অসম

assam

ETV Bharat / bharat

চীন সীমান্তৰ সংঘাতৰ মাজতে ভাৰতক সমৰ্থন জাপানৰ - চীন সীমান্তৰ সংঘাতৰ মাজতে ভাৰতক সমৰ্থন জাপানৰ

চীন ভাৰতৰ মাজত উদ্ভৱ হোৱা যুদ্ধকালীন পৰিস্থিতিৰ মাজতে সামৰিকভাৱে ভাৰতৰ পক্ষত ঠিয় দিছে এছিয়াৰ ৰঙা সূৰ্য তথা সূৰ্যোদয়ৰ দেশ জাপানে ৷ ভাৰত-জাপানৰ সামৰিক সম্পৰ্কত জ্যেষ্ঠ সাংবাদিক অৰুণিম ভূঞাৰ এক প্ৰতিবেদন ৷

চীন সীমান্তৰ সংঘাতৰ মাজতে ভাৰতক সমৰ্থন জাপানৰ
চীন সীমান্তৰ সংঘাতৰ মাজতে ভাৰতক সমৰ্থন জাপানৰ

By

Published : Jul 4, 2020, 6:06 PM IST

নিউজ ডেস্ক, 4 জুলাই : চীনৰ উপকুলৰক্ষা বাহিনীৰ দুখনকৈ জাহাজ জাপানৰ সাগৰীয় সীমান্তত প্ৰৱেশ কৰাৰ প্ৰতিবাদৰ পিচতে নতুন দিল্লীস্থিত জাপানৰ ৰাষ্ট্ৰদূত সতোষি চুজুকীয়ে লাডাখত উদ্ভৱ হোৱা ভাৰত-চীন সংঘাতক লৈ টকিঅ আৰু নতুন দিল্লীৰ মাজৰ সম্পৰ্কক লৈ ভাৰতৰ প্ৰতি মুকলি সমৰ্থন আগবঢ়াইছে ৷

বিবেকানন্দ ন্যাসৰ দ্বাৰা আয়োজিত কোভিডৰ পৰৱৰ্তী সময়ৰ ভাৰত-জাপান সম্পৰ্ক শীৰ্ষক ভাৰ্চুৱেল আলোচনাচক্ৰত ভাৰতৰ বৈদেশিক সচিব হৰ্ষবৰ্ধন শ্ৰীংগলাৰ আগত লাডাখত প্ৰকৃত নিয়ন্ত্ৰণৰেখাত উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে চীনৰ নীতিক সম্পূৰ্ণৰূপে বিৰোধ কৰে জাপানৰ ৰাষ্ট্ৰদূতগৰাকীয়ে ৷ এই আলোচনাৰ পিচতে টুইটাৰযোগে বৈদেশিক সচিব শ্ৰীংগলাৰ সৈতে এক আন্তৰিকতাপূৰ্ণ আলোচনা হোৱাৰ বিষয়ে টুইট কৰে চুজুকীয়ে ৷ চুজুকীয়ে কয় যে, “প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ লগতে ভাৰত চৰকাৰে শান্তিপূৰ্ণ সমাধানৰ বাবে লোৱা দিশত দিয়া বিশদ বিৱৰণক আদৰণি জনাইছো ৷ জাপানেও আলোচনাৰ মাধ্যমেৰে শান্তিপূৰ্ণ সমাধান বিছাৰে ৷ জাপানে প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ সীমা সলনি কৰিব বিচৰা কাৰ্যৰ বিৰোধ কৰিছো ৷”

বিগত মাহত লাডাখৰ গালৱানত চীনা সৈন্যৰ সৈতে হোৱা এক ৰক্তাক্ত শাৰিৰীক আক্ৰমণত 20গৰাকীকৈ ভাৰতীয় স্থলসেনাৰ জোৱান শ্বহীদ হৈছিল ৷ ইয়াৰ পিচতেই নতুন দিল্লী আৰু বেইজিঙৰ মাজত আমোলাতান্ত্ৰিক আৰু সামৰকি পৰ্যায়ত পৰিস্থিতি ক্ষান্ত কৰিবলৈ আলোচনা চলি আছে ৷

পূৱ চীন সাগৰৰ জাপানৰ সাগৰীয় সীমান্তৰ বিবাদযুক্ত চেনকাকু দ্বীপত শুকুৰবাবে চীনৰ দুখনকৈ উপকূলৰক্ষী বাহিনীৰ জাহাজ প্ৰৱেশ কৰাৰ পিচতেই এইদৰে চুজুকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ প্ৰতিবেদন অনুসৰি, দুখনকৈ চীনা জাহাজক চেনকাকু দ্বীপৰ সমীপৰ সাগৰত পৰিলক্ষিত হৈছিল যাক বেইজিঙে দিয়ায়ু দ্বীপ বুলি কয় ৷ চীনৰ জাহাজ দুখনে জাপানৰ এখন ব্যৱসায়িক ভেছেলক অনুসৰণ কৰি আহি আছিল ৷ শুকুৰবাৰে টকিঅ'ত অনুষ্ঠিত হোৱা এক সংবাদমেলত জাপানৰ মুখ্য কেবিনেট সচিব য়োশিহিদে চুগাই প্ৰকাশ কৰা অনুসৰি, চীনক ইতিমধ্যে জাপানক জাহাজ অনুসৰণ কৰা কাৰ্য তাৎক্ষণিকভাৱে বন্ধ কৰিবলৈ কোৱা হৈছে বুলি জানিব পৰা গৈছে ৷ "এই বিষয়টো আমি শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ আগবাঢ়িছো ৷" চুগাই এইদৰে কয় ৷

