঞানীৰ দাবী যে, ক'ৰণা ভাইৰাছক আচলতে সৃষ্টিহে কৰা হৈছিল ৷ নিজৰ দাবীক সঁচা প্ৰমানিত কৰি বিজ্ঞানী গৰাকীয়ে আনকি তথ্যভিত্তিক কেতবোৰ বৈজ্ঞানিক প্ৰমাণো দাঙি ধৰিছে ৷ তেওঁ দাবী কৰিছে যে, মাৰাত্মক ভাইৰাছবিধক ভাইৰাছবিধৰ অভিকেন্দ্ৰ চীনৰ য়ুহান চহৰৰ এটা চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত পৰীক্ষাগাৰত সৃষ্টি কৰা হৈছিল ৷
'লুজ ওমেন' শীৰ্ষক এটা ব্ৰিটিছ টক শ্ব' ৰে হোৱা এক বিশেষ বাৰ্তালাপত বিজ্ঞানী ডঃ লি মেঙ য়ানে সদৰি কৰে যে, য়ুহান চহৰত 'নতুন নিউমনিয়া' বিধৰ ওপৰত এক তদন্ত কৰিবৰ কাৰনে তেওঁক দায়িত্ব দিয়া হৈছিল ৷ তেওঁ কয় যে, তদন্তকালিন সময়ত তেওঁ ক'ৰণা ভাইৰাছৰ সমগ্ৰ প্ৰক্ৰিয়াটো পোহৰলৈ আনিছে ৷ ডঃ লি মেঙে কয় যে, চীনত উদ্ভাৱিত এই নতুন নিউমনীয়া বিধৰ ওপৰত ডিচেম্বৰ আৰু জানুৱাৰী মাহত দুটাকৈ গৱেষণা চলাইছিল ৷ তেওঁ লগতে কয় যে, নিজৰ গৱেষণাৰ প্ৰতিবেদন বিশ্ব স্বাস্থ্য সংস্থাত কৰ্মৰত পৰ্যৱেশক গৰাকীৰ সন্মুখত প্ৰদৰ্শন কৰিবলৈ তেওঁ সিদ্ধান্ত লৈছিল যদিও তেওঁক নিৰৱে থাকিবলৈ ভাবুকি দিয়া হ'ল ৷
ভাইৰাছবিদ গৰাকীয়ে দাবী কৰে যে, তেওঁৰ পৰ্যৱেশক গৰাকীৰ লগতে বিশ্ব স্বাস্থ্য সংস্থাৰ ফালৰ পৰাও তেওঁ কোনো আগ্ৰহ নেদেখাৰ পৰিপ্ৰেক্ষিতত এজন বিখ্যাত চীনা ইউটিউবাৰক তেওঁ সম্পৰ্ক কৰে ৷ তাৰ পাছতে চীনা ভাষাত ভাইৰাছবিধৰ আঁৰৰ ৰহস্য অনাবৃত কৰি বহু কথা পোহৰলৈ আহে ৷ এক আশ্চৰ্যকৰ মন্তব্য কৰি তেওঁ দাবী কৰিছিল যে, এই ভাইৰাছ প্ৰকৃতিৰ পৰা নহয় বৰঞ্চ য়ুহানস্থিত চীনা চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত পৰীক্ষাগাৰতহে ইয়াৰ উৎপত্তি ঘটোৱা হৈছিল ৷ চীন মিলিটেৰী ইন্সটিটিউচনে আৱিস্কাৰ কৰা চি চি-45 আৰু জে ড এক্স চি-41 নামৰ দুবিধ ক'ৰণা ভাইৰাছ বিশ্বত্ৰাস ক'ভিড-19ৰ ভিত্তি বুলিও বিজ্ঞানী গৰাকীয়ে দাবী কৰে ৷ তেওঁ কৰা দাবীৰ বৈজ্ঞানিক ভিত্তিৰ ওপৰত কৰা প্ৰশ্নত ভাইৰাছবিদ গৰাকীয়ে কয় যে, চাইনীজ চেন্চাৰ ফৰ দিজিচ কণ্ট্ৰল এণ্ড প্ৰিভেনশ্যন, স্থানীয় চিকিৎসক তথা চীনৰ অন্য লোকৰ তথ্য তেওঁৰ হাতত মজুত আছে ৷