নিউজ ডেস্ক, 22 ফেব্ৰুৱাৰীঃচীনৰ হুবেই চহৰৰ কেন্দ্ৰস্থলত শনিবাৰে কৰ'ণা ভাইৰাছত আক্ৰান্ত ঘটনাৰ সংখ্যা 397টালৈ হ্ৰাস পোৱাৰ লগতে এইকেইদিনত হুবেই অঞ্চলটোত 109 জন লোকৰ মৃত্যু হৈছে ৷ শেহতীয়াকৈ চীনে সদৰি কৰে এই তথ্য ৷
চীনৰ মুখ্য প্ৰান্তত ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা মুঠ 76,288 জন বুলি চিনাক্ত হৈছে আৰু ইয়াৰ ভিতৰত 2,345 জন লোক মৃত বুলি ঘোষণা কৰা হৈছে ৷ ইতিমধ্যে চীন চৰকাৰে চূড়ান্তভাৱে পৃথক পৃথক ভ্ৰমণৰ নিষেধাজ্ঞা জাৰি কৰিছে ৷ কিয়নো, বিগত বৰ্ষৰ ডিচেম্বৰত ভাইৰাছত আক্ৰান্ত যাত্ৰীসকলৰ পৰা এই ভাইৰাছ পৃথিৱীৰ ভিন্ন প্ৰান্তলৈ বিয়পি পৰিছে ৷ শুকুৰবাৰে দৈনিক গণনা অনুসৰি এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা 889 জনতকৈ কম হয় ৷