নতুন দিল্লী,21 জুন :অৰুণাচল প্ৰদেশৰ মাটিত চীনৰ শেনচকু ৷ চীনে ভাৰতৰ ভূমি আগ্ৰাসন কৰিবলৈ চলাই থকা প্ৰচেষ্টা পুনৰ আহিছে চৰ্চালৈ ৷ এইবাৰ অৰুণাচলৰ এজন সাংসদে উত্থাপন কৰিছে এই অভিযোগ ৷ কেন্দ্ৰীয় চৰকাৰৰ আঁচনি সমূহত অৰুণাচল প্ৰদেশৰ বাবে বিশেষ ৰেহাই থকাটো উচিত বুলিও মন্তব্য কৰিছে বিজেপি সাংসদ তাপিৰ গাৱে ৷
অৰুণাচলত চীনৰ ৰঙা চকুঃ চৰকাৰী আঁচনিয়ে নাপাই ঢুকি সীমান্ত অঞ্চল - বিজেপি
অৰুণাচল প্ৰদেশৰ বিজেপি সাংসদ তাপিৰ গাৱে প্ৰকাশ কৰা অনুসৰি চীনে সদায়েই ভাৰতৰ ভূমি দখলৰ চেষ্টা চলাই আহিছে ৷ ভাৰতৰ সীমান্ত অঞ্চলৰ জনসাধাৰণে জীৱন ধাৰণৰ মান উন্নীতকৰণৰ বাবে সীমান্ত অঞ্চলসমূহ ত্যাগ কৰাৰো সুবিধা গ্ৰহণ কৰি আহিছে চীনে ৷
অৰুণাচল প্ৰদেশৰ বিজেপি সাংসদ তাপিৰ গাৱে প্ৰকাশ কৰা অনুসৰি চীনে সদায়েই ভাৰতৰ ভূমি দখলৰ চেষ্টা চলাই আহিছে ৷ ভাৰতৰ সীমান্ত অঞ্চলৰ জনসাধাৰণে জীৱন ধাৰণৰ মান উন্নীতকৰণৰ বাবে সীমান্ত অঞ্চলসমূহ ত্যাগ কৰাৰো সুবিধা গ্ৰহণ কৰি আহিছে চীনে ৷
সাংসদগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰে অৰুণাচল প্ৰদেশৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত পথ নিৰ্মাণত ৰেহাই প্ৰদান কৰিব লাগে বুলি মন্তব্য কৰে ৷ কিয়নো আঁচনিখনৰ নিয়ম অনুসৰি 250তকৈ কম জনসংখ্যা থকা ঠাইত এই আঁচনিৰ অধীনৰ পথ নিৰ্মাণ কৰিব নোৱাৰে ৷ কিন্তু অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাইত জনসংখ্যা আঁচনিখনৰ নিৰ্ধাৰিত সংখ্যাতকৈ যথেষ্ঠ কম ৷ সীমান্ত অঞ্চলৰ লোকসকলে যেতিয়া চৰকাৰী আঁচনি সমূহৰ সুবিধা লাভ নকৰাৰ ফলত চহৰলৈ ঢাপলি মেলে ৷ ইয়াৰ সুবিধা গ্ৰহণ কৰে চীনে ৷ সাংসদ গৰাকীয়ে অৰুণাচল প্ৰদেশলৈ বায়ু পথ আৰু স্থলপথেৰে যোগাযোগৰ দিশটো সংসদত উত্থাপন কৰিব বুলিও মন্তব্য কৰে ৷ বায়ু পথেৰে যোগাযোগৰ কঠিনতাৰ বিষয়েও সাংসদ গৰাকীয়ে মন্তব্য কৰে ৷ সাংসদগৰাকীয়ে লগতে বৰ্তমানৰ চৰকাৰখনে সোনকালেই নামনি সোৱণশিৰি প্ৰকল্পৰ কামো আৰম্ভ হ'ব বুলি আশা প্ৰকাশ কৰে ৷