নিউজ ডেস্ক,21 অক্টোবৰ : পূৱ লাডাখৰ সীমা বিবাদৰ পাচত দেওবাৰে সন্ধানহীন হোৱা চীনা সৈন্যক শীঘ্ৰেই মুক্তি দিয়াৰ আশা প্ৰকাশ কৰিছে চীনা কৰ্তৃপক্ষই ৷
উল্লেখ্য যে,সোমবাৰে পূৱ লাডাখৰ ডেমচোক চেক্টৰত ভাৰতীয় সেনাই এগৰাকী চীনা সৈন্য়ক উদ্ধাৰ কৰিছিল,যেতিয়া তেওঁ বাস্তৱিক নিয়ন্ত্ৰণ ৰেখা (LAC)ত বিপথগামী হৈছিল ৷ উক্ত ঘটনাত দুই বিশাল সেনা বাহিনী মোতায়েন কৰা হৈছিল ৷
আনহাতে ভাৰতীয় সেনাৰ মন্তব্য অনুসৰি,Chinese People's Liberation Army (PLA)ৰ এগৰাকী কৰ্প’ৰেল সেনা ৱাং য়া লং নামেৰে চিনাক্ত হৈছে ৷ তেওঁক সোধ-পোচ কৰাৰ পাচত চুলচুল-মল্ডো সীমাত চীনা সৈন্যৰ হাতত তেওঁক গতাই দিয়া হ’ব ৷
PLAৰ থিয়েটাৰ কামাণ্ড তথা জ্যেষ্ঠ কৰ্ণেল ঝাং চুইলীয়ে সদৰি কৰা মতে,‘‘18 অক্টোবৰৰ সন্ধিয়া চীন-ভাৰত সীমান্ত অঞ্চলত নিখোঁজ হোৱা চীনা সেনাগৰাকীক শীঘ্ৰেই ভাৰতে চীনৰ হাতত হস্তান্তৰ কৰিব বুলি চীনে আশা প্ৰকাশ কৰিছে’’ ৷