চীনে যোগান ধৰা ছেটেলাইটে সহায় কৰিব বানাক্ৰান্ত অঞ্চল চিনাক্তকৰণত - Kaziranga National Park
ভৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ISRO ৰ এক অনুৰোধ মৰ্মে চীনে ভাৰতবৰ্ষক যোগান ধৰিব এনে ছেটেলাইট ৷ চীনা ৰাষ্ট্ৰদূত শ্বান য়েডুঙে এই কথা জানিবলৈ দি কয় যে, এই ছেটেলাইটৰ জৰিয়তে ভাৰতবৰ্ষৰ বানাক্ৰান্ত অঞ্চলসমূহ চিনাক্ত কৰি বানৰ সময়ত সকলো ৰাইজক সাহাৰ্য প্ৰদান কৰাত সহায়ক হ'ব , লগতে বান সমস্যা সমাধানৰ ক্ষেত্ৰতো সহায় কৰিব ৷

নতুন দিল্লী, 26 জুলাইঃ বানাক্ৰান্ত ৰাইজৰ বাবে আহিছে ভাল খবৰ ৷ এতিয়াৰ পৰা ছেটেলাইট যোগে চিনাক্ত কৰিব পাৰিব বান বিধ্বস্ত অঞ্চল সমূহ ৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ISRO ৰ এক অনুৰোধ মৰ্মে চীনে ভাৰতবৰ্ষক যোগান ধৰিব এনে ছেটেলাইট ৷ চীনা ৰাষ্ট্ৰদূত শ্বান য়েডুঙে এই কথা জানিবলৈ দি কয় যে, এই ছেটেলাইটৰ জৰিয়তে ভাৰতবৰ্ষৰ বানাক্ৰান্ত অঞ্চলসমূহ চিনাক্ত কৰি বানৰ সময়ত সকলো ৰাইজক সাহাৰ্য প্ৰদান কৰাত সহায়ক হ'ব , লগতে বান সমস্যা সমাধানৰ ক্ষেত্ৰতো সহায় কৰিব ৷ উল্লেখযোগ্য যে, প্ৰত্যেক বছৰে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত যেনে অসম, বিহাৰ, মণিপুৰ, মিজোৰাম ইত্যাদিত বাৰিষা অত্যাধিক বৰষুণৰ ফলত সৃষ্টি হোৱা বানত বহু লোকৰ মৃত্যু হোৱাৰ লগতে বহু বন্যপ্ৰাণীৰ মৃত্যু হয় ৷ সেয়ে চীনে যোগান ধৰিব বিচৰা এই ছেটেলাইটে নিশ্চিতভাৱে বানৰ সময়ত উদ্ধাৰ অভিযান শক্তিশালী কৰি তুলিব ৷