নিউজ ডেস্ক, ১৯ জুন : লাডাখত ভাৰত-চীন সীমান্তত দুই দেশৰ সৈন্যৰ মাজত হোৱা সংঘৰ্ষত ২০ জন ভাৰতীয় সেনা নিহত হৈছে ৷ আনহাতে,চীনৰ সংবাদ প্ৰতিষ্ঠান এ এন আই-এ প্ৰকাশ কৰা অনুসৰি, সংঘৰ্ষৰ ফলত ৪৩ জন চীনা সৈনিক নিহত বা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি প্ৰকাশ কৰিছে ৷ অৱশ্যে সেনাই এই বিষয়ে বিতং তথ্য সদৰী কৰা নাই ৷
উল্লেখযোগ্য যে,ভাৰত-চীনৰ মাজত ভয়ংকৰ যুদ্ধকালীন পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ৪ দশকৰ পাছত সীমান্তত দুই দেশৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটিছে ৷ চীন-ভাৰতৰ এই সংঘাতৰ বাবে বৰ্তমান তীব্বতেও প্ৰতিক্ৰীয়া ব্যক্ত কৰিছে ।