অসম

assam

ETV Bharat / bharat

আমেৰিকাৰ সৈতে পাৰমাণবিক অস্ত্ৰ আলোচনা নাকচ চীনৰ

শুকুৰবাৰে আমেৰিকাৰ সৈতে পাৰমাণবিক অস্ত্ৰ আলোচনাত অংশ লোৱাৰ সম্ভাৱনাক প্ৰত্যাখ্যান কৰিছে চীনে । ৱাশ্চিংটনৰ এক সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য । আমেৰিকা আৰু ৰাছিয়াৰ তুলনাত চীনৰ হাতত সৰু পাৰমাণবিক অস্ত্ৰ আছে গতিকে এই আলোচনা চক্ৰলৈ চীনক আমন্ত্ৰণ জনোৱাতো উচিত হোৱা নাই বুলি উল্লেখ কৰে ।

china-rejects-prospect-of-joining-arms-control-talks-with-us
china-rejects-prospect-of-joining-arms-control-talks-with-us

By

Published : Jul 11, 2020, 12:28 AM IST

নিউজ ডেস্ক, ১০ জুলাই : শুকুৰবাৰে আমেৰিকাৰ সৈতে পাৰমাণবিক অস্ত্ৰ আলোচনাত অংশ লোৱাৰ সম্ভাৱনাক প্ৰত্যাখ্যান কৰিছে চীনে । ৱাশ্চিংটনৰ এক তথ্যত প্ৰকাশ পাইছে এই তথ্য ।

চীনৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ Zhao Lijian এ সাংবাদিকৰ আগত জনোৱা অনুসৰি, এই প্ৰস্তাৱৰ কাৰণে আমেৰিকা কেতিয়াও সুস্থিৰ নাছিল ।

উল্লেখ্য যে, তথাকথিত ত্ৰিপক্ষীয় অস্ত্ৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চীনৰ আপত্তি সদায় স্পষ্ট আছিল । briefing নামৰ দৈনিক বাতৰি কাকতখনত প্ৰকাশ পোৱা Zhao Lijian ৰ মন্তব্য অনুসৰি, আমেৰিকাই এই বিষয়ত সদায় চেষ্টা অব্যাহত ৰাখিছে আৰু চীনৰ স্থিতিকো ধংস কৰি আছে । জানিব পৰা মতে, আমেৰিকা আৰু ৰাছিয়াৰ পিচতে চীনে পাৰমাণবিক অস্ত্ৰৰ ক্ষেত্ৰত স্থিতি দখল কৰিবলৈ সক্ষম হৈছে । ইফালে, আমেৰিকাই দুসপ্তাহ পূৰ্বে এই সম্পৰ্কত আলোচনা কৰাৰ ক্ষেত্ৰত চীনৰ অনুপস্থিতি উল্লেখ কৰিছে ।

বিদেশ মন্ত্ৰালয়ৰ অস্ত্ৰ নিয়ন্ত্ৰণ বিভাগৰ Fu Cong এ বুধবাৰে জনায় যে, আমেৰিকা আৰু ৰাছিয়াৰ তুলনাত চীনৰ হাতত সৰু পাৰমাণবিক অস্ত্ৰ আছে গতিকে এই আলোচনা চক্ৰলৈ চীনক আমন্ত্ৰণ জনোৱাতো উচিত হোৱা নাই বুলি উল্লেখ কৰে ।

লগতে পঢ়ক : ডিব্ৰুগড়লৈ ভাবুকি: বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ

ABOUT THE AUTHOR

...view details