নিউজ ডেস্ক, ২৩ জুন :চীন-ভাৰতৰ সীমা বিবাদক কেন্দ্ৰ কৰি সংঘাত সৃষ্টি হৈ থকাৰ সময়তে চীনে চক্ৰান্তমূলকভাবে নেপালৰ এখন গাঁও নিজৰ দখললৈ আনিছে । মংগলবাৰে এক চৰকাৰী সূত্ৰই জনোৱা অনুসৰি, চীনে লাহে-লাহে নেপালৰ বিভিন্ন অঞ্চল দখল কৰাত লাগিছে ।
তথ্য অনুসৰি, চীনে নেপালৰ গোৰখা জিলাৰ ৰুই গাঁওখন নিজৰ অধীনলৈ আনিছে । উক্ত গাঁওখন চীনে দখল কৰাৰ পিচতে গাঁওখনৰ ৭২ টা পৰিয়ালক নিজৰ অধীনলৈ অনাৰ চেষ্টা চলাই আছে । ইয়াৰ লগতে এইটোও গম পোৱা যায় যে, কেনেকৈ নেপালৰ বৰ্তমানৰ শাসন ব্যৱস্থাৰ ওপৰত চীনে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে ।
ইয়াৰ উপৰিও চীনে উক্ত গাঁওখনৰ উপৰিও নেপালৰ ১১ টা অঞ্চল নিজৰ দখলত আনিছে । নেপালৰ চাৰিখন গাঁৱৰ নেপালৰ চাৰিখন জিলাৰ ৩৬ হেক্টৰ ভূমি যি অঞ্চলত চীনা সীমান্ত আছে । কিন্তু বৰ্তমানলৈ নেপাল চৰকাৰে এই সম্পৰ্কত কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই । কিন্তু তথ্য অনুসৰি, চীনে বিগত দুই বছৰৰ পৰা সেই ভূমি দখল কৰিছে ।
লগতে, চুকি গাঁওখন নেপালৰ মানচিত্ৰত আছে আৰু হিমালয় ৰাষ্ট্ৰৰ অংশ হয় । যাৰবাবে সেই অঞ্চলৰ লোকে সদায় নিজকে উক্ত অঞ্চলৰ অংশীদাৰ বুলি ভাবে । কিন্তু চীনৰ হাতৰ আঙুলিত নেপালে বিভিন্ন কাম কৰি থকা বুলি উল্লেখ কৰিছে । লগতে চীনৰ নিৰ্দেশ মতে নেপালে ভাৰতৰ তিনিখন গাঁও দখল কৰাৰ বাবে চেষ্টা চলোৱা বুলি উল্লেখ কৰিছে ।
শেহতীয়াভাৱে নেপালে এক নতুন মানচিত্ৰৰ জৰিয়তে ভাৰতৰ কিছু অংশ অন্তৰ্ভুক্ত কৰাৰ বাবে চেষ্টা চলাইছে । কিন্তু ভাৰতে নেপালৰ উক্ত মানচিত্ৰখনক একেষাৰে নস্যাৎ কৰিছে ।