জুন 22ৰ পিচত এইদৰে প্ৰথমবাৰৰ বাবে চীনা জাহাজে জাপানৰ প্ৰাদেশিক অঞ্চলত প্ৰৱেশ কৰিছে ৷ ইয়াৰ পূৰ্বেও বেইজিঙে 80 দিন ধৰি তেওঁলোকৰ জাহাজসমূহ উক্ত অঞ্চললৈ প্ৰেৰণ কৰি আহিছিল ৷ যদিও চীন আৰু জাপান দুয়োখন দেশে চেনকাকুক নিজৰ বুলি দাবী কৰিছে টকিঅ'ই 2012চনৰ পৰাই ইয়াক প্ৰশাসনিকভাৱে নিয়ন্ত্ৰণত ৰাখিছে ৷ চেনকাকু হৈছে পাঁচটা বসতিৰ অনুপযুক্ত আৰু তিনিটা শিলাময় দ্বীপৰ দ্বীপপুঞ্জ যাৰ পৰিসৰ 800 বৰ্গমিটাৰৰ পৰা 4.32 বৰ্গ কিলোমিটাৰ ৷ এইটো অঞ্চলত চীনৰ বিস্তাৰবাদী নীতিক ইয়াৰ প্ৰতিবেশীসমূহে ক্ৰমাগতভাৱে বিৰোধিতা কৰি আহিছে ৷

ইটিভি ভাৰতৰ সৈতে হোৱা এক বাৰ্তালাপত Observer Research Foundationৰ জাপানীজ অধ্যয়নৰ এগৰাকী গৱেষক কেভি কেছাভনে প্ৰকাশ কৰা অনুসৰি, শুকুৰবাৰে চুজুকীয়ে কৰা মন্তব্যই এইটো অঞ্চলত ভাৰত আৰু জাপানৰ সামৰিক সম্পৰ্ককে প্ৰতিফলিত কৰিছে ৷ “আমি (ভাৰত আৰু জাপান) চীন সন্দৰ্ভত দ্বিপাক্ষিকভাৱে উমৈহতীয়া চিন্তাকে ধৰি অন্যান্য দিশটো সম্পৰ্ক ৰাখিছো ৷” বুলি কয় কেছাভনে ৷ তেওঁ 2017 চনত ভাৰত-চীন-ভূটানৰ ত্ৰিসংযোগস্থলী ডোকলামত ভাৰতীয় সেনা আৰু চীনৰ পিএলএৰ মাজত সংঘটিত 73দিনীয়া মুখামুখিৰ সময়ত জাপানৰ ৰাষ্ট্ৰদূত কেনজি হিৰামাটছুৱে ভাৰতৰ সমৰ্থনত কৰা মন্তব্যৰ বিষয়েও উল্লেখ কৰে ৷ “এয়া আমাৰ মাজৰ স্পষ্ট সম্পৰ্কৰ প্ৰতিফলন ৷ আমি পূৱ চীন সাগৰত জাপানৰ সৈতে হৈ থকা সন্দৰ্ভটো যথেষ্ট চিন্তাপ্ৰকাশ কৰিছো ৷” 2014 চনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পূৱ এছিয়াৰ দেশখন (জাপান) ভ্ৰমণৰ সময়তে দুয়োখন দেশৰ মাজৰ "বিশেষ বিশ্বায়ন তথা সামৰিক সম্পৰ্ক" অধিক সুদৃঢ় হৈছিল ৷

