অসম

assam

ETV Bharat / bharat

চীনত ক'ৰোনা ভাইৰাছত মৃত্যু সংখ্যা 425 জনলৈ বৃদ্ধি, আক্ৰান্ত প্ৰায় 20,438 গৰাকী - China virus latest news

বৰ্তমান বিশ্বৰ আন আন দেশসমূহে চীনা নাগৰিকক বা শেহতীয়াকৈ চীন ভ্ৰমণত যোৱা লোকক নিজ দেশত নিষিদ্ধ কৰিছে ৷ ক'ৰোনা ভাইৰাছ সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাই মন্তব্য, ক'ৰোনা ভাইৰাছ সংক্ৰান্তীয় ঘটনাৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে, কাৰণ এতিয়াও বহু সন্দেহজনক ৰোগী পৰীক্ষণ কৰিবলৈ বাকী আছে ৷

China virus death toll rises to 425, total cases now 20,438
চীনত ক'ৰোনা ভাইৰাছত হোৱা মৃত্যুৰ সংখ্যা 425 জনলৈ বৃদ্ধি

By

Published : Feb 4, 2020, 12:53 PM IST

Updated : Feb 4, 2020, 2:20 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 4 ফেব্ৰুৱাৰী: মঙলবাৰে চীনৰ চৰকাৰী তথ্যত প্ৰকাশ, নতুন ভাইৰাছবিধৰ আক্ৰমণৰ ফলত চীনৰ মুখ্য ভূমিত মৃত্যুৰ সংখ্যা 425 গৰাকীলৈ বৃদ্ধি, আৰু এই ভাইৰাছ সংক্ৰমণৰ এতিয়ালৈ মুঠ 20,438 তথ্য পঞ্জীয়ন হৈছে ৷

দেশখনে 10 দিনত নিমাৰ্ণ সম্পূৰ্ণ কৰা এখন নতুন হাস্পতাল মুকলি হোৱাৰ পাছত এটা নতুন তথ্য পোহৰলৈ আহিছে ৷ মুদ্ৰাই বিত্তীয় বজাৰত প্ৰভাৱ পেলোৱাৰ লগতে মানুহৰ মনত ভাইৰাছৰ আশংকা বৃদ্ধি পোৱাত স্বাভাৱিক জীৱন স্তব্ধ হৈ পৰিছে পৰিছে ৷

জাপানীছ চৰকাৰে সিদ্ধান্ত অনুসৰি এখন জাহাজত চীনৰ পৰা 3000 জাপানী মানুহক লৈ যোৱাৱ ব্যৱস্থা কৰিছিল ৷ কিন্তু জাহাজখনত যাবলগীয়া এজন ৰোগীৰ শৰীৰত এই ভাইৰাছৰ উপস্থিতিৰ প্ৰমান পোৱা গৈছিল ৷

চীনৰ এই ভাইৰাছ প্ৰভাৱৰ কেন্দ্ৰস্থল হুবেই অঞ্চলত 1000 বিচনাযুক্ত এখন বিশেষ হাস্পাতালত ৰোগী সকলৰ চিকিৎসা আৰম্ভ কৰা হৈছে আৰু অতি শীঘ্ৰে 1500 বিচনাযুক্ত দ্বিতীয়খন চিকিৎসালয় মুকলি হ'ব ৷

বৰ্তমান বিশ্বৰ আন আন দেশসমূহে চীনা নাগৰিকক বা শেহতীয়াকৈ চীন ভ্ৰমণলৈ যোৱা লোকক নিজ দেশত নিষিদ্ধ অথবা কটকটীয়া মেডিকেল পৰীক্ষণ বা নিষ্কাশনৰ ব্যৱস্থা কৰিছে ৷ ক'ৰোনা ভাইৰাছ সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাই মন্তব্য দিয়ে যে, ক'ৰোনা ভাইৰাছ সংক্ৰান্তীয় ঘটনাৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে, কাৰণ এতিয়া বহু সন্দেহজনক ৰোগী পৰীক্ষণৰ কৰিবলৈ বাকী আছে ৷

চীনৰ ৰাষ্ট্ৰপতি জিংপিঙয়ে কমিউনিষ্ট পাৰ্টীৰ শীৰ্ষ বৈঠক এখনত অংশগ্ৰহণ কৰি কয় যে, "এই মহামাৰী প্ৰতিৰোধৰ বাবে,আমি এখন জনসাধাৰণৰ যুদ্ধ আৰম্ভ কৰিছো ৷"

তেখেতে কমিউনিষ্ট পাৰ্টীৰ পলিটব্যুৰো স্থায়ী কমিটিক কয় যে,ভাইৰাছ সংক্ৰমণ বৃদ্ধিক প্ৰতিৰোধ কৰিবলৈ দেশে সময়ৰ অনুপাতে যিকোনো পদক্ষেপ ল'ব লাগিব ৷ বৰ্তমান সময়ত যি নিজৰ দায়িত্বক অৱজ্ঞা কৰে তেওঁলোকক শাস্তি বিহা হ'ব ৷ চিচিটিভি উপলব্ধ থকা ৱাৰ্ডসমূহ মেডিকেল সা-সঁজুলি আৰু ভেণ্টিলেচন প্ৰণালীৰে সুসজ্জিত আছে আৰু অতিশীঘ্ৰে 1500 বিচনাযুক্ত হাস্পতালখন মুকলি কৰা হ'ব ৷

লগতে পঢ়ক:গোৱালাপাৰৰ ৰংজুলিত শোকাৱহ বাছ দুৰ্ঘটনাঃ এইপৰ্যন্ত নিহত 6 জন

Last Updated : Feb 4, 2020, 2:20 PM IST

ABOUT THE AUTHOR

...view details