অসম

assam

ETV Bharat / bharat

চীনে গোপনীয়ভাৱে উত্তৰ-পূৱৰ বিদ্ৰোহী সংগঠনসমূহক ব্যৱহাৰ কৰিছে : আৰ এন ৰবি - নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবি

চীনে পূব ভাৰতত বিদ্ৰোহী সংগঠন সমূহৰ জৰিয়তে গোপনীয় ভাৱে অশান্তিৰ সৃষ্টি কৰি আহিছে ৷ বৌদ্ধিক মঞ্চ নৰ্থ ইষ্টৰ দ্বাৰা আয়োজিত এটা ফেচবুক লাইভযোগে উত্তৰ-পূৱৰ সন্ত্ৰাসবাদত চীনৰ ভূমিকা সম্পৰ্কত স্পষ্টভাৱে মন্তব্য আগবঢ়ায় নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিয়ে ৷

China using NE insurgents covertly and selectively: Ravi
চীনে গোপনীয় আৰু নিৰ্বাচনীৰূপত উত্তৰ-পূৱৰ বিদ্ৰোহৰ প্ৰয়োগ কৰিছে : আৰ এন ৰবি

By

Published : Jul 25, 2020, 8:16 AM IST

Updated : Jul 25, 2020, 9:27 AM IST

নিউজ ডেস্ক, 25 জুলাইঃ দেশত ক'ভিড-19 ৰ ত্ৰাস চলি থকাৰ সময়তে শুকুৰবাৰে নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিয়ে জনায় যে, চীনে পূব ভাৰতত বিদ্ৰোহী সংগঠন সমূহৰ জৰিয়তে মুক্তভাৱে অশান্তি সৃষ্টি কৰি আহিছে ৷ ৰাজ্যপাল গৰাকীয়ে বৌদ্ধিক মঞ্চ নৰ্থ ইষ্টৰ দ্বাৰা আয়োজিত এটা ফেচবুক লাইভযোগে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰাৰ সময়ত উত্তৰ-পূৱৰ সন্ত্ৰাসবাদত চীনৰ ভূমিকা সম্পৰ্কত স্পষ্টভাৱে উল্লেখ কৰে ৷

লগতে, চীন সৰ্বশক্তিমান দেশ হোৱাৰ কথা উল্লেখ কৰি ৰাজ্যপাল গৰাকীয়ে পুনৰ কয় যে, ভাৰতে কেনেকৈ চীনক সাম্ভাব্য প্ৰতিদ্বন্দী হিচাপে নিজকে প্ৰস্তুত কৰি তুলিব সেই সম্পৰ্কেও উল্লেখ কৰে ৷ লগতে তেওঁ পুনৰ কয় যে, এইখিনিয়েই সেইখিনি ঠাই, য’ত চীনৰ দ্বাৰা উৎসাহিত কৰা বিদ্ৰোহী গোষ্ঠীসমূহৰ প্ৰক্সী অ’পাৰেশ্যনৰ তথ্য পোহৰলৈ আহে ৷ উত্তৰ-পূৰ্বাঞ্চলৰ বিচ্ছিন্নতাবাদী সংগঠনসমূহৰ বাবে চীনৰ সহায়-সহযোগিতা গোপন আৰু নিৰ্বাচনী ৷

উত্তৰ-পূৱ আৰু দেশৰ অন্য প্ৰান্তত অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰিবলৈ চীনৰ কূটনীতিৰ নতুন পদ্ধতিৰ কথা উল্লেখ কৰি তেওঁ কয় যে, সেনা ভিত্তিক বিদ্ৰোহৰ উপৰিও চীনৰ প্ৰগতিশীল নীতিয়ে জনপ্ৰিয় মতামতত প্ৰভাৱ পেলাইছে ৷

ৰাজ্যপাল গৰাকীয়ে কয় যে, ৰেড ড্ৰেগনে অতি তীক্ষ্ণতাৰে খেল খেলি আছে ৷ ই গোষ্ঠীসমূহৰ মাধ্যমেৰে কাম কৰি আছে আৰু বিকাশ প্ৰকল্পত সময় ব্যয় কৰিছে ৷

আনহাতে, বুদ্ধিজীৱি আৰু শিক্ষাবিদসকলে চীনা ম’বাইল ফোন বৰ্জন কৰিবলৈ আহ্বান জনোৱা সন্দৰ্ভত তেওঁ কয় যে, চীনৰ দ্বাৰা শক্তিশালী লবী প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বিশাল বিনিয়োগ কৰা হয়, যাতে ভাৰতে বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব পাৰে ৷ যিহেতু চীনে এক বৃহৎ ট্ৰিলিয়ন অৰ্থব্যৱস্থাৰ দ্বাৰা বিকশিত হৈছে, গতিকে তেওঁলোকে এনেকুৱা গতিবিধিত জাতীয় ক্ৰিয়াকলাপৰ অংশ ব্যয় কৰিব পাৰে ৷

অসমৰ আলফা আন্দোলনত চীনৰ ভূমিকা সন্দৰ্ভত তেওঁ কয় যে, ঐতিহাসিক ৰূপত চীনে এই অস্থিৰ স্থিতিৰ বিভিন্ন সশস্ত্ৰ গোষ্ঠীক গোপনভাৱে সমৰ্থন কৰি এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৷ সাম্প্ৰতিক পৰিস্থিতিত এইটো হৈছে অধিক চিন্তিত বিষয়সমূহৰ ভিতৰত অন্যতম ৷ ইয়াৰ পাচত চীনে সশস্ত্ৰ সংগঠনৰ উন্নতিৰ বাবে হাঠিয়াৰ, অবৈধ বজাৰৰ জৰিয়তে সহায় আগবঢ়ায় ৷

লগতে পঢ়ক : সুদীৰ্ঘ বছৰৰ অন্তত ৰাম মন্দিৰ নিৰ্মাণ হোৱাটো ভাৰতৰ বাবে গৌৰৱৰ বিষয়ঃ উমা ভাৰতী

Last Updated : Jul 25, 2020, 9:27 AM IST

ABOUT THE AUTHOR

...view details