অসম

assam

চীনক "বিস্তাৰবাদী" ৰূপত চোৱাতো ভিত্তিহীনঃ চীনৰ মুখপাত্ৰ

By

Published : Jul 4, 2020, 1:18 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে লাডাখনত উপস্থিত হৈ "বিস্তাৰবাদৰ সময় শেষ" হোৱা বুলি কৰা কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে চীনে । চীনক "বিস্তাৰবাদী" ৰূপত চোৱাতো ভিত্তিহীন বুলি আখ্যা দিয়ে চীনৰ এগৰাকী মুখপাত্ৰই ।

লাডাখত উপস্থিত প্ৰধানমন্ত্ৰী মোডী
লাডাখত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

নিউজ ডেস্ক,৪ জুলাইঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৩ জুলাই লাডাখৰ উপস্থিত হৈ ভাৰতীয় সেনাক সম্বোধন কৰা ভাষণ প্ৰসংগত কোৱা "Age Of Expansionism Is Over" সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে চীনে । শুকুৰবাৰে চীনৰ এগৰাকী মুখপাত্ৰই প্ৰধানমন্ত্ৰীৰ মোডীৰ "বিস্তাৰবাদী" ভাবধাৰাক ভিত্তিহীন বুলি আখ্যা দিয়ে ।

চীনৰ এগৰাকী মুখপাত্ৰই ভাৰতৰ দূতবাসৰ টুইটযোগে মত প্ৰকাশ কৰে যে,চীনে ১৪ খন চুবুৰীয়া ৰাষ্ট্ৰৰ ১২ খনৰ সৈতে শান্তিপূৰ্ণ বাৰ্তাৰ মাধ্যমেৰে সীমা নিৰ্ধাৰণ কৰিছে। স্থল সীমান্তত বন্ধত্বপূৰ্ণ সহযোগিতাৰে সীমা নিৰ্ধাৰণ কৰিছে । চীনক বিস্তাৰবাদী ৰূপত চোৱা,চুবুৰীয়া সৈতে বিবাদসমূহ অতিৰঞ্জিত কৰা ভিত্তিহীন ।

৩ জুলাই শুকুৰবাৰে লেহত উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱট ৷ সূত্ৰ অনুসৰি,ইষ্টাৰ্ন লাডাখ চেক্টৰত বৰ্তমানৰ পৰিস্থিতি সম্পৰ্কত ৰাৱটে 15 কৰ্পছৰ পৰা তথ্যও সংগ্ৰহ কৰে ৷

আনহাতে,লেহত উপস্থিত হৈ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলী জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে,"ভাৰত মাৰ প্ৰতি তেখেতসকলৰ সাহস আৰু সমৰ্পণ অদ্বিতীয় । লেহ,লাডাখৰ পৰা ছিয়াচিনলৈকে,কাৰ্গিলৰ আৰু গালৱানৰ বৰফৰ পানী,পাহাৰ সকলোতে ভাৰতীয় সেনাৰ বীৰত্বৰ সাক্ষী হৈ আছে । এতিয়া বিস্তাৰবাদৰ সময় শেষ হৈছে,এইটো বিকাশৰ যুগ । ইতিহাস সাক্ষী আছে বিস্তাৰবাদৰ বলেৰে হয়টো পৰাজয় হৈছে নহলে পিছুৱাই যাবলৈ বাধ্য হৈছে ।"

চীনক "বিস্তাৰবাদী" ৰূপত চোৱাতো ভিত্তিহীনঃ চীনৰ মুখপাত্ৰ

উল্লেখ্য যে, গালৱান উপত্যকাত চীনৰ সেনাৰ সৈতে হোৱা সংঘৰ্ষত ভাৰতৰ 20 গৰাকীকৈ সেনা শ্বহীদ হোৱাৰ পাচতে সীমান্তত উদ্বিগ্নতা বৃদ্ধি পায় ৷ বিগত মাহৰ পৰাই সীমান্ত বিবাদৰ বাবে দুই দেশৰ শীৰ্ষ নেতৃবিন্দই সমস্যা সমাধানৰ বাবে আলোচনাত মিলিত হৈ আহিছে ৷

লগতে চাওকঃ সিন্ধু দৰ্শন পূজাত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোডীৰ

ABOUT THE AUTHOR

...view details