অসম

assam

ETV Bharat / bharat

টাইৱানত অস্ত্ৰ বিক্ৰীৰ ক্ষেত্ৰত আমেৰিকাক বাধা চীনৰ

ৰায়থন টেকন’ল’জী কৰ্পৰেশ্যন আৰু বিক্ৰীৰ সৈতে জড়িত আমেৰিকান ব্যক্তি ইয়াৰ দ্বাৰা প্ৰভাৱিত হ’ব ৷ কেনে ধৰণৰ জৰিমনা হ’ব পাৰে আৰু কেতিয়া জৰিমণা বিহা হ’ব, সেই সম্পৰ্কে একো জনোৱা হোৱা নাই ৷

China to sanction US companies over Taiwan arms
টাইৱানত অস্ত্ৰ বিক্ৰীৰ ক্ষেত্ৰত আমেৰিকাক বাধা চীনৰ

By

Published : Oct 26, 2020, 8:45 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 26 অক্টোবৰ :টাইৱানৰ প্ৰতিদ্বন্দী অস্ত্ৰ সৰবৰাহৰ বাবে ব’য়িঙৰ প্ৰতিৰক্ষা ইউনিট আৰু লকহিড্ মাৰ্টিনসহ মাৰ্কিন সামৰিক ঠিকাদাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ সুৰক্ষা আৰু বেইজিঙৰ কৌশলী উচ্চাকাংশাৰ বাবে ৱাশ্বিংটনৰ সৈতে মত-বিৰোধ আৰম্ভ হৈছে ৷

ৰায়থন টেকন’ল’জী কৰ্পৰেশ্যন আৰু বিক্ৰীৰ সৈতে জড়িত আমেৰিকান ব্যক্তি ইয়াৰ দ্বাৰা প্ৰভাৱিত হ’ব ৷ কেনে ধৰণৰ জৰিমনা হ’ব পাৰে আৰু কেতিয়া জৰিমণা বিহা হ’ব, সেই সম্পৰ্কে একো জনোৱা হোৱা নাই ৷ ক্ষমতাত থকা কমিউনিষ্ট পাৰ্টীয়ে দাবী কৰিছে যে, টাইৱান 1949 চনত গৃহযুদ্ধৰ সময়ত মূল ভূ-খণ্ডৰ পৰা বিভক্ত হৈছিল ৷ যাৰ বাবে ইয়াৰ অংশ হিচাবে আক্ৰমণ কৰাৰ হুংকাৰ দিছে ৷

ৱাশ্বিংটনে আশীৰ দশকত টাইৱানৰ সৈতে অস্ত্ৰ বিক্ৰী হ্ৰাস কৰা আৰু প্ৰায় শেষ কৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰু বেইজিঙৰ সৈতে থকা বিবাদ শান্তিপূৰ্ণভাৱে নিষ্পত্তি কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল ৷ চীন-আমেৰিকাৰ সুৰক্ষা, প্ৰযুক্তি, কৰ’ণা ভাইৰাছ মহামাৰী আৰু মানৱ অধিকাৰ সম্পৰ্কীয় বিবাদৰ মাজতে দুয়ো দেশৰ সম্পৰ্কৰ অধিক অৱনতি ঘটিছে ৷

টাইৱানে দীৰ্ঘদিন ধৰি সম্পৰ্কৰ ক্ষেত্ৰত বিৰক্তি প্ৰকাশ কৰিছিল ৷ এই দ্বীপৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰৰ সৈতে ৱাশ্বিংটনৰ কোনো আনুষ্ঠানিক সম্পৰ্ক নাই যদিও দুয়ো দেশ মূল মিত্ৰ ৷ মাৰ্কিন আইনে টাইৱানে আত্মৰক্ষা কৰিব পাৰে নে নোৱাৰে তাৰ নিশ্চয়তা চৰকাৰৰ পৰা বিচাৰে ৷ অস্ত্ৰ বিক্ৰীৰ পৰিমাণ অৱশ্যেই টাইৱানত বৃদ্ধি পাইছে ৷

লগতে পঢ়ক :আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন 2020ঃ আক্ৰমণ-প্ৰত্যাক্ৰমণ অব্যাহত

ABOUT THE AUTHOR

...view details