কেছাভনে প্ৰকাশ কৰা অনুসৰি, দ্বিপাক্ষিক সম্পৰ্কৰ উপৰিও, নতুন দিল্লী আৰু টকিঅ'ই ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল, যিটো অঞ্চল জাপানৰ পূৱ উপকূলৰ পৰা আফ্ৰিকাৰ পূৱ উপকূললৈ বিস্তাৰিত সেইটো অঞ্চলৰ স্থিৰতা আৰু সুৰক্ষা নিয়ন্ত্ৰণত ৰখাৰ বাবে উমৈহতীয়া সম্পৰ্ক ৰখা কৰি আহিছে ৷ “ আমি (ভাৰত আৰু জাপান) এইটো অঞ্চলৰ প্ৰাদেশিক সাৰ্বভৌমত্বৰ বাবে কাম কৰি আছো আৰু কোনো দেশে ইয়াৰ বিৰুদ্ধে শক্তি প্ৰয়োগ কৰিব নোৱাৰিব ৷ আমি এক উমৈহতীয়া আন্তৰিক আলোচনাৰ পক্ষত থাকি সাগৰত নেভিগেশ্বনৰ ক্ষেত্ৰত থকা স্বাধীনতাক সমৰ্থন কৰো ৷" কেছাভনে লগতে এইদৰে উল্লেখ কৰে ৷ এই সম্পৰ্কত কেছাভনে দক্ষিণ চীন সাগৰক লৈ চীনৰ মনোভাৱ আন এক উদাহৰণ হিচাপে উল্লেখ কৰে ৷ দক্ষিণ চীন সাগৰত চীন স্পাৰ্টলি আৰু পাৰাচেল দ্বীপপুঞ্জক লৈ অন্য দেশৰ সৈতেও বিবাদত লিপ্ত হৈছে চীন ৷ স্পাৰ্টলি দ্বীপপুঞ্জৰ ওপৰত ব্ৰুনেই, মালেছিয়া, ফিলিপাইনছ, টাইৱান আৰু ভিয়েটনামে নিজৰ দাবী উত্থাপন কৰাৰ লগতে তথা পাৰাচেল দ্বীপপুঞ্জক ভিয়েটনাম আৰু টাইৱানে নিজৰ দাবী উত্থাপন কৰি আহিছে ৷

2016 চনত আন্তঃৰাষ্ট্ৰীয় আদালতে বিশ্বৰ অন্যতম ব্যস্ত ব্যৱসায়িক সাগৰীয় পথ দক্ষিণ চীন সাগৰত চীনে ফিলিপাইনছৰ অধিকাৰ ভংগ কৰিছে বুলি উল্লেখ কৰিছিল ৷ আদালতে চীনক ফিলিপাইনছৰ মাছমৰা আৰু পেট্ৰ'লিয়াম আহৰণত বাধা দিয়াৰ লগতে উক্ত অঞ্চলত কৃত্ৰিম দ্বীপ বনাই ফিলিপাইনছৰ মাছমৰীয়াক এইটো অঞ্চলত মাছধৰা কাৰ্যত বাধা দিয়াৰ বাবে অভিযুক্ত কৰিছিল ৷ বিগত মাহতো ভিয়েটনাম আৰু ফিলিপাইনছে এইটো অঞ্চলত সাগৰীয় আইন ভংগ কৰা বুলি চীনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল ৷

এছিয়ান নেতৃত্বৰ ভাৰ্চুৱেল আলোচনাচক্ৰত “যেতিয়া সমগ্ৰ বিশ্বই কোভিড-19 মহামাৰীৰ সৈতে যুঁজ দি আছে, তেনে সময়তে দায়িত্বজ্ঞানহীনভাৱে আন্তঃৰাষ্ট্ৰীয় আইন ভংগ হৈ আছে আৰু ইয়াৰ দ্বাৰা উক্ত অঞ্চলৰ স্থিৰতা আৰু সুৰক্ষা বিপদাপন্ন হৈ পৰিছে ৷” বুলি ভিয়েটনামৰ প্ৰধানমন্ত্ৰী গুয়েন হাউন ফুকে চীনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল ৷

ৰাষ্ট্ৰদূত চুজুকীৰ মন্তব্যই ভাৰত-জাপানৰ লগতে জাপান-আমেৰিকাৰ মাজৰ বিশেষত্বকো প্ৰকাশ কৰে, যিয়ে শান্তি আৰু সংহতিৰ বাবে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত একেলগে আগবাঢ়িছে ৷ পৰ্যবেক্ষকসকলে, ইয়াক বেইজিঙৰ দ্বাৰা এইটো অঞ্চলত হোৱা আগ্ৰাসনৰ অন্যতম বিৰোধী বুলিও লক্ষ্য কৰিছে ৷

নৰেন্দ্ৰ মোডীৰ সৈতে চিনজিঅ আবে

ৰাষ্ট্ৰসংঘৰ সাগৰীয় আইন সন্মিলনক চীনে মানি চলাৰ বিষয়ে উল্লেখ কৰি কেছাভনে, চীনে কিদৰে পূৱ চীন সাগৰৰ চেনকাকু দ্বীপপুঞ্জক নিজৰ বুলি দাবী কৰিব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰে ৷ "চীনে সকলো অধিনিয়ম ভংগ কৰিছে ৷ আমি চীনে এই আইন আৰু নীতি-নিয়মসমূহ মানি চলিব বুলি বিশ্বাস কৰো ৷ চীনে লাডাখত যি সংঘটিত কৰিছে, তাৰ বাবে জাপানে ভাৰতৰ সৈতে ঠিয় দিছে ৷ যিটো জাপানে ডোকলাম কাণ্ডৰ সময়টো কৰিছিল আৰু সেয়া এতিয়াও তেওঁলোকে কৰিছে ৷" বুলি কেছাভনে উল্লেখ কৰে ৷

ABOUT THE AUTHOR

...view details